ETV Bharat / state

শ্ৰীৰামপুৰ পৰিদৰ্শন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ - অসম-বংগ সীমান্ত

বুধবাৰে শ্ৰীৰামপুৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত হৈ, অসম-বংগ সীমান্তৰ সাম্প্ৰতিক পৰিস্থিতি সম্পৰ্কে বুজ লয় ।

cm sarbananda sonowal visited srirampur border

author img

By

Published : May 6, 2020, 7:59 PM IST

গোসাইগাঁও, 6 মে': বুধবাৰে শ্ৰীৰামপুৰত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । অসম-বংগ সীমান্তৰ অসমৰ প্ৰৱেশ দ্বাৰ শিমুলটাপু আৰু শ্ৰীৰামপুৰত কৰ্তব্যৰত স্বাস্থ্য তথা সুৰক্ষা কৰ্মীৰ পৰিস্থিতিৰ লগতে, বহিঃৰাজ্যৰ পৰা আহিবলগীয়া অসমৰ লোকসকলক কিদৰে অসমত প্ৰবেশ কৰোৱা হ'ব সেই বিষয়ে বুজ লয় মুখ্যমন্ত্ৰী গৰাকীয়ে ।

শ্ৰীৰামপুৰ পৰিদৰ্শন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

মুখ্যমন্ত্ৰী গৰাকীয়ে গুৱাহাটীৰ পৰা হেলিকপ্টাৰেৰে আহি শ্ৰীৰামপুৰ হাইস্কুল খেলপথাৰত অৱতৰণ কৰি শ্ৰীৰামপুৰ আন্তঃৰাজ্যিক তালাচী চকীত উপস্থিত হয় । মন্ত্ৰীগৰাকীয়ে তালাচী চকীত উপস্থিত থকা কোকৰাঝাৰ আৰু ধুবুৰী জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক, বিটিএডিৰ আইজিপিৰ সৈতে আলোচনাত মিলিত হোৱাৰ লগতে, সীমান্ত এলেকাৰ কৰ্তব্যৰত স্বাস্থ্য কৰ্মী, সুৰক্ষা কৰ্মী আৰু পৰিবহণ বিভাগৰ বিষয়াৰ সৈতেও আলোচনাত মিলিত হৈ পৰিস্থিতিৰ বুজ লয় ।

ইয়াৰ পিচতে মুখ্যমন্ত্ৰী গৰাকীয়ে সংবাদ মেলযোগে কৰ্তব্যৰত লোকসকললৈ কৃতজ্ঞতা প্ৰকাশ কৰে । চৰকাৰে ঘোষনা কৰা লক্ ডাউন অতি শৃংখলাবদ্ধভাৱে পালন কৰি চৰকাৰক সহায় কৰাৰ বাবে সমগ্ৰ ৰাজ্যবাসীকো আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে মুখ্যমন্ত্ৰী সোণোৱালে ।

লগতে পঢ়কঃ লক্ ডাউনঃ অনাগত দিনত গ্ৰন্থৰ সুবাসৰ পৰা বঞ্চিত হ'ব গ্ৰন্থপ্ৰেমী !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.