ETV Bharat / state

চৰকাৰ আৰু এনডিএফবিৰ মাজৰ শান্তি চুক্তিত সমৰ্থন সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ - আজিজুল হক

বিটিএডিৰ অন্তৰ্গত পৰিষদৰ জিলা সমূহৰ এই সভাতে বিটিএডি অঞ্চলৰ গৰিয়া মৰিয়া দেশী সকলৰ সুৰক্ষাৰ স্বাৰ্থত শ্বেখ চেলিম পাটগিৰি আৰু আজিজুল হকক যুটীয়া মূখ্য সমন্বয়ক হিচাপে লৈ 'সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ' 21 জনীয়া বিটিএডি সমন্বয়ৰক্ষী সমিতিখন পুনৰ গঠন হয় ।

indigenous goriya moriya
সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ
author img

By

Published : Dec 2, 2019, 11:49 PM IST

কোকৰাঝাৰ, 2 ডিচেম্বৰঃ "বড়ো ভূমিত বসবাস কৰি থকা ইছলামধৰ্মী খিলঞ্জীয়া গৰিয়া মৰিয়া আৰু দেশীসকলক খিলঞ্জীয়া জনগোষ্ঠীয় মৰ্যদাৰে সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক আৰু ভূমিৰ অধিকাৰ সুনিশ্চিত হ'লে চৰকাৰ আৰু এনডিএফবিৰ মাজত হবলগীয়া সম্ভাব্য শান্তি চুক্তিৰ ক্ষেত্ৰত কোনো আপত্তি নাথাকে" । সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ সভাপতি হাফিজুল আহমেদে এই মন্তব্য কৰে ।

সোমবাৰে ৰঙিয়া গড়কপ্তানি আৱৰ্ত ভৱনত অনুষ্ঠিত বিটিএডিৰ অন্তৰ্গত জিলাসমূহৰ সভাত উপস্থিত থাকি কেন্দ্ৰীয় সভাপতি গৰাকীয়ে দাবী জনাই কয় যে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ উদ্যোগত চৰকাৰ আৰু এনডিএফবি (ধীৰেন গোট)ৰ মাজত হ'বলগীয়া শান্তি চুক্তিৰ ক্ষেত্ৰত অন্যান্য খিলঞ্জীয়া জনগোষ্ঠীৰ লগতে গৰিয়া মৰিয়া দেশীসকলৰ অধিকাৰ সুৰক্ষিত হ'ব লাগিব ।

কোকৰাঝাৰ
চৰকাৰ আৰু এনডিএফবিৰ মাজৰ শান্তি চুক্তিত সমৰ্থন জনাব সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে

সোমবাৰে বিটিএডিৰ অন্তৰ্গত পৰিষদৰ জিলা সমূহৰ এই সভাতে বিটিএডি অঞ্চলৰ গৰিয়া মৰিয়া দেশী সকলৰ সুৰক্ষাৰ স্বাৰ্থত শ্বেখ চেলিম পাটগিৰি আৰু আজিজুল হকক যুটীয়া মূখ্য সমন্বয়ক হিচাপে লৈ 'সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ' 21 জনীয়া বিটিএডি সমন্বয়ৰক্ষী সমিতিখন পুনৰ গঠন হয় । সভাত কেন্দ্ৰীয় চৰকাৰ আৰু এনডিএফবিৰ মাজত হবলগীয়া শান্তি চুক্তিৰ বাবে মধ্যস্থতাকাৰী বিষয়া এ.বি মাথুৰ, বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী আৰু এনডিএফবি (পি)ৰ সভাপতি ধীৰেণ বড়োক সাক্ষাৎ কৰি পৰিষদৰ দাবী সম্বলিত এক স্মাৰকপত্ৰ প্ৰদান কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয় ৷ উক্ত সভাতে কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ৰবিবুল হক আৰু গুৱাহাটী মহানগৰ সমিতিৰ সভাপতি ৰাজীৱ চৌধুৰী, ৰঙিয়া জিলা সভাপতি মোক্তাৰ হুছেইন আৰু সাধাৰণ সম্পাদক চামচূল হকৰ উপৰিও উপস্থিত থাকে বহু কেইগৰাকী বিষয়ববীয়া ।

