ETV Bharat / state

চিআইডি আৰু ফৰেনছিক বিভাগৰ নেতৃত্বত আৰম্ভ অভয়াকুটিৰ তদন্ত প্ৰক্ৰিয়া

author img

By

Published : Jun 14, 2021, 10:20 PM IST

কোকৰাঝাৰ জিলাৰ অভয়াকুটিৰ সম্পৰ্কীয় দুই নাবালিকাৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনা এতিয়াও ৰহস্যৰ আৱৰ্তত ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নিৰ্দেশৰ পাচতে এতিয়া তৎপৰ হৈ পৰিছে চিআইডি (CID) আৰু ফৰেনছিক(FORENSIC)বিভাগৰ এটা উচ্চস্তৰীয় দল ৷ ইতিমধ্যে তেওঁলোকে অনুসন্ধান আৰম্ভ কৰিছে ৷

CID and Forensic team
অভয়াকুটিৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ চিআইডি আৰু ফৰেনছিক বিভাগৰ

কোকৰাঝাৰ ১৪ জুন : কোকৰাঝাৰ জিলাৰ অভয়াকুটিত গছত চিপজৰী লৈ থকা অৱস্থাত সম্পৰ্কীয় দুই নাবালিকাৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনা এতিয়াও ৰহস্যৰ আৱৰ্তত ৷ উল্লেখ্য যে, দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অভয়াকুটিত উপস্থিত হৈ ভুক্তভোগী পৰিয়ালটোক সাক্ষাৎ কৰে ৷ ইয়াৰ পাচতে ঘটনাৰ উচ্চস্তৰীয় তদন্তৰ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

এই নিৰ্দেশৰ পাচতে এতিয়া তৎপৰ হৈ পৰিছে চিআইডি (CID) আৰু ফৰেনছিক(FORENSIC)বিভাগৰ এটা উচ্চস্তৰীয় দল ৷ সোমবাৰে চিআইডি (CID) আৰু ফৰেনছিক( FORENSIC)বিভাগৰ দলটি অভয়াকুটিৰ ঘটনা স্থলীত উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰে ৷

চিআইডি(CID)ৰ দলটোৰ নেতৃত্বত আছিল এছ পি কংকন জ্যোতি শইকীয়া আৰু ফৰেনছিক( FORENSIC)ৰ দলটোক নেতৃত্ব দিয়ে উপ- সঞ্চালক পাৰ্থজ্যোতি শৰ্মাই ৷ চিআইডি(CID) আৰু ফৰেনছিক(FORENSIC)ৰ দলটোৱে ঘটনাস্থলীৰ ভিডিঅ’গ্ৰাফি কৰাৰ লগতে সমগ্ৰ ঘটনাৰ পুংখানুপুংখকৈ অনুসন্ধান চলাই ৷ অনুসন্ধানকাৰী সংস্থা দুটাই মৃতকৰ পৰিয়ালকো সাক্ষাৎ কৰি তথ্য সংগ্ৰহ কৰে ৷

ইফালে, উক্ত ঘটনাৰ বুজ লোৱাৰ বাবে মৃতকৰ ঘৰত উপস্থিত হয় অসম ৰাজ্যিক শিশু অধিকাৰ আৰু সুৰক্ষা আয়োগ( Assam State Commission for Child Rights and Protection)ৰ অধ্যক্ষা ড৹ সুনিতা চাংকাকতি ৷ ভুক্তভোগী পৰিয়ালক সাক্ষাৎ কৰি ঘটনাৰ বুজ লোৱাৰ পাচতে সাংবাদিকৰ আগত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে অধ্যক্ষা গৰাকীয়ে ৷

অভয়াকুটিৰ দুই নাবালিকাৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাক পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰে ড৹ সুনিতা চাংকাকতিয়ে ৷ ড৹ সুনিতা চাংকাকতিয়ে লগতে আইনৰ সুৰুঙা লৈ এই হত্যাতাণ্ডৰ লগত জড়িত দোষী যাতে সাৰি যাব নোৱাৰে, তাৰ বাবে ঘটনাৰ চাৰ্জশ্বিট তৈয়াৰ কৰিবলৈ দাবী জনায় ৷ এই ক্ষেত্ৰত আৰক্ষীক সতৰ্ক হবলৈ আহ্বান জনাই অধ্যক্ষা ড৹ সুনিতা চাংকাকতিয়ে ৰাইজৰো সহযোগিতা কামনা কৰে ৷

একে দিনাই বিটিআৰ পাৰিষদ হেমন্ত কুমাৰ ৰাভা আৰু পাৰিষদ প্ৰদীপ বায়নেও সোমবাৰে অভয়াকুটিত উপস্থিত হৈ মৃতকৰ পৰিয়ালৰ সৈতে মত বিনিময় কৰে ৷ তদুপৰি উক্ত ঘটনাৰ নিৰপেক্ষ তদন্তৰ দাবী তুলি ঘটনাৰ লগত জড়িত দোষীক চৰম শাস্তি দিয়াৰ দাবী উত্থাপন কৰে বিটিআৰৰ দুই পাৰিষদে ৷

লগতে পঢ়ক: ডাপিং গ্ৰাউণ্ডলৈ পৰিণত তলাতল ঘৰৰ ন-দুৱাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.