কোকৰাঝাৰ, 21 অক্টোবৰ : বি টি চিৰ নিৰ্বাচনৰ দিন অদ্যাপি ঘোষণা হোৱা নাই যদিও অহা ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা একেবাৰে নিশ্চিত হৈছে । তাৰ প্ৰতি লক্ষ্য ৰাখি হাগ্ৰামা মহিলাৰী নেতৃত্বধীন বি পি এফ দলে ভোটাৰ ৰাইজৰ মাজত গৈ তীব্রতৰ ভাৱে প্ৰচাৰ সভা চলাই আছে । কোকৰাঝাৰ জিলাৰ অন্তৰ্গত তথা বনৰগাঁও পৰিষদীয় সমষ্টিৰ হালাংবাজাৰত বি পি এফে অনুষ্ঠিত কৰে ব্লক পৰ্যায়ৰ কৰ্মী সভা । দোতমা আৰু বনৰগাঁও পৰিষদীয় সমষ্টিৰ বি পি এফৰ কৰ্মী সকলোক লৈ অনুষ্ঠিত সভাত দুয়োটা সমষ্টিৰ বি পি এফৰ মনোনীত প্ৰাৰ্থী ৰাজীৱ ব্ৰহ্ম, প্ৰকাশ বসুমতাৰীৰ লগতে বি পি এফৰ উচ্চ পদস্থ নেতা সকলে অংশগ্ৰহণ কৰা সভাত উপস্থিত হয় বি পি এফৰ মুৰব্বী হাগ্ৰামা মহিলাৰী ।
সভাত হাগ্ৰামাই ভাষণত কয় যে, বি টি চি নিৰ্বাচন অহা ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহত অনুষ্ঠিত হ’ব । সেয়ে বি পি এফে বি টি চিৰ মুঠ ৩৭ পৰিষদীয় সমষ্টি সমূহত দুৰ্গা পূজাৰ পিছতে প্ৰতিটো প্ৰাইমাৰীত হিন্দু, খ্ৰীষ্টান, জৈন, বাথৌ , জয়গুৰু আদি বিভিন্ন ধৰ্মীয় লোকৰ প্ৰাৰ্থনা অনুষ্ঠান আয়োজন কৰিব । বি টি চি নিৰ্বাচনত বি পি এফ বিজয়ী হওক আৰু নিৰ্বাচন শান্তিপূৰ্ণ পাৰ হওক সেয়াই হ’ব প্ৰাৰ্থনাৰ মূল উদ্দেশ্য ।
![BTC](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-koj-bpf-camping-vis-7204384_21102020175624_2110f_1603283184_638.jpg)
দ্বিতীয়তে বি পি এফে প্ৰতিটো প্ৰাইমাৰীত আয়োজন কৰা কৰিব মহিলা সকলৰ বিশাল সভা আৰু তৃতীয়তে প্ৰতিটো প্ৰাইমাৰীত বুদ্ধিজীৱী সকলক লৈ অনুষ্ঠিত কৰা হ’ব বৌদ্ধিক সভা। বি পি এফৰ ২৮ পৰিষদীয় সমষ্টিতে বিজয় নিশ্চিত হৈছে বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে হাগ্ৰামা মহিলাৰীয়ে ।
লগতে পঢ়ক : তিনি দশকৰ অন্তত মুকলি হ’ব এখন ওলমা দলং