কোকৰাঝাৰ, 15 ফেব্ৰুৱাৰী : মঙলবাৰে কোকৰাঝাৰ থানাৰ নৱনিৰ্মিত আৰক্ষী ভৱনটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই ৷ অসম চৰকাৰৰ "মৈত্ৰী আঁচনি" (MOITRI scheme) ৰ অধীনত নিৰ্মাণ কৰা হৈছিল এই ভৱনটো (DGP Bhaskar Jyoti Mahanta inaugurated of a new building at Kokrajhar police station) ৷
এই অনুষ্ঠানত উপস্থিত থাকি ভাস্কৰজ্যোতি মহন্তই কয় যে, যে অসমত প্ৰথম পৰ্যায়ত 75 খন থানা মৈত্ৰী আঁচনিৰ অধীনত নিৰ্মাণ কৰা হৈছিল আৰু দ্বিতীয় পৰ্যায়ত 59 খন নিৰ্মাণ কৰা হৈছে ((Mission of overall improvement of thana for responsive image scheme)) । লগতে অসমৰ আন 219 খন থানাৰ প্ৰতিখনকে নতুনকৈ নিৰ্মাণ কৰা হ’ব বুলি উল্লেখ কৰে আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে । এই নতুনকৈ নিৰ্মিত থানাৰ ভৱন জনতাৰ লগতে আৰক্ষীৰ মাজতো কাম কৰাৰ বাবে এক সুবিধাজনক পৰিৱেশৰ সৃষ্টি কৰিব বুলি সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই উল্লেখ কৰে (Assam DGP emphasises on creating people friendly police stations ) ৷
লগতে, সাধাৰণ লোক আৰু মহিলাসকলে আৰক্ষী থানালৈ আহিবলৈ ভয় কৰিব নালাগে বুলি উল্লেখ কৰি সঞ্চালক প্ৰধানগৰাকীয়ে ক’লে, আৰক্ষীয়ে সদায় জনতাৰ হিতৰ বাবে কাম কৰিবলৈ বদ্ধপৰিকৰ ৷ ইয়াৰোপৰি বিটিআৰত অশান্তিৰ যৱনিকা পৰি উন্নয়নৰ পিনে ধাৱমান হোৱা বুলিও সাংবাদিকৰ আগত উল্লেখ কৰে আৰক্ষীৰ সঞ্চালক প্ৰধানগৰাকীয়ে । তদুপৰি, ড্ৰাগছ আৰু ৰাজ্যত সংঘটিত অপৰাধৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান সদায় চলিব বুলি মন্তব্য কৰে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে (Director General of Assam Police Bhaskar Jyoti Mahanta) ।
এই উদ্বোধনী অনুষ্ঠানত বিশেষ আৰক্ষী সঞ্চালক প্ৰধান তথা বিটিআৰৰ ভাৰপ্ৰাপ্ত আইজিপি ড৹ এল আৰ বিষ্ণই , আৰক্ষী অধীক্ষক প্ৰতীক বিজয় কুমাৰ থুবে, অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰ আদিকে ধৰি আন শীৰ্ষ আৰক্ষী বিষয়াসকল উপস্থিত আছিল ৷
লগতে পঢ়ক : 2nd Veterinary College in Assam: লখিমপুৰত স্থাপিত পশু চিকিৎসা মহাবিদ্যালয়ৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