ETV Bharat / state

কোকৰাঝাৰ পুনঃনিৰ্মিত বাথৌ মন্দিৰ উদ্বোধন মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ

author img

By ETV Bharat Assamese Team

Published : Dec 20, 2023, 9:53 PM IST

Bathou temple in Kokrajhar : বাগানশালীত নৱনিৰ্মিত বাথৌ মন্দিৰ বুধবাৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । ৫ কোটি টকা ব্যয় সাপেক্ষে পুণঃনিৰ্মান কৰা হয় বাথৌ মন্দিৰৰটো ৷ বড়ো সমাজৰ পৰম্পৰাগত সাজপাৰ পিন্ধি সম্পূৰ্ণ মাংগলিক প্ৰথাৰে বাথৌ পূজা সম্পন্ন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

Bathou temple in Kokrajhar
বাথৌ মন্দিৰ উদ্বোধন মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ

কোকৰাঝাৰ, ২০ ডিচেম্বৰ : কোকৰাঝাৰ সদৰ চহৰৰ বাগানশালীত নৱনিৰ্মিত বাথৌ মন্দিৰ বুধবাৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । গুৱাহাটীৰ পৰা হেলিকপ্টাৰেৰে আহি গ্ৰীণ ফিল্ডত নমাৰ পিছতেই মুখ্যমন্ত্ৰী ড৹ শৰ্মাই পোনে পোনে বাগানশালীৰ নৱনিৰ্মিত বাথৌ মন্দিৰত উপস্থিত হয় আৰু ৰঙাফিটা কাটি বাথৌ মন্দিৰৰ শুভ উদ্বোধন কৰে ।

ইয়াৰ পিছতেই মুখ্যমন্ত্ৰীগৰাকীয়ে বড়ো সমাজৰ পৰম্পৰাগত সাজপাৰ পিন্ধি সম্পূৰ্ণ মাংগলিক প্ৰথাৰে বাথৌ পূজা সম্পন্ন কৰে । বাথৌ মহাসভাৰ উপদেষ্ঠা পদ্মশ্ৰী মংগলসিং হাজোৱাৰীয়ে ড৹ হিমন্ত বিশ্ব শৰ্মাক বাথৌ পূজা কৰোৱায় । বাথৌ পূজা সম্পন্ন হোৱাৰ পিছত পূজাথলীত উপস্থিত থকা বাথৌ ধৰ্মীয় ভক্তসকলক উদ্দেশ্যি হিমন্ত বিশ্ব শৰ্মাই কয় যে ৫ কোটি টকা ব্যয় সাপেক্ষে পুণঃনিৰ্মান কৰা বাথৌ মন্দিৰৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই তেওঁ নিজকে ধন্য মানিছে ।

তেওঁ কয় যে বাথৌ ধৰ্মই প্ৰকৃতিৰ সতে নিবিড় সম্পৰ্ক প্ৰতিফলিত কৰে আৰু খেৰাই নৃত্যৰ যোগেদি বড়োসকলৰ সাংস্কৃতিক দিশটো উন্মোচিত কৰে । বাথৌ ধৰ্মৰ মহত্ব উল্লেখ কৰি হিমন্ত বিশ্ব শৰ্মাই সিজু গছৰ সম্পৰ্কেও বহলাই কয় । খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ ৰীতি-নীতি, ধৰ্মীয় আচাৰ-ব্যৱহাৰ সংস্কৃতি চহকী বুলি মন্তব্য কৰি হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীসমূহৰ বৈশিষ্ট্য, আচাৰ-ব্যৱহাৰক স্বীকৃতি প্ৰদান কৰাৰ লগতে সুৰক্ষা প্ৰদান কৰাটো সময়ৰ আহ্বান আৰু এইক্ষেত্ৰত খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি নামৰ বিভাগটোৱে কাম কৰি আছে ।

তদুপৰি চৰকাৰে খিলঞ্জীয়াসকলৰ ধৰ্মীয় আৰু আধ্যাত্মিক অনুষ্ঠানসমূহৰ সংৰক্ষণ আৰু সুৰক্ষাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰি আছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । উল্লেখ্য যে বাথৌ মন্দিৰৰ ধৰ্মীয় অনুষ্ঠান সম্পন্ন হোৱাৰ পিছত সাংবাদিকৰ এক প্ৰশ্নোত্তোৰত ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় যে বাথৌ ধৰ্মত অনন্য পবিত্ৰতা লুকাই আছে । ই মানুহৰ মাজত যুগেযুগে আধ্যাত্মিকতা আৰু প্ৰকৃতিৰ মাজত সম্পৰ্ক আৰু আত্মাৰ অবিনিশ্বৰতাক সদায় প্ৰমান কৰি আহিছে ।

