ETV Bharat / state

কৰ'ণাত আক্ৰান্ত হৈ কোকৰাঝাৰত কোচ-ৰাজবংশী নেতাৰ মৃত্যু

author img

By

Published : Jun 3, 2021, 5:09 PM IST

Updated : Jun 3, 2021, 5:25 PM IST

কোচ-ৰাজবংশী নেতা, ইতিহাসবিদ, প্ৰবীণ সমাজকৰ্মী বিপিন বৰ্মনৰ বিয়োগ । ক’ৰণাত আক্ৰান্ত হৈ ৮০ বছৰ বয়সত মৃত্যু নেতাগৰাকীৰ । তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে বিভিন্ন দল-সংগঠনে ।

koch rajbanshi leader
কৰ'ণাত আক্ৰান্ত হৈ কোকৰাঝাৰত কোচ ৰাজবংশী নেতাৰ মৃত্যু

কোকৰাঝাৰ,৩ জুন: ৰাজ্যত অব্যাহত আছে কৰ'ণাৰ মৃত্যুৰ কিৰিলি । কৰ'ণাত আক্ৰান্ত হৈ কোকৰাঝাৰত পুনৰ মৃ্ত্যু এজনৰ । জিলাখনৰ এগৰাকী বিশিষ্ট সমাজকৰ্মী, ইতিহাসবিদ তথা বাঁওপন্থী নেতা বিপিন বৰ্মনৰ বুধবাৰে মৃত্যু হয় । কৰ'ণাত আক্ৰান্ত হৈ ৮০ বছৰ বয়সত মৃত্যু হয় কোকৰাঝাৰ চহৰৰ হাদানপাৰাৰ নিবাসী নেতাগৰাকীৰ ।

উল্লেখ্য যে, বিপিন বৰ্মন ক’ভিডত আক্ৰান্ত হোৱাত তেওঁক কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ৰ ক’ভিড চেণ্টাৰত ভৰ্তি কৰোৱা হৈছিল । কেইবাদিনো ধৰি চিকিৎসা চলাৰ অন্তত কিছু পৰিমানে সুস্থ হোৱাত মঙলবাৰে বিয়লিৰ ভাগত তেওঁক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছিল । কিন্তু বিপিন বৰ্মন পুনৰ অসুস্থ হৈ পৰাত ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে ।

কোকৰাঝাৰ জিলাৰ হালুৱাদলত জন্মগ্ৰহণ কৰা বিপিন বৰ্মন কৃষি বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী লগতে কোচ-ৰাজবংশী সন্মিলনীৰ মুখ্য উপদেষ্টা আৰু বিভিন্ন সমাজ সংগঠনৰ লগত জড়িত থকাৰ উপৰিও এগৰাকী ইতিহাসবিদ হিচাপে পৰিচিত আছিল । কোচ-ৰাজবংশী জনগোষ্ঠীৰ পুৰোধা নেতা বিপিন বৰ্মনৰ মৃত্যুত বিভিন্ন দল-সংগঠনে শোক প্ৰকাশ কৰিছে ।

ইফালে কোকৰাঝাৰ চহৰৰ হাদানপাৰাত বিগত ২০ দিনত ক’ভিডত আক্ৰান্ত হৈ তিনি গৰাকীকৈ লোকে প্ৰাণ হেৰুৱাইছে । জিলা প্ৰশাসনে ইতিমধ্যে হাদানপাৰা এলেকাক কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে ।

লগতে পঢ়ক:কন্টেইনমেণ্ট জ'নত থকা দৰিদ্ৰ পৰিয়ালক সহায় লুৰীণজ্যোতি গগৈৰ

Last Updated : Jun 3, 2021, 5:25 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.