ETV Bharat / state

এযোৰ কাপোৰৰ বাবে কোকৰাঝাৰত হেতা-ওপৰা ৰাইজৰ

author img

By

Published : Aug 17, 2021, 9:08 PM IST

এটা বিনামূলীয়া কাপোৰ আৰু কিতাপ বেংক মুকলি কৰা পাচতে এক ব্যতিক্ৰমী পৰিবেশ দেখিবলৈ পোৱা গ'ল কোকৰাঝাৰত ৷ এযোৰ কাপোৰৰ বাবে ভিৰ কৰিলে শতাধিক লোকে ৷

Free clothing and book banks opened in  Kokrajhar
এযোৰ কাপোৰৰ বাবে কোকৰাঝাৰত হেতা-ওপৰা ৰাইজৰ

কোকৰাঝাৰ, 17 আগষ্ট : এযোৰ বিনামূলীয়া কাপোৰৰ বাবে হেতা-ওপৰা লাগিছে সাধাৰণ ৰাইজৰ মাজত ৷ এটা বিনামূলীয়া কাপোৰ আৰু কিতাপ বেংক মুকলি কৰা পাচতে এনে এক পৰিবেশ দেখিবলৈ পোৱা গ'ল কোকৰাঝাৰত ৷ বেংকটো মুকলি কৰাৰ মাত্ৰ কেইঘন্টাৰ মানৰ ভিতৰতে এযোৰ কাপোৰৰ বাবে ভিৰ কৰে শতাধিক লোকে ৷

উল্লেখ্য যে, লায়নচ্ ক্লাৱ(Lions club)ৰ উদ্যোগত মঙলবাৰে কোকৰাঝাৰ সদৰ চহৰত মুকলি কৰা হয় বিনামূলীয়া কাপোৰ আৰু কিতাপৰ বেংক । বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে আনুষ্ঠানিকভাৱে লায়নচ্ ক্লাৱ(Lions club)ৰ বিনামূলীয়া কাপোৰ আৰু কিতাপ বেংক মুকলি কৰে ৷

লগতে পঢ়ক: চাপৰত বৃহৎ পৰিমাণৰ ক'ফ চিৰাপ সহ তিনি সৰবৰাহকাৰীক আটক

বেংকটো মুকলি কৰাৰ পাচতে বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে কয়, দৰিদ্ৰ লোকৰ স্বাৰ্থত এক প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে লায়নচ্ ক্লাৱে ৷ ইয়াৰ লগতে জনসাধাৰণৰ প্ৰতি এনে সেৱা অটুট ৰাখিবলৈ ক্লাৱটোৰ বিষয়ববীয়াৰ লগতে সদস্য সকলক আহ্বান জনাই বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে ৷

উল্লেখ্য যে, এযোৰ কাপোৰৰ বাবেই কোকৰাঝাৰত এনেদৰে সাধাৰণ ৰাইজে ভিৰ কৰাটো বৰ্তমান সময়ত লক্ষণীয় দিশ হিচাপে বিবেচিত হৈছে । অনুষ্ঠানত কোৰাঝাৰ জিলা উপায়ুক্ত মেঘনিধি দাহাল, জিলা আৰক্ষী অধীক্ষক প্ৰতীক বিজয় থুবে, কোকৰাঝাৰ পৌৰনিগমৰ অধ্যক্ষা প্ৰতিভা ব্ৰহ্মকে ধৰি লায়নচ্ ক্লাৱৰ সদস্যসকল উপস্থিত থাকে ।

লগতে পঢ়ক: নিৰাপত্তাহীনতাত আফগানিস্তানৰ মহিলাসকল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.