ETV Bharat / state

ৰঞ্জন দৈমাৰীক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ প্ৰাক্তন এনডিএফবিৰ নেতাৰ - বিটিআৰ শান্তি চুক্তি

কাহিলীপাৰাস্থিত দশম অসম আৰক্ষী বেটালিয়ানৰ এটা সৰু বন্ধ কোঠাত ৰঞ্জন দৈমাৰীক বিগত ১২ ঘণ্টা ধৰি আৱদ্ধ কৰি থোৱাক কেন্দ্ৰ কৰি বিভিন্ন ধৰণে প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ৷ প্ৰাক্তন এনডিএফবিৰ নেতা অভিৰাম বসুমতাৰীয়ে কয়, এনডিএফবিৰ প্ৰতিষ্ঠাপক সভাপতি ৰঞ্জন দৈমাৰীক এনেদৰে বন্ধ কোঠাত আৱদ্ধ কৰি ৰখাতো ন্যায়সংগত হোৱা নাই ৷

Former NDFB leader reacts on Ranjan Daimary
ৰঞ্জন দৈমাৰীক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ প্ৰাক্তন এনডিএফবিৰ নেতাৰ
author img

By

Published : Aug 3, 2021, 10:21 PM IST

কোকৰাঝাৰ, ৩ আগষ্ট : ৰঞ্জন দৈমাৰীক গুৱাহাটীৰ কাহিলীপাৰাস্থিত দশম নং অসম আৰক্ষী বেটেলিয়ানৰ এটা সৰু বন্ধ কোঠাত বিগত ১২ ঘন্টা ধৰি আৱদ্ধ কৰি থোৱাক কেন্দ্ৰ কৰি ৰাজ্যত বিভিন্ন ধৰণে প্ৰতিক্ৰিয়া সষ্টি হৈছে ৷ মঙলবাৰে এই সন্দৰ্ভত এক সংবাদমেল সম্বোধন কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে প্ৰাক্তন এনডিএফবিৰ নেতা অভিৰাম বসুমতাৰী ওৰফে বি অনজালুৱে ৷

সংবাদমেলত প্ৰাক্তন এনডিএফবিৰ নেতা অভিৰাম বসুমতাৰীয়ে কয়, এনডিএফবিৰ প্ৰতিষ্ঠাপক সভাপতি ৰঞ্জন দৈমাৰীক যোৱা ২২ জুলাইৰ মাজনিশা কেন্দ্ৰীয় কাৰাগাৰৰ পৰা স্থানান্তৰ কৰি অসম আৰক্ষীৰ কাহিলিপাৰাস্থিত দশম বেটালিয়ানৰ এটা সৰু বন্ধ কোঠাত আৱদ্ধ কৰি ৰখা হৈছে । পৰিয়ালৰ সদস্যক কোনো ধৰণৰ অৱগত নকৰাকৈ সোধ-পোচৰ নামত এনেদৰে বন্ধ কোঠাত আৱদ্ধ কৰি ৰখাতো ন্যায়সংগত হোৱা নাই ৷

ৰঞ্জন দৈমাৰীক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ প্ৰাক্তন এনডিএফবিৰ নেতাৰ

লগতে পঢ়ক: উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষত নামভৰ্তিৰ বাবে কি কৰিব লাগিব ছাত্ৰ-ছাত্ৰীসকলে ?

"এনডিএফবিৰ প্ৰতিষ্ঠাপক সভাপতি ৰঞ্জন দৈমাৰীক সোধ-পোচৰ বাবে এনেদৰে ৰখাটো উচিত হোৱা নাই ৷ অতি সোনকালে ৰঞ্জন দৈমাৰীক বন্ধ কুঠৰীৰ পৰা মুক্তি কৰি দিব লাগে" ৷ এইদৰে মন্তব্য প্ৰকাশ কৰি প্ৰাক্তন এনডিএফবিসকলক পুনৰ গণতান্ত্ৰিক আন্দোলনত নমাৰ বাবে চৰকাৰে বাধ্য নকৰিবলৈ আহ্বান জনাই অভিৰাম বসুমতাৰীয়ে ৷

বিটিআৰ শান্তি চুক্তিৰ স্বাৰ্থতে ৰঞ্জন দৈমাৰীক মুকলি কৰি দিয়া উচিত । তদুপৰি ৰঞ্জন দৈমাৰীৰ মুক্তিৰ দাবীত প্ৰাক্তন এনডিএফবিসকল আজিও নিজৰ স্থিতিত অটল বুলি মন্তব্য প্ৰকাশ কৰিছে প্ৰাক্তন এনডিএফবিৰ নেতা অভিৰাম বসুমতাৰী ওৰফে বি অনজালুৱে ।

লগতে পঢ়ক: 'সেৱাই পঞ্চায়ত' অনুষ্ঠানত অংশগ্ৰহণ মন্ত্রী ৰণজিৎ কুমাৰ দাসৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.