নিউজ ডেস্ক, 10 ডিচেম্বৰ : ক্ৰমান্বয়ে ভয়াৱহ হৈ পৰিছে ৰাজ্যৰ পৰিস্থিতি ৷ মঙলবাৰে গোসাইগাঁৱৰ অনঠাইবাৰীত বন্ধ সমৰ্থকে এখন যাত্ৰীবাহী অ'টোত অগ্নি সংযোগ কৰে ৷ জানিব পৰা মতে, ভাওৰাগুৰিৰ পৰা গোসাইগাঁও অভিমুখে যাত্ৰী কঢ়িয়াই অনা এখন অটো গাড়ীত অগ্নি সংযোগ কৰে বন্ধ সমৰ্থকে ৷ ফলত অ'টোখনৰ কিছু ক্ষতি হোৱাৰ লগতে জুইত জাহ যায় অ'টোখনত অহা যাত্ৰীৰ দুটা গাহৰি ৷ প্ৰতিবাদকাৰীৰ এই ভয়াৱহ ৰূপে পৰৱৰ্তী সময়ত কি পৰিস্থিতিৰ সৃষ্টি কৰে সেয়া সময়ে ক'ব ৷ সমান্তৰালকৈ কোকৰাঝাৰ ৰাসমেলা পথাৰৰ পৰা আক্ৰাছুৰ নেতৃত্বত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় সহস্ৰাধিক আক্ৰাছু নেতা-কৰ্মী আৰু পুৰুষ-মহিলাই কোচ-ৰাজবংশীৰ জনজাতিকৰণ আৰু পৃথক কমতাপুৰ গঠনৰ দাবীত এক বৃহৎ সমদল বাহিৰ কৰে ৷ সাংৱাদিকৰে হোৱা মুখামুখিত আক্ৰাছুৰ সাধাৰণ সম্পাদক জীৱেশ ৰায়ৰ লগতে উপদেষ্টা হিতেশ্বৰ বৰ্মনে বিজেপি চৰকাৰৰ প্ৰতাৰণা কোনো কাৰণতে আৰু সহ্য কৰা নহ'ব বুলি মন্তব্য কৰে ৷
আনহাতে মঙলবাৰে পুৱাৰে পৰা বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ ১২৭ নং ডি ৰঙিয়া ভূটান পথটোত কুমাৰীকাটাৰ আঞ্চলিক ছাত্র সন্থাই বিধেয়কৰ বিৰোধিতা কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ বিধেয়কৰ বিৰুদ্ধে নেছই আহ্বান জনোৱা 11 ঘন্টীয়া অসম বন্ধৰ সমৰ্থনকাৰীয়ে টায়াৰ জ্বলাই সাব্যস্ত কৰে প্ৰতিবাদ ৷