ETV Bharat / state

Budget session of BTR: BTR বাজেট অধিৱেশনত শাসক বিৰোধীৰ বাকবিতণ্ডা

author img

By

Published : Apr 4, 2023, 10:25 PM IST

বিটিআৰৰ দুদিনীয়া বাজেট অধিবেশন আৰম্ভ (Budget session of BTR begins Today) ৷ ৮০০ কোটি টকাৰ সাধাৰণ বাজেট সদনত  দাখিল প্ৰমোদ বড়োৰ ৷ শিক্ষা বিভাগত সৰ্বাধিক ১১৩ কোটি ৫৭ লাখ ৷ বিপিএফ নেতাৰ দ্বাৰা বনাঞ্চলৰ মাটি বেদখল প্ৰসংগ লৈ সদনত শাসক-বিৰোধীৰ বাক-বিতণ্ডা ৷ বাজেটকলৈ অসন্তুষ্ট বিপিএফ ৷ বৰ্তমানৰ বিটিআৰ চৰকাৰে বাজেটৰ ধন খৰছ কৰিব নোৱাৰে বুলি মন্তব্য বিৰোধী দলপতি দেৰহাছাৎ বসুমতাৰীৰ ৷

Budget session of BTR begins Today
বিটিআৰৰ দুদিনীয়া বাজেট অধিবেশন আৰম্ভ

কোকৰাঝাৰ, ৪ এপ্ৰিল: কোকৰাঝাৰ বডোফা নগৰৰ বিটিআৰ বিধান পৰিষদত মঙলবাৰৰ পৰা আৰম্ভ হৈছে বিটিআৰ পৰিষদীয় চৰকাৰৰ বাজেট অধিবেশন (Budget session of BTR begins Today) । মঙলবাৰে বাজেট অধিবেশনৰ প্ৰথমদিনা বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাবে ৮০০ কোটি টকাৰ সাধাৰণ বাজেট দাখিল কৰে (Pramod Bodo presents budget for 2023-24) । যোৱা বিত্তীয় বৰ্ষত বাজেটৰ পৰিমান ৭২২.৮৪ কোটি থকাৰ বিপৰীতে এইবাৰ ৮০০ কোটি টকাৰ বাজেট দাখিল কৰে বিটিচি চৰকাৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে । বুধবাৰে উক্ত বাজেট সদনত গৃহীত হ'ব বুলি জানিবপৰা গৈছে ।

এইবাৰ বাজেটত ৪০ টা বিভাগৰ ভিতৰত সৰ্বাধিক ধন শিক্ষা বিভাগত ধাৰ্য কৰা হৈছে আৰু সৰ্বনিম্ন লটাৰী বিভাগত ধাৰ্য কৰা হৈছে । শিক্ষা বিভাগত ১১৩ কোটি ৫৭ লাখ ধাৰ্য কৰাৰ বিপৰীতে লটাৰীত মাত্ৰ একলাখ টকা ধাৰ্য কৰা হৈছে । তেনেদৰে লোকনিৰ্মাণ বিভাগত ৯৮.৬২ কোটি, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ বিভাগত ১০৬.৮২কোটি, কৃষি ২৮.৩৫ কোটি, বন ৫০.৯২ কোটি, স্বাস্থ্য আৰু পৰিয়াল কল্যান ৭৬.৫৬ কোটি, ক্ৰীড়া আৰু যুৱ কল্যাণ ১০.৭৭কোটি, পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন ৫১.০৭ কোটি, জলসিঞ্চনত ২০.৬৮কোটি, জলসম্পদ ২০.৪৭কোটি, নগৰ উন্নয়ন ১২.৩৩ কোটি, পৰ্যটন ৯০.৯ কোটি টকা ধাৰ্য কৰি ৪০ টা বিভাগ ৮০০ কোটি ধন বাজেটত ধাৰ্য কৰিছে ।

ইফালে সদনত বিপিএফৰ নেতা দেৰহাছাৎ বসুমতাৰীকে ধৰি বিপিএফৰ বহু নেতাই বনাঞ্চলৰ ২০ হাজাৰ হেক্টৰ ভূমি বেদখলক লৈ সৰৱ চৰ্চা কৰা পৰিলক্ষিত হয় । বিষয়টো উত্থাপন হোৱাৰ পিছতে সদনত সৃষ্টি হয় তীব্ৰ বাকবিতণ্ডাৰ আৰু বিৰোধীয়ে শাসক গোষ্ঠীক প্ৰত্যাহ্বান জনাই তথ্য দাখিল কৰাৰ দাবী উত্থাপন কৰে (Heated debate in Budget session) । লগতে কোকৰাঝাৰৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়খন পূৰ্বৰ দৰেই ৰাখিবলৈ দাবী জনাই বিৰোধী দলৰ দলপতি দেৰহাছাৎ বসুমতাৰীয়ে ।

