ETV Bharat / state

কোকৰাঝাৰত বিধায়ক শ্বেৰমান আলীৰ বিৰুদ্ধে সৰৱ হিন্দু জাগৰণ মঞ্চ - হিন্দু জাগৰণ মঞ্চৰ প্ৰতিবাদ

শুকুৰবাৰে কোকৰাঝাৰৰ চালাকাটিত বিধায়ক শ্বেৰমান আলীৰ বিৰুদ্ধে সৰৱ হিন্দু জাগৰণ মঞ্চ ৷ শ্বেৰমান আলীয়ে কলাক্ষেত্ৰত মিয়া মিউজিয়াম স্থাপনৰ দাবী তোলা কাৰ্যৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ৷

Hindu Jagaran Manch protest
শ্বেৰমান আলীৰ বিৰুদ্ধে সৰৱ হিন্দু জাগৰণ মঞ্চ
author img

By

Published : Nov 6, 2020, 5:20 PM IST

কোকৰাঝাৰ,6 নৱেম্বৰ : কোকৰাঝাৰ জিলাৰ চালাকাটিত শুকুৰবাৰে বিধায়ক শ্বেৰমান আলীৰ বিৰুদ্ধে হিন্দু জাগৰণ মঞ্চৰ প্ৰতিবাদ ৷ চালাকাটিৰ ৰাজপথত শতাধিক হিন্দু জাগৰণ মঞ্চৰ কৰ্মীয়ে শ্বেৰমান আলীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷

Hindu Jagaran Manch protest
শ্বেৰমান আলীৰ বিৰুদ্ধে সৰৱ হিন্দু জাগৰণ মঞ্চ

শেহতীয়াকৈ কলাক্ষেত্ৰত মিয়া মিউজিয়াম স্থাপনৰ দাবী তোলা বিধায়ক শ্বেৰমান আলীৰ বিৰুদ্ধে সৰৱ হৈ পৰে হিন্দু জাগৰণ মঞ্চ ৷ মঞ্চৰ নেতা যোগেশ শাস্ত্ৰীয়ে প্ৰতিবাদযোগে ভাৰতবৰ্ষত পাকিস্তান জিন্দাবাদ ধ্বনি কেতিয়াও সহ্য কৰা নহ’ব আৰু এনে বিভ্ৰান্তিমূলক মন্তব্য কৰা দেশদ্ৰোহীক আইনৰ দ্বাৰা শাস্তি প্ৰদান কৰিব লাগে বুলি চৰকাৰক দাবী উত্থাপন কৰে ৷

আনহাতে কলাক্ষেত্ৰত মিয়া মিউজিয়াম নহ’ব, শ্বেৰমান আলী মূৰ্দাবাদ, জয় শ্ৰীৰাম ধ্বনিৰে ৰাজপথ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে ৷

লগতে পঢ়ক : কংগ্ৰেছ আৰু এআইইউডিএফ পাকিস্তানী পন্থী : বিধায়ক মৃণাল শইকীয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.