ETV Bharat / state

কোকৰাঝাৰত আছাৰ কৰম উৎসৱ পালন

author img

By

Published : Sep 10, 2022, 11:32 AM IST

কোকৰাঝাৰৰ ডালোৱাবাৰীত কৰম উৎসৱ পালন (Karam festival celebrated in Kokrajhar) ৷ আদিবাসী জনগোষ্ঠীৰ পৰম্পৰাগত নৃত্য-গীত আৰু ঢোল-মাদলৰ ধ্বনিত উৎসৱমুখৰ কোকৰাঝাৰ ৷

karam
karam

কোকৰাঝাৰ,১০ ছেপ্টেম্বৰ : কোকৰাঝাৰৰ নিকটৱৰ্তী ডালোৱাবাৰী চাহবাগানৰ খেলপথাৰত আদিবাসী জনগোষ্ঠীৰ কৃষিভিত্তিক তথা প্ৰকৃতিৰ স'তে নিবিড় সম্পৰ্ক থকা কৰম পূজা তথা কৰম উৎসৱ শুকুৰবাৰে দিনজোৰা বৰ্ণিল কাৰ্যসূচীৰে পালন কৰা হয় (Karam festival celebrated in Kokrajhar) ৷

সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছাৰ উদ্যোগত ডালোৱাবাৰীত এইবেলি ২৩ সংখ্যক কৰম উৎসৱ উদযাপন কৰা হয় (AASAA organised Karam puja in Kokrajhar) ৷ শুকুৰবাৰে পুৱা পতাকা উত্তোলনেৰে কৰম উৎসৱৰ দিনজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি জিতু বেকে আৰু আছাৰ সাংগঠনিক পতাকা উত্তোলন কৰে আছাৰ কোকৰাঝাৰ পশ্চিম আঞ্চলিক কমিটীৰ সভাপতি সুশীল ভক্তই (Karam Puja celebrated in Assam) ৷

উল্লেখ্য যে দিনজোৰা কাৰ্যসূচীৰ স'তে সংগতি ৰাখি সন্ধিয়া ডালোৱাবাৰী চাহবাগানত আদিবাসী জনগোষ্ঠীৰ বাৰেৰহণীয়া এক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ লগতে আমন্ত্ৰিত অতিথিসকলৰ উপস্থিতিত বঁটা বিতৰণী কৰা হয় (Symbol of love Karam Puja) ৷ পৰম্পৰাগত নৃত্য প্ৰতিযোগিতাৰ অন্তত নিশা ১০ বজাৰ পৰা ৰজ্যখনৰ বিভিন্ন প্ৰান্তৰ উপৰি পশ্চিমবংগৰ পৰা আমন্ত্ৰণ কৰি অনা শিল্পীৰ দ্বাৰা এক সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হয় (Traditional festival of Adibasi Karam Puja) ৷

মূলত আদিবাসীসকলৰ পৰম্পৰাগত কৰম পূজা উৎসৱত আদিবাসী জনগোষ্ঠীৰ পৰম্পৰাগত নৃত্য-গীত আৰু ঢোল-মাদল বাদ্যযন্ত্ৰৰে এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰি তোলে ৷ আনহাতে, সংবাদ মাধ্যমৰ আগত আছাৰ কেন্দ্ৰীয় সভাপতি ষ্টিফেন লাক্ৰাই (AASAA president Stiphen Lakra) কৰম সম্পৰ্কে কয় যে প্ৰতি বছৰে ভাদ মাহত মাহজোৰা কাৰ্যসূচীৰে আদিবাসী জনগোষ্ঠীয়ে কৰম পূজা আৰু উৎসৱ পালন কৰে ৷

কৃষিভিত্তিক কৰম পূজাৰ জৰিয়তে কৃষি পথাৰত ৰোপণ কৰা খেতি-বাতিৰ যাতে সুন্দৰকৈ ফল-ফুল হয় তাৰ বাবে কৰম দেৱতালৈ প্ৰাৰ্থনা জনোৱা হয় (Agri based festival Karam Puja) ৷ লগতে আদিবাসী যুৱক-যুৱতী বিশেষকৈ অবিবাহিতসকলে এই সময়ছোৱাত ভৱিষ্যত যুগ্ম জীৱনৰ বাবে আশীৰ্বাদ বিচাৰি কৰম দেৱতাক সেৱা-প্ৰাৰ্থনা জনায় বুলিও ছাত্ৰ নেতাগৰাকীয়ে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক :নলবাৰীত প্ৰাক্তন ছাত্ৰৰ মহানুভৱতা: চৰকাৰী বিদ্যালয়ত নিৰ্মাণ কৰি দিলে তিনিমহলীয়া ভৱন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.