ETV Bharat / state

ৰাজ্যত এইবাৰ আৰম্ভ হৈছে ব্ৰইলাৰ ছিণ্ডিকেট

author img

By

Published : Nov 7, 2019, 1:43 PM IST

ৰাজ্যত ভয়াৱহ ৰূপ লৈছে ছিণ্ডিকেটে ৷ কোকৰাঝাৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে এইবাৰ আৰম্ভ হৈছে ব্ৰইলাৰ ছিণ্ডিকেট ৷ ৰছিদবিহীন ভাৱে দৈনিক 1200 টকাৰ টেক্স সংগ্ৰহৰ অভিযোগ কুকুৰা ব্যৱসায়ী সন্থাৰ ৷

ৰাজ্যত এইবাৰ আৰম্ভ হৈছে ব্ৰইলাৰ ছিণ্ডিকেট

কোকৰাঝাৰ , 7 নৱেম্বৰঃ ৰাজ্যত আৰম্ভ হৈছে ইটোৰ পাছত সিটো নতুন ছিণ্ডিকেট ৷ কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱৰ পদ্মবিলত আৰম্ভ হৈছে নতুন ছিণ্ডিকেট ৷ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত আৰক্ষীৰ চকুৰ সমুখতে মুকলিকৈ চলি আছে ব্ৰইলাৰ ছিণ্ডিকেট ৷ বুধবাৰে চিৰাং জিলাৰ কাজলগাঁৱত কুকুৰা ব্যৱসায়ী সন্থাই প্ৰকাশ কৰিলে চাঞ্চল্যকৰ তথ্য ৷ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি কাজলগাঁৱৰ ৰাষ্ট্ৰীয় ঘাই পথৰ কাষত সংবাদ মাধ্যমৰ আগত উন্মোচিত কৰিলে ব্ৰইলাৰ ছিণ্ডিকেটৰ বিতং তথ্য ৷ কুকুৰা ব্যৱসায়ী সন্থাৰ অভিযোগ,অসমৰ বিভিন্ন জিলাৰ পৰা নিতৌ যোৱা প্ৰায় দুই শতাধিক গাড়ীৰ পৰা 1200 টকাকৈ গুণ্ডা বাহিনীয়ে সংগ্ৰহ কৰে গুণ্ডা বাহিনীয়ে ৷ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ এপৰত সংগ্ৰহ কৰা এই গুণ্ডা টেক্সৰ বাবে চালকসকলক দিয়া নহয় কোনো ধৰণৰ ৰচিদ ৷ টকা দিবলৈ অস্বীকাৰ কৰা চালকক মাৰপিট কৰাৰ লগতে গাড়ী সমুহক বহু সময় বলপূৰ্বক ৰখাই থোৱাৰ ভয়ংকৰ অভিযোগ কুকুৰা কুকুৰা ব্যৱসায়ী সন্থাৰ ৷ বহু সময় ৰাখি থোৱাৰ বাবে পথতেই মৃত্যু হয় বহু ব্ৰইলাৰৰ ৷ চালকসকলক আৰক্ষী আৰু সাংবাদিকৰ ভয় দেখুওৱাৰো অভিযোগ উত্থাপন ব্যৱসায়ী সন্থাৰ ৷

ৰাজ্যত এইবাৰ আৰম্ভ হৈছে ব্ৰইলাৰ ছিণ্ডিকেট
শ্ৰীৰাম পুৰ চেক গেট বন্ধ হোৱাৰ পিছত পুনৰ গোসাইগাঁৱৰ পদ্মবিলৰ এই গুণ্ডা টেক্সে জ্বলা-কলা খুৱাইছে কুকুৰা ব্যৱসায়ী সন্থাক ৷ ঠায়ে ঠায়ে আৰক্ষীক 50-100 টকা দিব লগা হোৱাৰ পাছত দিব লগা হোৱা এই বৃহৎ পৰিমাণৰ অবৈধ টেক্সে প্ৰভাৱ পেলাইছে ৰাজ্যৰ ব্ৰইলাৰ ব্যৱসায়ত ৷ অতি শীঘ্ৰে উচ্চ পৰ্যায়ৰ তদন্ত কৰি যদি এই গুণ্ডা টেক্সৰ ঘটনা বন্ধ নকৰে বা ব্যৱসায়ী চালকৰ লগত পুনক মাৰ পিটৰ ঘটনা সংঘটিত হ'লে সমগ্ৰ ৰাজ্যত ব্ৰইলাৰ ব্যৱসায় বন্ধ কৰাৰ হুংকাৰ দিয়ে কুকুৰা ব্যৱসায়ী সন্থাই ৷

