ETV Bharat / state

Assam Police encounter: আৰক্ষীৰ গুলীত আহত ত্ৰিপুৰাৰ গাঞ্জা সৰবৰাহকাৰী - আৰক্ষীৰ গুলীত আহত ত্ৰিপুৰাৰ গাঞ্জা সৰবৰাহকাৰী

কোকৰাঝাৰত আৰক্ষীৰ গুলীত আহত গাঞ্জা সৰবৰাহকাৰী (Ganja supplier injured in Assam police firing)। আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা চলাইছিল ত্ৰিপুৰাৰ গাঞ্জা সৰবৰাহকাৰীটোৱে । ইফালে অচিনাক্ত দুষ্কৃতিকাৰীয়ে ৰহস্যজনকভাৱে জ্বলাই দিয়ে গাঞ্জা কঢ়িওৱা ট্ৰাকখন ।

Assam Police encounter
আৰক্ষীৰ গুলীত আহত ত্ৰিপুৰাৰ গাঞ্জা সৰবৰাহকাৰী
author img

By

Published : Feb 17, 2022, 11:37 AM IST

কোকৰাঝাৰ,১৭ ফেব্ৰুৱাৰী : অসম আৰক্ষীৰ এনকাউণ্টাৰ অব্যাহত আছে । এইবাৰ কোকৰাঝাৰ জিলাৰ ভাওৰাগুৰীত চলিল আৰক্ষীৰ এনকাউণ্টাৰ (Police Encounter at Kokrajhar)। আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আহত গাঞ্জা সৰবৰাহকাৰী ।

কোকৰাঝাৰ আৰক্ষীয়ে বুধবাৰে নিশা গোপন সূত্ৰৰ খবৰৰ ভিত্তিত ত্ৰিপুৰাৰ পৰা বিহাৰ অভিমুখে যোৱা AS-01-DD-8635 নম্বৰৰ এখন ট্ৰাকত চলাই তালাচী । তালাচীৰ সময়ত ট্ৰাকৰ গোপন চেম্বাৰৰ পৰা ৫৫ টা গাঞ্জা ভৰ্তি পেকেট উদ্ধাৰ কৰে আৰক্ষীয়ে । গাঞ্জাখিনিৰ ওজন প্ৰায় ৩৫০ কেজি হ'ব বুলি আৰক্ষীয়ে সদৰী কৰিছে । ইয়াৰ লগতে গাঞ্জা সৰবৰাহ কৰা ত্ৰিপুৰা সুন্দৰটিলাৰ সুমন নমো আৰু ৰাহুল সৰকাৰ নামৰ দুজন লোককো আৰক্ষীয়ে আটক কৰে ।

Assam Police encounter
আৰক্ষীৰ গুলীত আহত ত্ৰিপুৰাৰ গাঞ্জা সৰবৰাহকাৰী

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত সোধাপোছা অব্যাহত ৰখাৰ সমতে সুমন নমোয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ভাওৰাগুৰীলৈ যোৱা পথৰ দাঁতিত দুটা গাঞ্জাৰ পেকেট লুকুৱাই থোৱা বুলি স্বীকাৰ কৰে । তাৰপাছতে আৰক্ষীয়ে সুমন নমোক লৈ গাঞ্জাৰ পেকেট দুটা উদ্ধাৰ কৰিবলৈ ঘটনাস্থলীলৈ ৰাওনা হয় আৰু নিশা প্ৰায় ২ বজাত অভিযুক্তই দেখুৱাই দিয়া স্থানৰ পৰা আৰক্ষীয়ে গাঞ্জাৰ পেকেট দুটা উদ্ধাৰ কৰে ।

আৰক্ষীয়ে জনোৱা মতে অভিযুক্ত সুমন নমোয়ে সেই সময়তে সুযোগ বুজি আৰক্ষীৰ পিষ্টল কাঢ়ি গুলীয়াবলৈ উদ্যত হোৱাত আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হয় । আৰক্ষীৰ গুলি অভিযুক্ত সুমন নমোৰ সোঁভৰিৰ আঠুৰ তলত লাগে (Ganja supplier injured in Assam police firing)। গুলীবিদ্ধ সুমন নমোক আৰক্ষীয়ে প্ৰথমে কোকৰাঝাৰ আৰ এন বি চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও পাছত উন্নত চিকিৎসাৰ বাবে চিকিৎসকে বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰে ।

Kokrajhar
ট্ৰাকখন অচিনাক্ত দুষ্কৃতিকাৰীয়ে জ্বলাই দিয়ে

ইফালে ৰহস্যজনকভাৱে গাঞ্জা কঢ়িওৱা ট্ৰাকখন অচিনাক্ত দুষ্কৃতিকাৰীয়ে জ্বলাই দিয়ে । আৰক্ষীৰ সন্দেহ প্ৰমাণ নষ্ট কৰাৰ বাবেই হয়তো অচিনাক্ত লোকে গাঞ্জা কঢ়িওৱা ট্ৰাকখন জ্বলাই দিয়ে । সম্প্ৰতি সমগ্ৰ ঘটনাক লৈ আৰক্ষীৰ তদন্ত অব্যাহত আছে ।

লগতে পঢ়ক :Assam Police raid against Drugs: সৰ্থেবাৰীৰ গৰেমাৰীত ড্ৰাগছসহ এজন আটক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.