ETV Bharat / state

ৰাজ্যত ছটা সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব: ৰণজিৎ কুমাৰ দাস - minister ranjit kumar das

ৰাজ্যৰ ছটা সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা ব্যক্ত কৰিছে ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ।

ৰাজ্যত ছটা সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব: ৰণজিৎ কুমাৰ দাস

author img

By

Published : Jul 29, 2021, 10:25 PM IST

কোকৰাঝাৰ, ২৯ জুলাই: "ৰাজ্যৰ পাঁচ সমষ্টিত নহয় ছটা সমষ্টিত উপ-নিৰ্বাচন(By Election) অনুষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে । পূৰ্বতে মই কৈছিলো ৰাজ্যৰ পাঁচ সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু সকলোৱে মোক সুধিছিল এইয়া কেনেকৈ সম্ভৱ বুলি ৷ কিন্তু, আজি মই পুনৰ কও ৰাজ্যৰ ছটা সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে । বৃহস্পতিবাৰে এই মন্তব্য কৰিছে ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে (ranjit kumar das) ।

ৰাজ্যত ছটা সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব: ৰণজিৎ কুমাৰ দাস

উল্লেখযোগ্য যে, তিনিদিনীয়া ভ্ৰমণসূচীৰে বুধবাৰে নিশা কোকৰাঝাৰত(kokorajhar) উপস্থিত হোৱা ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰণজিৎ দাসে উক্ত মন্তব্য কৰি কয় যে, অহা ৪ আগষ্টৰ পৰাই বিজেপিয়ে উপ-নিৰ্বাচনৰ বাবে মনোনিৱেশ কৰিব । একেদৰে মন্ত্ৰীগৰাকীয়ে সদৰী কৰে যে, যদিহে ছটা সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হয় তেনেহলে ছটা সমষ্টিতে বিজেপি মিত্ৰজোঁটে জয়লাভ কৰিব ৷ মন্ত্ৰী ৰণজিৎ দাসে তামূলপুৰ( tamulpur) বিধানসভা সমষ্টিৰ দায়িত্ব লৈছে আৰু এখন নিৰ্বাচনী কমিটিও গঠন কৰাৰ কথা সদৰী কৰে ।

অহা ৪ আগষ্টত তামূলপুৰত উপ-নিৰ্বাচন সন্দৰ্ভত এক বৈঠকত মিলিত হ’ব মন্ত্ৰীগৰাকী ৷ অৰ্থাৎ অহা ৪ আগষ্টৰ পৰা তামূলপুৰৰ পৰাই বিজেপি দলে উপ-নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যৰ বাবে ৰণশিঙা বজাব ৷ আনহাতে, গোঁসাইগাঁও সমষ্টিৰ দায়িত্ব মন্ত্ৰী অশোক সিংঘালক দিয়া হৈছে বুলি সাংবাদিকৰ আগত উল্লেখ কৰে মন্ত্ৰী ৰণজিৎ দাসে ৷

মন কৰিবলগীয়া যে, উপ-নিৰ্বাচনৰ (By Election) বাবে সাজু হৈছে শাসক-বিৰোধী । অৱশ্যে বিৰোধী দলসমূহ ঐক্যবদ্ধ হৈ এক সহমতত উপনীত হোৱাৰ পূৰ্বেই শাসকীয় দল বিজেপিয়ে বিশেষ তৎপৰতা অৱলম্বন কৰা দেখা গৈছে । সাংগঠনিকভাৱে উপ-নিৰ্বাচনলৈ সাজু হৈ থকা গেৰুৱা দলটোৱে সমষ্টিভিত্তিক নিৰ্বাচনী প্ৰস্তুতি আৰু সামগ্ৰীক তদাৰকৰ বাবে সভাপতি ভৱেশ কলিতাৰ(Bhabesh Kalita) নিৰ্দেশত গঠন কৰিছে উচ্চস্তৰীয় সমিতি ৷

লগতে পঢ়কঃ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত পখিলাৰ মেলা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.