ETV Bharat / state

ৰাইজক ক’ভিড প্ৰট’কল মানি চলিবলৈ আহ্বান মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ - ক’ভিড প্ৰট’কল মানি চলিবলৈ আহ্বান

কোকৰাঝাৰত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ অধ্যক্ষতাত ক’ভিড পৰ্যালোচনা বৈঠক ৷ উক্ত বৈঠকত বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো, ৩০ নং কোকৰাঝাৰ পূৱ সমষ্টিৰ বিধায়ক লৰেঞ্চ ইছলাৰীৰ লগতে জিলাৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে ।

Covid situation Meeting in Kokrajhar
ৰাইজক ক’ভিড প্ৰট’কল মানি চলিবলৈ আহ্বান মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ
author img

By

Published : May 13, 2021, 10:45 PM IST

কোকৰাঝাৰ,১৩ মে': কোকৰাঝাৰ জিলাত দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে কৰ’ণা আক্ৰান্তৰ সংখ্যা ৷ জিলাখনত বৃহস্পতিবাৰে পুনৰাই ৫৩ জনকৈ লোক কৰ’ণাত আক্ৰান্ত হোৱাত জিলাখনত মুঠ সক্ৰিয় কৰ’ণা আক্ৰান্তৰ সংখ্যা ৩৮৩ জনলৈ বৃদ্ধি পাইছে ।

এনে এক পৰিৱেশৰ মাজতে বৃহস্পতিবাৰে অসম চৰকাৰৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ অধ্যক্ষতাত কোকৰাঝাৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত বিটিআৰৰ চাৰিওখন জিলাক সাঙুৰি ক’ভিড পৰিস্থিতি সম্পৰ্কীয় পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয় । উক্ত বৈঠকত বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো, ৩০ নং কোকৰাঝাৰ পূৱ সমষ্টিৰ বিধায়ক লৰেঞ্চ ইছলাৰীৰ লগতে জিলাৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে ।

ৰাইজক ক’ভিড প্ৰট’কল মানি চলিবলৈ আহ্বান মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ

বৈঠকৰ অন্তত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই পৰ্যালোচনা বৈঠকত ক’ভিডৰ নীতি নিয়ম বলৱৎ সম্পৰ্কে আলোচনা কৰা হয় বুলি মন্তব্য কৰি কোকৰাঝাৰত অক্সিজেনৰ অভাৱ হোৱা নাই বুলিও মন্তব্য প্ৰকাশ কৰে । অৱশ্যে এম্বুলেঞ্চৰ কিছু সমস্যা হৈছে যদিও সেয়াও সোনকালে সমাধান হব বুলি সদৰী কৰি জনসাধাৰণক ক’ভিড সম্পৰ্কীয় নীতি নিয়ম মানি চলিবলৈ আহ্বান জনায় নেতাগৰাকীয়ে ।

ইপিনে পৰ্যালোচনা বৈঠকত উপস্থিত থকা বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে বাক্সা আৰু ওদালগুৰিৰ ক’ভিড পৰিস্থিতি কিছু উদ্বেগজনক বুলি মন্তব্য কৰিছে । দুখীয়া শ্ৰেণীৰ ৰাইজক বিনামুলীয়াভাৱে মাস্ক আৰু ছেনিটাইজাৰ যোগান ধৰাৰ চিন্তা-চৰ্চা চলি আছে বুলি মন্তব্য কৰি ক’ভিড পৰিস্থিতিৰ কথা সকলোৱে মনত ৰাখি সেইমতে সাৱধান হোৱাৰ আহ্বান জনাইছে প্ৰমোদ বড়োৱে ।

লগতে পঢ়ক: স্থবিৰ নহয় মাজুলীৰ উন্নতি: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.