ETV Bharat / state

Republic day 2023: পৰেশ বৰুৱাক শান্তি আলোচনালৈ আহিবলৈ প্ৰমোদ বড়োৰ আহ্বান

পৰেশ বৰুৱাক শান্তি আলোচনাৰ মাজলৈ আহিবলৈ আহ্বান বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ ৷ বৰ্তমান অসমৰ লগতে কেন্দ্ৰতো সিদ্ধান্ত ল’ব পৰা চৰকাৰ আছে বুলিও উল্লেখ কৰে প্ৰমোদ বড়োৱে ৷ বিটিআৰত গাঁও অন্তৰ্ভুক্তিৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তকো ধন্যবাদ জ্ঞাপন প্ৰমোদ বড়োৰ ৷

Republic day 2023
পৰেশ বৰুৱাক শান্তি আলোচনালৈ আহিবলৈ প্ৰমোদ বড়োৰ আহ্বান
author img

By

Published : Jan 26, 2023, 3:40 PM IST

পৰেশ বৰুৱাক শান্তি আলোচনালৈ আহিবলৈ প্ৰমোদ বড়োৰ আহ্বান

কোকৰাঝাৰ, 26 জানুৱাৰী: সংযুক্ত মুক্তি বাহিনী অসম স্বাধীনৰ(ULFA I) মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাক(ULFA chief Paresh Baruah) শান্তি আলোচনাৰ মাজলৈ আহিবলৈ আহ্বান বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ(BTR Chief Pramod Boro) ৷ বৃহস্পতিবাৰে কোকৰাঝাৰত গণৰাজ্য দিৱসৰ পতাকা উত্তোলনৰ পিছতেই মেজৰ জেনেৰেল পৰেশ অসমলৈ এই আহ্বান BTR প্ৰধানগৰাকীৰ ৷

বৰ্তমান অসম আৰু ভাৰতত সিদ্ধান্ত ল’ব পৰা চৰকাৰ আছে বুলি মন্তব্য কৰি প্ৰমোদ বড়োৱে কয় যে, বৰ্তমান প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে দেশৰ ক্ষুদ্ৰ ক্ষুদ্ৰ বিদ্ৰোহীৰ সৈতেও মৰ্যাদাসহকাৰে কথা পাতি সমস্যা সমাধানত আগভাগ লৈছে, মুখ্যমন্ত্ৰীয়ে শান্তিপূৰ্ণ আৰু উন্নত অসম গঢ়াৰ বাবে আগবাঢ়িছে আৰু সেয়েহে এই সোণালী সময়তে পৰেশ বৰুৱাই উন্নত সমাজ গঢ়াৰ অংশীদাৰ হ'বলৈ আগবাঢ়ি আহক ৷ আকাঁৰগোজ মনোভাৱ প্ৰত্যাহাৰ কৰিবলৈয়ো পৰেশ বৰুৱাক আহ্বান প্ৰমোদ বড়োৰ(ULFA I peace talk) ৷

উল্লেখ্য যে, শেহতীয়াকৈ ৰাজ্যত পুনৰ আলফা স্বাধীনৰে আলোচনাৰ এক পৰিৱেশ গঢ় লৈ উঠিছে ৷ এনে প্ৰেক্ষাপটত প্ৰতিগৰাকী অসমৰ ৰাইজে বিগত 4টা দশক ধৰি অব্যাহত থকা আলফাৰ সমস্যা সমাধান হোৱাটো বিচাৰিছে ৷ লগতে আলফা(স্বা)ৰ মূল দাবী সাৰ্বভৌমত্বক লৈ আলোচনা হ’ব লাগে নে নালাগে সেই বিষয়ে জানিবলৈ অসমৰ ৰাইজৰ মাজত এক গণভোট অনুস্থিত কৰাৰো পোষকতা কৰিছে পৰেশ বৰুৱাই ৷ কিন্তু এইক্ষেত্ৰত অসমৰ ৰাইজৰ লগতে ৰাজ্য চৰকাৰেও গ্ৰহণ কৰিব লাগিব এক গুৰুত্বপূৰ্ণ পদক্ষেপ ৷

ইফালে, বিটিআৰত গাঁও অন্তৰ্ভুক্তি সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰমোদ বড়োৱে ৷ গাওঁ অন্তৰ্ভুক্তিকৰণক আদৰণি জনাই প্ৰমোদ বড়োৱে মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰি বিটিআৰ চুক্তিৰ এটা ডাঙৰ দফা ৰূপায়ণ হ'ল বুলিও মন্তব্য কৰে ৷ উল্লেখ্য যে, দেশৰ 74 সংখ্যক গণৰাজ্য দিবসৰ দিনটোত বিটিআৰত বিশ্বনাথৰ পৰা গহপুৰলৈ 80 শতাংশ বড়ো অধ্যুষিত 43 খন ৰাজহ গাঁও আৰু 17 খন বনগাঁও অন্তৰ্ভুক্তি কৰা বুলি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰাৰ পিছতেই বিটিআৰত আনন্দৰ বন্যা বৈছে ।

ইয়াৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰি মুখ্যমন্ত্ৰীৰ উক্ত ঘোষণাক আদৰণি জনাই বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োয়ে বিটিআৰ চুক্তিৰ অৱশিষ্ট এটা দফা ৰূপায়ণ কৰাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে । লগতে বড়োসকলৰ এটা ঐতিহাসিক এটা দাবী পূৰণ হ’ব বুলিও মন্তব্য কৰে প্ৰমোদ বড়োৱে ৷ বড়োসকলৰ অস্তিত্ব আৰু ইতিহাস জীয়াই ৰখাৰ বাবে কেন্দ্ৰীয় চৰকাৰকো ধন্যবাদ জ্ঞাপন প্ৰমোদ বড়োৰ ৷ লগতে অসমত সকলোকে একতাৰে সহবাসস্থানৰ কৰি জীয়াই থাকিবলৈ আহ্বান জনায় বিটিআৰ প্ৰধানগৰাকীয়ে ৷

লগতে পঢ়ক: Republic Day 2023 : গণৰাজ্য দিৱসত কি কি নতুন ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.