ছাপাগুৰি,১০ এপ্ৰিলঃ তুংগত উঠিছে ৫নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰচাৰ অভিযান । সমষ্টিটোত প্ৰতিটো দল সংগঠন নামি পৰিছে নিজ নিজ প্ৰাৰ্থীক বিজয়ী কৰাৰ বাবে ৷ পিচ পৰি ৰোৱা নাই বিটিচিৰ অন্যতম শক্তিশালী ৰাজনৈতিক দল ইউ পি পি এলো । সমষ্টিটোত ইউ পি পি এলৰ প্ৰাৰ্থী ইউ জি ব্ৰহ্মৰ হৈ দলটোৱে চলাইছে ব্যাপক প্ৰচাৰ অভিযান ৷ এই সন্দৰ্ভত বাক্সা জিলাৰ মুছলপুৰত অনুষ্ঠিত হয় ইউ পি পি এলৰ এখন বিশাল নিৰ্বাচনী সভা ৷ নিৰ্বাচনী সভাত ইউ পি পি এলৰ প্ৰক্ষেপিত প্ৰাৰ্থী ইউ জি ব্ৰহ্মই কোকৰাঝাৰত এইবাৰ ইউ পি পি এলৰ জয় নিশ্চিত বুলি জানিবলৈ দিয়াৰ লগতে নিৰ্বাচনত জয়ী হোৱাৰ পিচত আলফা, এন ডি এফ বি আৰু বড়োলেণ্ড সমস্যা সমাধানৰ লগতে ৰাজ্যখনৰ জ্বলন্ত সমস্যা গৰাখহনীয়াৰ বিষয়ে সংসদত উত্থাপন কৰিব বুলি জানিবলৈ দিয়ে ৷
ভাষণ প্ৰসংগত বৰ্তমানৰ সাংসদ নৱ কুমাৰ শৰণীয়াক তীব্ৰ ভাষাৰে সমালোচনা কৰি কয় যে আলফাত থাকোতে নৱ কুমাৰ শৰণীয়াই বহু লোকক হত্যা কৰিছে ৷ আনহাতে এতিয়া সাংসদ হৈ থকা সময়ত হাগ্ৰামাৰ সৈতে হাতে হাত মিহলাই কাম কৰা বুলিও অভিযোগ উত্থাপন কৰে প্ৰাৰ্থীগৰাকীয়ে ।