কোকৰাঝাৰ, ১১ আগষ্ট : ৰাইজৰ প্ৰকৃত সমস্যাৰ বুজ ল’বলৈ প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিআৰ পৰিষদীয় চৰকাৰে আৰম্ভ কৰিছে "গাঁৱলৈ যাওঁ বলক" শীৰ্ষক এক নতুন কাৰ্যসূচী । কাৰ্যসূচী সন্দৰ্ভত বুধবাৰে সাংবাদিকক সম্বোধন কৰি বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে কয়, দৰিদ্ৰ লোকৰ সমস্যাসমূহ নিজ চকুৰে প্ৰত্যক্ষ কৰি সমাধানৰ ৰাস্তা উলিয়াবলৈকে বিটিআৰ চৰকাৰে এনেধৰণৰ কাৰ্যপন্থা হাতত লৈছে ।
অহা ১৫ আগষ্টৰ পৰা বিটিআৰ পাৰিষদৰ সদস্যসকলে প্ৰতিদিনে কমেও তিনিৰ পৰা পাঁচটালেকে দুখীয়া লোকৰ বাসগৃহ পৰিদৰ্শন কৰিব লাগিব ৷ এই অভিযান অহা ২ অক্টোবৰলৈকে বাহাল থাকিব বুলি মন্তব্য কৰি প্ৰমোদ বড়োৱে লগতে কয় যে, দুই অক্টোবৰ অৰ্থাৎ গান্ধী জয়ন্তীৰ দিনাই চৰকাৰে সকলো বিষয়বস্তু চালি জাৰি চাই দৰিদ্ৰ লোকৰ সমস্যা সমাধানত এটা সিদ্ধান্তত উপনীত হ'ব ।
দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালবৰ্গক কেনেদৰে দৰিদ্ৰ সীমাৰেখাৰ ওপৰৰ অৱস্থালৈ আনিব পাৰি তাৰ বাবে কাৰ্যব্যৱস্থা হাতত লোৱা হ'ব ৷
লগতে পঢ়ক: কাজিৰঙাত দেশৰ ভিতৰত প্ৰথমবাৰৰ বাবে ব্যৱহাৰ হ’ব ছেটেলাইট ফোন
যি সকলৰ আৱাসগৃহৰ প্ৰয়োজন তেওঁলোকক ইন্দিৰা আৱাস যোজনাৰ অধীনত ঘৰ দিয়া হ’ব ৷ যি সকলৰ ৰেচন কাৰ্ড নাই তেনে লোকক ৰেচন কাৰ্ড দিয়া হ’ব ৷ যি সকলৰ জবকাৰ্ড নাই তেনে লোকক জবকাৰ্ড দিয়া হ’ব আৰু যি সকলৰ খোৱাপানীৰ অভাৱ তেওঁলোকক জলজীৱন আঁচনিৰ অধীনত খোৱাপানীৰ যোগান ধৰা হ’ব বুলি মন্তব্য কৰে প্ৰমোদ বড়োৱে ৷
এই কাৰ্যসূচীৰ অংশ স্বৰূপে বুধবাৰে বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে কোকৰাঝাৰ জিলাৰ বিশমুৰী, জাওলীয়াপাৰা আৰু বালাগাঁৱৰ একাংশ দৰিদ্ৰ পৰিয়ালৰ বাসগৃহত উপস্থিত হৈ প্ৰকৃত সমস্যাৰ বুজ লয় । সেই অনুসৰি বালাগাঁৱৰ বাশপাৰাৰ অতি দৰিদ্ৰ পৰিয়াল বুলি চিহ্নিত নগদ ৰায় নামৰ এগৰাকী লোকৰ বাসগৃহত উপস্থিত হয় প্ৰমোদ বড়ো ৷ নগদ ৰায়ৰ পৰিয়ালৰ লোকৰ সৈতে মত বিনিময় কৰি পৰিয়ালটোৰ সমস্যাৰ বুজ লোৱাৰ চেষ্টা কৰে বিটিআৰ প্ৰধানগৰাকীয়ে ৷