লগতে পঢ়কঃতৰুণ গগৈৰ ইটিভিৰ সৈতে এক আছুতীয়া সাক্ষাৎকাৰ

Intro:অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত অব্যাহত ছিণ্ডিকেট ৰাজ । নিতৌ কোকৰাঝাৰ জিলাৰ গোসাইগাঁওৰ পদ্মবিলত ব্ৰইলাৰ কুকুৰা কঢ়িওৱা প্ৰতিখন গাড়ীৰ পৰা গুণ্ডাবাহিনীয়ে সংগ্ৰহ কৰে ১২০০ কৈ টকা । 

Body:দুৰ্নিতিৰ ক্ষেত্ৰত সুন্য সহনশীল বিজেপি নেতৃত্বাধীন অসম চৰকাৰ । সততে বিভিন্ন সভাই সমিতিয়ে গাইফুৰে অসম চৰকাৰৰ নেতা মন্ত্ৰি বিধায়ক সকলে । কিন্ত আজি চিৰাং জিলাৰ কাজলগাঁওত এই দুৰ্নিতি তথা ছিণ্ডিকেট সন্দৰ্ভত চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰে ব্ৰইলাৰ কুকুৰা ব্যৱসায়ী সকলে । আজি বিয়লি এক বজাত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি কাজলগাঁওৰ ৰাষ্ট্ৰীয় ঘাই পথত গাড়ী ৰখাই সংবাদ মাধ্যমৰ লোকক অৱগত কৰালে বিতং তথ্য । অভিযোগ অনুসৰি অসমৰ বিভিন্ন জিলাৰ পৰা নিতৌ দুই শতাধিক বলেৰো গাড়ীৰে পশ্চিম বঙ্গৰ পৰা ব্ৰইলাৰ কুকুৰা কঢ়িওৱা গাড়ী আহে । প্ৰতিখন গাড়ীৰ পৰা ১২০০(বাৰোশ) টকা কৈ বল পুৰ্বক সংগ্ৰহ কৰে গুণ্ডা বাহিনীয়ে । অভিযোগ অনুসৰি কোকৰাঝাৰ জিলাৰ গোসাইগাঁওৰ পদ্মবিলত ৩১ নং চি ৰাষ্ট্ৰীয় ঘাই পথত এই দাদাগিৰি টেক্স সংগ্ৰহ কৰে । বলপুৰ্ব্বক সংগ্ৰহ কৰা এই ধনৰ বিনিময়ত নিদিয়ে কোনো ধৰনৰ ৰচিদ । টকা দিবলৈ অস্বিকাৰ কৰা চালকক মাৰপিট কৰাৰ লগতে গাড়ী সমুহ দীৰ্ঘ সময় ৰখাই থোৱাৰ ফলত বুজন পৰিমানৰ ব্ৰইলাৰ কুকুৰাৰ মৃত্য হয় । অভিযোগ কাৰী ব্ৰইলাৰ কুকুৰা কঢ়িওৱা গাড়ী চালক সকলে আৰু অভিযোগ কৰি কয় যে গুণ্ডা বাহিনীটোৱে আৰক্ষীৰ ভয় দেখূৱাৰ লগতে সাংবাদিকৰ ভয় দেখুৱায় । গোসাইগাঁওৰ কোনো সংগঠন বা সংবাদ কৰ্মিয়ে এই ক্ষেত্ৰত এই সকল  গাড়ী চালকক সহায় নকৰাৰ অভিযোগ কৰি কয় যে সকলোৱে এই গুণ্ডা বাহিনীৰ সৈতে জড়িতহৈ আছে । শ্ৰীৰাম পুৰ চেক গেট বন্ধ হোৱাৰ পিচত পুনৰ গোসাইগাঁওৰ পদ্মবিলৰ এই গুণ্ডা টেক্সৰ প্ৰভাৱ পৰিব ব্ৰইলাৰ কুকুৰাৰ বজাৰত । গুৱাহাটীকে কৰি অসমৰ সকলো জিলা তথা চহৰত যোগান ধৰা এই সমুহ ব্ৰইলাৰ কুকুৰাৰ বাবদ ঠায়ে ঠায়ে আৰক্ষীৰ নিৰাপত্তাৰ বাবে এই সকল চালকে উপজাচি ৫০/১০০ টকা আৰক্ষীক দিয়াৰ কথাও স্বিকাৰ কৰে যদিও এই ক্ষেত্ৰত তেওঁলিকৰ কোনো অভিযোগ নাই বুলি কোৱাৰ লগতে কয় যে ওৰে নিশা আমাৰ নিৰাপত্তাত নিয়োজিত আৰক্ষীক আমি চা খাবলৈহে কিবা দিও । কিন্ত কোন এই সকল গুণ্ডা বাহিনীৰ দল যে ৰাষ্ট্ৰীয় ঘাই পথত প্ৰতিখন গাড়ীৰ পৰা ১২০০ (বাৰোশ) টকা সংগ্ৰহ কৰে আৰক্ষীৰ নাম লৈ কিন্ত তেওঁলোকৰ সৈতে কোনো দিনেই আৰক্ষী দেখিবলৈ পোৱা নাই । কোকৰাঝাৰ জিলা আৰক্ষী আৰু গোসাইগাঁও মহকুমা আৰক্ষীৰ অগোচৰে জানো ৰাষ্ট্ৰীয় ঘাই পথত প্ৰতি নিশাই গুণ্ডা টেক্স সংগ্ৰহ কৰা সম্ভৱ বুলিও প্ৰশ্ন কৰে অভিযোগ কাৰী চালক সকলে । 