সকলোকে বিশ্বমানৱৰ কল্যান আৰু অসমৰ শান্তি প্ৰগতি উন্নয়নৰ বাবে প্ৰাৰ্থনা কৰিবলৈ আহ্বান জনাই হিমন্ত বিশ্ব শৰ্মাই কয় যে যিয়ে যি ধৰ্মত আছে অৰ্থাৎ হিন্দুসকল হিন্দু ধৰ্মত, মুছলমানসকল মুছলমান ধৰ্মত, খ্ৰীষ্টানসকল খ্ৰীষ্টান ধৰ্মত, বাথৌসকল বাথৌ ধৰ্মত, সেই মততে চলিলে আমি সকলোৱে শান্তি -সম্প্ৰীতিত থাকিব পাৰিম । আমি সকলোৱে বিশ্বমানৱৰ কল্যানৰ বাবে চিন্তা কৰিব লাগে আৰু খিলঞ্জীয়া ধৰ্মকেইটাক ৰক্ষণাবেক্ষণ দিব লাগে কাৰণ এই খিলঞ্জীয়া ধৰ্মকেইটাই হ'ল অসমৰ আটাইতকৈ প্ৰাচীনতম পৰম্পৰা ।

ধৰ্ম হেৰালে সংস্কৃতি হেৰায়, সংস্কৃতি হেৰালে জাতিৰ পৰিচয় হেৰায় আৰু সেয়েহে আমি ধৰ্মক ধৰি ৰাখিব লাগিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । উল্লেখ্য যে বাথৌ ধৰ্মীয় অনুষ্ঠানৰ পিছতে কোকৰাঝাৰৰ গাঁওবুঢ়া ভৱনৰ সমীপৰ কাশিপাৰা পথাৰত বিকশিত ভাৰত সংকল্প যাত্ৰাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । উক্ত অনুষ্ঠানত ড৹ শৰ্মাই বিকশিত ভাৰত সংকল্প যাত্ৰা প্ৰধানমন্ত্ৰীয়ে ১৫ নৱেম্বৰত শুভাৰম্ভ কৰিছিল আৰু এই কাৰ্যসূচীৰ জৰিয়তে চৰকাৰী আঁচনিৰ বিষয়ে বুজ ল’ব পাৰো আৰু কেবাখনো আঁচনিৰ বাবে নিজৰ নাম পঞ্জীয়নভুক্ত কৰিব পাৰো বুলি মন্তব্য কৰি ৰাইজক বিকশিত ভাৰত সংকল্প যাত্ৰাৰ সুবিধাখিনি গ্ৰহণ কৰিবলৈ আহ্বান জনায় ।

উল্লেখ্য যে, আজি বাথৌ মন্দিৰৰ শুভ উদ্বোধনী অনুষ্ঠানত বিটিআৰ প্ৰধান প্ৰমোদ বড়ো, মন্ত্ৰী অশোক সিংহল, বাথৌ ট্ৰেডিশ্যনেল এণ্ড কালচাৰেল চেণ্টাৰৰ অধ্যক্ষ সাৰদা প্ৰসাদ মুছাহাৰী আৰু আহ্বায়ক মহিম চন্দ্ৰ মুছাহাৰীৰ লগতে বহুতো ভক্তপ্ৰাণ ৰাইজ উপস্থিত থাকে ।

আনহাতে বিকশিত ভাৰত সংকল্প যাত্ৰাত দলীয় নেতা-কৰ্মী, জিলা প্ৰশাসনৰ বিষয়াবৰ্গ, বিভিন্ন বিভাগৰ বিষয়া আৰু কেবাসহস্ৰাধিক লোক উপস্থিত থাকে ।

লগতে পঢ়ক: বিটিআৰ চৰকাৰৰ তিনিবছৰ: এয়া এক ডাঙৰ ৰাজনৈতিক সফলতা: মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.