ETV Bharat / state

বিটিআৰৰ বাজেট অধিৱেশন: অনুপস্থিত হাগ্ৰামা মহিলাৰী

author img

By

Published : May 24, 2021, 10:25 PM IST

সোমবাৰে বিটিআৰ বিধান পৰিষদীয় ভৱনত অনুষ্ঠিত হয় বিটিআৰৰ বাজেট অধিৱেশন ৷ বিটিআৰৰ ২০২১-২২ বিত্তীয় বৰ্ষৰ বাবে মুঠ ৩৩১০ কোটি ৬৭ লাখ ০৩ হাজাৰ টকাৰ বাজেট গৃহীত ৷ বাজেট অধিৱেশনত উপস্থিত নাথাকিল বিৰোধী দল বিপিএফ এজনো পাৰিষদ ৷

বিটিআৰৰ বাজেট অধিৱেশনঃ অনুপস্থিত হাগ্ৰামা মহিলাৰী

কোকৰাঝাৰ, ২৪ মে': প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিআৰ পৰিষদীয় চৰকাৰৰ ২০২১-২২ বিত্তীয় বৰ্ষৰ বাজেট অধিবেশন খন সোমবাৰে বিটিআৰ বিধান পৰিষদীয় ভৱনত অনুষ্ঠিত হৈ যায় । বাজেট অধিৱেশনত লক্ষ্যনীয়ভাৱে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিৰোধী দলৰ কোনো এজন পাৰিষদে অংশগ্ৰহণ নকৰিলে । কাতিৰাম বড়োৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা বিৰোধী শূন্য বাজেট অধিবেশনত ২০২১-২২ বিত্তীয় বৰ্ষৰ বাবে মুঠ ৩৩১০ কৌটি ৬৭ লাখ ০৩ হেজাৰ টকাৰ পুঁজি বাজেটত ধাৰ্য কৰা হয় ।

বিটিআৰৰ বিত্ত বিভাগৰো দায়িত্বত থকা মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োই বিৰোধী শূন্য সদনৰ মজিয়াত বাজেট খন পাঠ কৰাৰ পাছতে সদনৰ সৰ্বসন্মতি মৰ্মে ৩৩১০ কোটি ৬৭ লাখ ০৩ হেজাৰ টকাৰ বাজেট খন গৃহীত কৰা হয় ৷ আনহাতে, সদনত প্ৰমোদ বড়োই ৰাজ্য চৰকাৰৰ নিজস্ব অগ্ৰাধিকাৰ ভিত্তিক উন্নয়নমুলক আঁচনিৰ (SOPD) বাজেট দাখিল কৰে । বিটিআৰ চৰকাৰে বিত্তীয় বৰ্ষ ২০২১-২২ ৰ বাবে ৬৭১ কোটি ৭৮ লাখ ১০ হেজাৰ টকা এছঅপিডি বাজেট ধাৰ্য কৰিছিল যদিও ক’ভিড পৰিস্থিতিৰ বাবে ৬০২ কৌটি ৩৬ লাখ ৭৪ হেজাৰ টকাহে আৱণ্টন পাবলৈ সক্ষম হয় ।

অৰ্থাৎ ধাৰ্য কৰা বাজেটতকৈ ৬৯ কৌটি ৪১ লাখ ৩৬ হাজাৰ টকা কমকৈ আৱণ্টন লাভ কৰে বিটিআৰ পৰিষদীয় চৰকাৰ খনে ৷ ইপিনে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা বাজেট অধিবেশনৰ অন্তত বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োই সংবাদমাধ্যমৰ আগত বিটিআৰৰ অধ্যক্ষৰ বাবে বছৰি এক কোটিকৈ উন্নয়নমূলক আঁচনিৰ বাবে পুঁজি ধাৰ্য কৰাৰ সিদ্ধান্তৰ কথা সদৰী কৰিছে । তদুপৰি সদনত চতুৰ্থবাৰলৈ অধিৱেশনত উপস্থিত নথকাত হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিৰোধী দলক সমালোচনা কৰি ৰাইজৰ নিৰ্বাচিত প্ৰতিনিধি হৈ দায়িত্বহীনতাৰ বাবে সমালোচনা কৰে ।

শিক্ষা, কৃষি, স্বাস্থ্য আদিকে ধৰি আন বিভাগৰ কামসমুহক বিশেষ গুৰুত্ব প্ৰদান কৰা হ’ব আৰু ৰাজহ আদায়ত বিশেষ গুৰুত্ব দিয়া হ’ব বুলি মন্তব্য কৰে বিটিআৰৰ মুখ্য কাৰ্যবাহী গৰাকীয়ে । সদনত বিৰোধী পাৰিষদ উপস্থিত নাথাকিলেও তেওঁলোকৰ সমষ্টি উন্নয়নৰ বাবে বিটিআৰ চৰকাৰ দায়বদ্ধ আৰু এইক্ষেত্ৰত হাগ্ৰামা মহিলাৰীৰ সমষ্টি দেৱৰগাঁৱো বাদ পৰি নাযায় বুলিও সংবাদমাধ্যমৰ আগত মন্তব্য কৰে প্ৰমোদ বড়োৱে ৷

লগতে পঢ়ক : ৰহমৰীয়া গৰাখহনীয়া প্ৰতিৰোধ সন্দৰ্ভত ডিব্ৰুগড় উপায়ুক্তৰ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.