আনহাতে, বিপিএফ দলৰ নেতা তথা বিৰোধী দলৰ দলপতি দেৰহাছাৎ বসুমতাৰীয়ে সংবাদ মাধ্যমৰ আগত বাজেটত লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে(BPF unhappy with budget) । বৰ্তমানৰ বিটিআৰ চৰকাৰে বাজেটৰ ধন খৰছ কৰিব নোৱাৰে বুলি উল্লেখ কৰে বিৰোধী দলপতিগৰাকীয়ে ৷ ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে বাজেটত ধন ঠিকেই নিৰ্ধাৰণ কৰে, কিন্তু বিটিআৰ চৰকাৰে বাজেটত ধাৰ্য কৰা ধন খৰছ কৰিব নোৱাৰে আৰু যোৱা বিত্তীয় বৰ্ষতো ৫০ শতাংশ বাজেটৰ ধন খৰচ কৰিব নোৱাৰাটো দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে ।

ৰাজ্য চৰকাৰে ধাৰ্য কৰা ২০০ কোটি টকাৰ এটকাও বিটিআৰ চৰকাৰে খৰচ কৰিব পৰা নাই বুলি মন্তব্য কৰি বিটিআৰ চৰকাৰৰৰ কাম-কাজক কঠোৰ সমালোচনা কৰে বিৰোধী দলৰ দলপতি দেৰহাছাৎ বসুমতাৰীয়ে । ইফালে বিৰোধী দলৰ দলপতি দেৰহাছাৎ বসুমতাৰীৰ উক্ত অভিযোগক নস্যাৎ কৰি কাৰ্যবাহী সদস্য গৌতম দাসে কয় যে, পূৰ্বৰ চৰকাৰে টকা জধে-মধে খৰছ কৰিছিল আৰু যাৰবাবে অনাদায় ধনৰ পৰিমান বাঢ়ি গৈছিল । বৰ্তমানৰ চৰকাৰে সকলো চাই-মেলি খৰচ কৰে আৰু জনতাৰ মংগল-উন্নয়নে চৰকাৰৰ অন্যতম উদ্দেশ্য বুলি মত ব্যক্ত কৰে ।

আনহাতে কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে বিৰোধীৰ অযথা অভিযোগক নস্যাৎ কৰি কয় যে, আমি ৰাজনীতিৰ বাবে ৰাজনীতি নকৰি জনতাৰ কল্যাণৰ বাবে ৰাজনীতি কৰিছো আৰু জনতাৰ মংগলৰ বাবেহে সিদ্ধান্ত লৈছো বুলি মন্তব্য প্ৰকাশ কৰে । বিটিআৰৰ বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীৰ অভিযোগ কৰে যে, বিপিএফ পাৰিষদ তথা বিটিআৰ বিধান পৰিষদৰ বিৰোধী দলপতি দেৰহাছাৎ বসুমতাৰাীসহ বিপিএফৰ একাংশ নেতাই বনাঞ্চলৰ ২০ হেজাৰ হেক্টৰ ভূমি বেদখল কৰি চাহ বাগিচা আৰু ৰবৰ বাগানৰ খেতি কৰিছে ৷

ইয়াৰ তথ্য প্ৰমাণ তেওঁ সদনত দাখিল কৰিব বুলি সদৰি কৰে আৰু অতি শীঘ্ৰেই বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলোৱা হ'ব বুলি মত প্ৰকাশ কৰে । লগতে ৰঞ্জিত বসুমতাৰীয়ে সকিয়নি প্ৰদান কৰি কয় যে, বনাঞ্চলৰ ভূমি বেদখলকাৰীক কেতিয়াও ৰেহাই দিয়া নহ'ব ৷ উল্লেখ্য যে, বুধবাৰে বিটিচিৰ দুদিনীয়া বাজেট অধিবেশনৰ অন্ত পৰিব ।

লগতে পঢ়ক: Suspected murder case: যুৱতী হত্যাৰ অভিযোগত এবিএমছুৰ নেতাসহ 4 অভিযুক্তক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.