Intro:চৰকাৰ আৰু এন ডি এফ বিৰ সাম্ভাব্য শান্তি চুক্তিত সমৰ্থন জনাব সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদে।

বড়ো ভূমিত বসবাস কৰি থকা ইছলামধৰ্মী খিলঞ্জীয়া গৰিয়া মৰিয়া আৰু দেশীসকলক খিলঞ্জীয়া জনগোষ্ঠীয় মৰ্যদাৰে সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক আৰু ভূমিৰ অধিকাৰ সুনিশ্চিত হলে চৰকাৰ আৰু এন ডি এফ বিৰ মাজত হবলগীয়া সাম্ভাব্য শান্তি চুক্তিৰ ক্ষেত্ৰত কোনো আপত্তি নাথাকে, সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদে। এই মন্তব্য সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ সভাপতি হাফিজুল আহমেদৰ।

Body:আজি ৰঙিয়া গড়কপ্তানি আবৰ্ত ভবনত অনুষ্ঠিত বি টি এ ডিৰ অন্তৰ্গত জিলাসমূহৰ সভাত উপস্থিত থাকি কেন্দ্ৰীয় সভাপতি গৰাকীয়ে দাবী জনাই কয় যে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰিৰ উদ্যোগত চৰকাৰ আৰু এন ডি এফ বি (ধীৰেন গোট)ৰ মাজত হবলগীয়া শান্তি চুক্তিৰ ক্ষেত্ৰত অন্যান্য খিলঞ্জীয়া জনগোষ্ঠীৰ লগতে গৰিয়া মৰিয়া দেশীসকলৰ সৰ্ববিষয়ৰ সুৰক্ষা নিশ্চিত হব লাগিব। উল্লেখ্য যে আজি বি টি এ ডিৰ অন্তৰ্গত পৰিষদৰ জিলাসমূহৰ এই সভাতে বিটিএডি অঞ্চলৰ গৰিয়া মৰিয়া দেশী সকলৰ সুৰক্ষাৰ স্বাৰ্থত সেখ চেলিম পাটগিৰি আৰু আজিজুল হকক যুটীয়া মূখ্য সমন্ধয়ক হিচাপে লৈ সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ ২১জনীয়া বিটিএডি সমন্বয়ৰক্ষী সমিতিখন পুনৰ গঠন কৰা হয়। গোঁসাইগাঁও জিলা সমিতিৰ কাৰ্যকৰী সভাপতি আবুল হুছেইনৰ সভাপতিত্বত অনুষ্ঠিত সভাই কেন্দ্ৰীয় চৰকাৰ আৰু এনডিএফবিৰ মাজত হবলগীয়া শান্তি চুক্তিৰ সন্দৰ্ভত এই সমন্বয়ৰক্ষী সমিতি খনক কেন্দ্ৰীয় সভাপতি /সাধাৰণ সম্পাদক সমন্বিতে শান্তি চুক্তিৰ বাবে মধ্যস্থতাকাৰী বিষয়া এ বি মাথুৰ, বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী আৰু এনডিএফবি (পি)ৰ সভাপতি ধীৰেণ বড়োক সাক্ষাৎ কৰি পৰিষদৰ দাবীসম্বলিত এক স্মাৰকপ্ৰত্ৰ প্ৰদান কৰাৰ প্ৰস্তাব গ্ৰহণ কৰে।

Conclusion:আজিৰ সভাত কেন্দ্ৰীয় সাংগঠনিক সম্পাদক কবিবুল হক আৰু গুৱাহাটী মহানগৰ সমিতিৰ সভাপতি ৰাজীৱ চৌধুৰী, ৰঙিয়া জিলা সভাপতি মোক্তাৰ হুছেইন আৰু সাধাৰণ সম্পাদক চামচূল হকৰ উপৰিও ভালেকেইগৰাকী বিষয়ববীয়া উপস্থিত থাকে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.