কোকৰাঝাৰ, 26 নৱেম্বৰ: অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ ছ’চাইটিৰ উদ্যোগত মঙলবাৰে আয়োজন কৰা হয় HIV AIDS ৰ সজাগতা সভা ৷ যুৱ- প্ৰজন্মৰ মাজত প্ৰচাৰ চলাবলৈ মাণ্ডলীক ভিত্তিত কোকৰাঝাৰত আয়োজন কৰা হয় "মিউজিক ফৰ লাইফ" শীৰ্ষক এক ব্যতিক্ৰমী অনুষ্ঠান । কোকৰাঝাৰৰ বদৌফা সাংস্কৃতিক প্ৰকল্পত নামনি অসমৰ মাণ্ডলীক ভিত্তিত আয়োজিত অনুষ্ঠানটোত আঠখন জিলাৰ মুঠ 6 টা ৰক বেণ্ডে অংশগ্ৰহণ কৰে। এই ৰক বেণ্ড সমূহৰ মাজত বিজয়ী হোৱা দলটোৱে পৰৱৰ্তী সময়ত ৰাজ্যিক ভিত্তিত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ সুবিধা লাভ কৰিব ।
উল্লেখযোগ্য যে,প্ৰতিযোগিতাখনৰ আৰম্ভণিতে শুভ উদ্বোধন কৰে বিটিচিৰ কাৰ্যবাহী সদস্য দনেশ্বৰ গোৱাৰীয়ে। এই অনুষ্ঠানত লগতে উপস্থিত থাকে বিটিচিৰ কাৰ্যবাহী সদস্য ৰাজীৱ কুমাৰ ব্ৰহ্ম,উপায়ুক্ত পাৰ্থ প্ৰতিম মজুমদাৰ,বিটিচিৰ যুটীয়া সচিব দীনেশ বড়োকে ধৰি বিটিচি জনসম্পৰ্কৰক্ষী বিষয়া সমেশ্বৰ বসুমতাৰী ৷ নামনি অসমৰ 8 খন জিলাৰপৰা অহা ছয়টা ৰক বেণ্ড পৰিৱেশন কৰা গীত সমূহ দ্বাৰা গঠিত AIDS ৰোগৰ সজাগতা সম্পৰ্ক বহুতো তথ্য এই অনুষ্ঠানত উপস্থিত ৰাইজে লাভ কৰে ।
লগতে চাওক- বুধবাৰে গুৱাহাটীত নৰ্থ ইষ্ট ইউনাইটেড বনাম মুম্বাইৰ চিটিৰ উত্তেজনাপূৰ্ণ মেচ