ETV Bharat / state

কোৱাৰেণ্টাইন কেন্দ্ৰৰ আৱৰ্জনাই ভাবুকি কঢ়িয়াইছে জনজীৱনলৈ - কোৱাৰেন্টাইন কেন্দ্ৰ

কোকৰাঝাৰত স্থানীয় ৰাইজৰ হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে ৷ কাৰণ কোৱাৰেন্টাইন কেন্দ্ৰৰ পৰা সৃষ্টি হোৱা আৱৰ্জনাসমূহ য'তে-ত'তে পেলাই দিয়াত এতিয়া দুৰ্গন্ধময় পৰিস্থিতিৰ সৃষ্টি হৈছে অঞ্চলটোত ৷ জাৱৰৰ দুৰ্গন্ধত এতিয়া সেই ঠাইৰে যাব নোৱাৰা পৰিস্থিতি স্থানীয় ৰাইজৰ ৷

ETV BHARAT
কোকৰাঝাৰত কোৱাৰেণ্টাইন কেন্দ্ৰৰ আৱৰ্জনাই ভাবুকি কঢ়িয়াইছে জনজীৱনলৈ
author img

By

Published : May 31, 2020, 6:44 PM IST

কোকৰাঝাৰ, 31 মে' : কোকৰাঝাৰ আইন মহাবিদ্যালয়ৰ কোৱাৰেণ্টাইন চেণ্টাৰকলৈ এতিয়া হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে স্থানীয় লোকসকলৰ ৷ কোৱাৰেন্টাইনৰ কেন্দ্ৰৰ পৰা পেলাই দিয়া আৱৰ্জনাৰ ফলত এতিয়া দুৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি হোৱা বুলি গুৰুতৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

সমগ্ৰ ৰাজ্যৰ লগতে কোকৰাঝাৰতো বহু লোক কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছে ৷ কোকৰাঝাৰ আইন মহাবিদ্যালয়খনো কোৱাৰেন্টাইন কেন্দ্ৰ হিচাপে প্ৰশাসনে ব্যৱহাৰ কৰিছে ৷ কিন্তু হিতৰ বিপৰীতে কালৰহে সৃষ্টি হৈছে উক্ত অঞ্চলটো ৷ কাৰণ কোৱাৰেণ্টাইন চেণ্টাৰৰ আৱজৰ্নাসমূহ আইন মহাবিদ্যালয়ৰ চৌহদতে য'তে ত'তে পেলাই দিয়াৰ ফলত দুৰ্গন্ধময় পৰিস্থিতি সৃষ্টি হৈছে ৷ তাৰোপৰি, কোৱাৰেণ্টাইন চেণ্টাৰৰ পেলনীয়া সামগ্ৰীসমূহ কুকুৰ, গৰু ইত্যাদিয়ে খোৱাত সেইবোৰৰ পৰা জীৱকুললৈও ভাবুকিৰ সৃষ্টি হৈছে ৷

কোকৰাঝাৰত কোৱাৰেণ্টাইন কেন্দ্ৰৰ আৱৰ্জনাই ভাবুকি কঢ়িয়াইছে জনজীৱনলৈ

স্থানীয় লোকসকলে চাফাই কৰ্মীক কোৱাৰেন্টাইনৰ জাৱৰসমূহ নিৰ্দিষ্ট ঠাইত পেলাবলৈ বহু আহ্বান জনাইছিল যদিও ৰাইজৰ কথাৰ প্ৰতি কোনো গুৰুত্ব নিদিয়া বুলি সাংবাদিকৰ আগত সদৰি কৰে ৷ আনহাতে আৰক্ষীৰ লোকেও কোৱাৰেন্টাইনৰ চাফাই কৰ্মীসকলক জাৱৰসমূহ সেই ঠাইত পেলাবলৈ মানা কৰিছিল যদিও চাফাই কৰ্মী সকলে তেঁওলোকৰ কথাৰ প্ৰতি কোনো সহাৰি নিদিয়া বুলি চাফাই কৰ্মীৰ বিৰুদ্ধে অভিযোগ কৰে ৷ অতি শীঘ্ৰে উক্ত ঠাইত কোৱাৰেন্টাইনৰ জাৱৰ আৰ্বজনাবোৰ সেই ঠাইত নেপেলাবলৈ আহ্বান জনাইছে স্থানীয় লোক ৰাইজে ৷ লগতে আৱৰ্জনা পেলোৱা ঠাইখিনি নিৰ্দিষ্ট কৰি হেঙাৰৰ ব্যৱস্থা কৰিবলৈ প্ৰশাসনৰ লোকক আহ্বান জনাইছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক- নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম বন্ধৰ দাবীৰে ছাত্ৰ সংগঠনৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.