ETV Bharat / state

কোকৰাঝাৰত ৰাজ্যপাল জগদীশ মুখী, বিটিচিত দুৰ্নীতিমুক্ত শাসনৰ প্ৰতিশ্ৰুতি - উপায়ুক্ত, আৰক্ষী অধীক্ষক, প্ৰশাসনিক বিষয়াবৰ্গ

বিটিচি শাসনভাৰ ৰাজ্যপাল নিজ হাতলৈ লোৱাৰ পিছত আজি প্ৰথমবাৰৰ বাবে ৰাজ্যপাল জগদীশ মুখীয়ে বিটিচি সচিবালয়ত উপস্থিত হয়।

as_koj_governor_visits_btc_vis_02_rtu_7204384
কোকৰাঝাৰত ৰাজ্যপাল জগদীশ মুখী, বিটিচিত দুৰ্নীতিমুক্ত শাসনৰ প্ৰতিশ্ৰুতি
author img

By

Published : May 19, 2020, 8:11 PM IST

কোকৰাঝাৰ,19মেঃ ৰাজ্যপাল জগদীশ মুখীয়ে মংগলবাৰে বিটিচি সচিবালয়ত উপস্থিত হৈ বিটিএডিৰ চাৰিখন জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক, প্ৰশাসনিক বিষয়াবৰ্গ আৰু বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিৰ সতে বিটিচি সচিবালয়ত বৈঠকত অংশগ্ৰহণ কৰে ।ইয়াৰ পিছতে ৰাজ্যপাল জগদীশ মুখীয়ে এক সংবাদ মেলৰ আয়োজন কৰি বিটিচিত দুৰ্নীতিমুক্ত শাসনৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে । দুৰ্নীতিৰ অভিযোগ সমূহ গুৰুপ্তসহকাৰে লোৱা হৱ আৰু দুৰ্নীতিৰ প্ৰমাণিত হলে তলৰ পৰ্যায় কৰ্মচাৰীৰ পৰা আৰম্ভ কৰি উপৰলৈকে সকলোৰ ওপৰতে বিহিত ব্যবস্থা গ্ৰহণ কৰি দোষীক শাস্তি দিয়া হব বুলি মন্তব্য কৰে । লগতে কয় যে তেওঁ থকালৈকে এটা সুস্থ প্ৰশাসনৰ বাতাবৰণ দিব বুলি মন্তব্য কৰি ৰাজ্যপালে নিৰ্বাচন অধিসূচনা বৰ্তমানলৈকে অব্যাহত আছে বুলি উল্লেখ কৰে ।

কোকৰাঝাৰত ৰাজ্যপাল জগদীশ মুখী, বিটিচিত দুৰ্নীতিমুক্ত শাসনৰ প্ৰতিশ্ৰুতি

গুৱাহাটী উচ্চ ন্যায়ালয়ত বিচৰাধীন গোচৰৰ প্ৰসংগ উত্থাপন কৰি ৰাজ্যপালে অতি আত্মবিশ্বাসে কয়যে ষষ্ঠ অনুসুচিৰ নিয়মানুসৰে তেওঁ বিটিচিত ৰাজ্যপাল শাসন প্ৰৱৰ্তন কৰিছে।আনফালে বিটিএডিৰ বিভিন্ন দল সংগঠনে ৰাজ্যপালৰ শাসন কালত সুস্থ আৰু নিকা প্ৰশাসন বিচাৰিছে। নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দ্বীপেন বড়োৱে মন্তব্য কৰে যে ৰাজ্যপালৰ শাসন কালত দুৰ্নীতিমুক্ত শাসন পাম বুলি আশা কৰিছো ।

লগতে পঢ়কঃ চৰাইডেউত লক ডাউনৰ গইনা লৈ বন ধ্বংস

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.