কোকৰাঝাৰ,30 জুন: কোকৰাঝাৰ জিলাৰ কাৰিগাঁও আৰক্ষী চকীৰ অন্তৰ্গত আমগুৰীত মঙলবাৰে উদ্ধাৰ হয় এগৰাকী মহিলাৰ মৃতদেহ ৷ নদীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হোৱা মৃতদেহৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ । মৃত মহিলাগৰাকী চিৰাং জিলাৰ ৰুণীখাটাৰ 42 বছৰীয়া কোচমোটিকা টুডু বুলি চিনাক্ত কৰা হৈছে ।
ঘটনা প্ৰসংগত কাৰিগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অংগাৰাজ চেত্ৰীয়ে সদৰি কৰা মতে, পুৱা গাঁৱবাসীৰ খবৰৰ ভিত্তিত আমগুৰীৰ লুংচুং নৈৰ পৰা আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰে ৷ আৰক্ষীৰ প্ৰাথমিক তদন্তত মৃত মহিলাগৰাকী শাৰীৰিকভাৱে অসুস্থ থকাৰ কথা প্ৰকাশ পাইছে ৷
লগতে চাওকঃ বাক্সাত চানতাল জনগোষ্ঠীৰ সংহতি দিৱস