কোকৰাঝাৰ, 17 নবেম্বৰ : আগন্তুক বিটিচি পৰিষদীয় নিৰ্বাচনকলৈ চৌদিশে এতিয়া নিৰ্বাচনী প্ৰচাৰ অভিযান অব্যাহত আছে বড়ো ভূমিত ৷ সমান্তৰালকৈ বিভিন্ন পৱিত্ৰ ঠাইবোৰত গৈ ভগৱান বা আল্লাৰ আৰ্শীবাদ বিচাৰি সেৱা লোৱাও পৰিলক্ষিত হৈছে ৰাজনৈতিক নেতাসকলৰ মাজত ৷
মঙলবাৰে ৰাতিপুৱাই এক ব্যতিক্ৰমী ৰূপত দেখা গল বিপিএফ সভাপতি তথা প্ৰাক্তন বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীক ৷ বড়ো গামোচা পৰিধান কৰি, ডিঙিত আৰনাই লৈ পূজা অৰ্চনা কৰা দেখা গ'ল এটা প্ৰাচীন বাথৌ মন্দিৰত ৷
কোকৰাঝাৰ জিলাৰ হুলটো গাঁওস্থিত বড়ো সকলৰ প্ৰাচীন চৌথো বাথৌ ছাগৌৰ থানচালিত গৈ পূজা-অৰ্চনা কৰে হাগ্ৰামা মহিলাৰীয়ে ৷ আগন্তুক বিটিচি নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ বিপিএফ দলক সাহস দিয়া আৰু বিজয় হোৱাৰ কামনা কৰি আশীৰ্বাদ বিচাৰিলে হাগ্ৰামা মহিলাৰীয়ে ৷
উক্ত কাৰ্যত বিপিএফৰ জ্যেষ্ঠ নেতা অৰ্থাৎ চালাকাটি পৰিষদীয় সমষ্টিৰ বিপিএফ দলৰ প্ৰাৰ্থী ডেৰহাছাদ বসুমতাৰীসহ বহু বিপিএফ কৰ্মীয়ে হাগ্ৰামা মহিলাৰীক সংগ দিয়ে ৷
লগতে পঢ়ক : ৱাজেদ আলী চৌধুৰীৰ বিৰ্তকিত মন্তব্য প্ৰসংগঃ বিধায়ক বিমল বৰা, প্ৰাক্তন মন্ত্ৰী এটুৱা মুণ্ডাৰ প্ৰতিক্ৰিয়া