ETV Bharat / state

অচিৰেই বিধানসভাৰ মন্ত্ৰীসভাত খালী হ'ব তিনিটা পদ : ৰঞ্জিত কুমাৰ দাস

author img

By

Published : Dec 7, 2020, 9:45 PM IST

কোকৰাঝাৰত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ 12 নং ছালাকাটি সমষ্টিৰ প্ৰাৰ্থী কবিতা বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী সোণোৱালে ।

CM SARBANANDA SONOWAL VISIT KOKRAJHAR FOR ELECTION CAMPAIGN
কোকৰাঝাৰত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

কোকৰাঝাৰ, 6 ডিচেম্বৰ : বিটিচিৰ ওদালগুৰি আৰু বাক্সাত সোমবাৰে পৰিষদীয় নিৰ্বাচন ভোটদান অব্যাহত থকাৰ সময়তে কোকৰাঝাৰ জিলাৰ কালিপুখুৰীত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে 12 নং ছালাকাটি সমষ্টিৰ প্ৰাৰ্থী কবিতা বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে ।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালী পুখুৰীত অনুষ্ঠিত হোৱা বিশাল জনসভাত অংশগ্ৰহণ কৰি বিপিএফে পুঁজিৰ সদ ব্যৱহাৰ কৰা নাছিল বুলি মন্তব্য প্ৰদান কৰে । সু-শাসনৰ বাবে বিজেপিৰ প্ৰয়োজন আৰু সেয়েহে বিজেপিৰ প্ৰাৰ্থীক ভোট দিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

লগতে পঢ়ক : পিপিই কিট পিন্ধি ক'ভিড কেন্দ্ৰত বিয়াত বহিল দৰা কইনা

ইপিনে, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে সংবাদ মাধ্যমৰ আগত অচিৰেই বিধানসভাৰ মন্ত্ৰীসভাৰ পৰা তিনিটা পদ খালী হোৱাৰ সম্ভাৱনা আছে বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছে । বিপিএফৰ নাম উল্লেখ নকৰাকৈ বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে মন্ত্ৰীসভাৰ পৰা তিনিটা মন্ত্ৰীপদ খালী হোৱাৰ সম্ভাৱনা ব্যাক্ত কৰাত সেয়া বিপিএফৰ মন্ত্ৰী হ'ব বুলিয়েই এতিয়া সৰ্বত্ৰে চৰ্চিত হৈছে ।

তদুপৰি বিধানসভা নিৰ্বাচনত বিটিচিৰ 12 টা সমষ্টিতে প্ৰাৰ্থী দিব বুলি ঘোষণা কৰি বিটিচি নিৰ্বাচনত বিজেপিয়ে উত্তম ফলাফল লাভ কৰিব বুলি দাবী কৰিছে । বাক্সা আৰু ওদালগুৰিৰ পৰা 15 খন আসন আৰু চিৰাং আৰু কোকৰাঝাৰ মিলি 6 খন আসন লাভ কৰিব বুলি উল্লেখ কৰি বিটিচিত বিজেপিয়ে চৰকাৰ গঠন কৰিব বুলি দাবী কৰিছে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে ।

লগতে পঢ়ক : অখিল গগৈৰ মুক্তিৰ দাবীত নলবাৰীত ২৪ ঘন্টীয়া অনশন কৃষক মুক্তিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.