বাইট : গাড়ী চালক সকলৰ বাইট দিলো ।

Conclusion: প্ৰশ্ন হয় সঁচাকৈ অসমত ছিণ্ডিকেট বন্ধ হৈছেনে ?  যদি হৈছে তেনে হলে কি এই বোৰ । অসম চৰকাৰ তথা বিটিচি প্ৰশাসন বিশেষকৈ কোকৰাঝাৰ জিলা প্ৰশাসনে ৰাষ্ট্ৰীয় ঘাই পথত চলি থকা এই ধৰনৰ গুণ্ডাৰাজ বা ছিণ্ডিকেট বন্ধৰ দাবী জনাইছে ব্ৰইলাৰ কুকুৰা কঢ়িওৱা গাড়ীৰ চালক সকলে । কোনে কি দৰে এই ছিণ্ডিকেট চলাই গৈছে ৰাষ্ট্ৰীয় ঘাই পথত তাৰ উচ্চ পৰ্য্যায়ৰ তদন্তৰ দাবী জনোৱাৰ লগতে ভাৱুকি দিয়ে যে যদিহে পুনৰ কোনো চালকক মাৰপিট বা ধন দাবী কৰা পৰিলক্ষিত হয় তেনেহলে অসমত ব্ৰইলাৰ কুকুৰা কঢ়িওৱা বন্ধ কৰিবলৈ বাধ্য হব । অসমৰ মাংসৰ বজাৰত ব্ৰইলাৰৰ এক সুকিয়া পৰিচয় আছে । সেয়া হয়তো বন্ধ হোৱাৰ উপক্ৰম হৈছে এই ধৰনৰ অবৈধ ছিণ্ডিকেটৰ বাবে । 

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ । 

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.