ETV Bharat / state

বিটিচি পৰিষদৰ মুখ্য কাৰ্যবাহী হিচাপে শপত গ্ৰহণ প্ৰমোদ বড়োৰ - বিটিচি প্ৰধানৰূপে প্ৰমোদ বড়োৰ শপতগ্ৰহণ

বিটিচি প্ৰধানৰূপে প্ৰমোদ বড়োৰ শপতগ্ৰহণ
নতুন বিটিচি পৰিষদৰ শপতগ্ৰহণ
author img

By

Published : Dec 15, 2020, 12:00 PM IST

Updated : Dec 15, 2020, 1:28 PM IST

11:54 December 15

শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত মুখ্যমন্ত্ৰী সোণোৱাল

নিউজ ডেস্ক, 15 ডিচেম্বৰ : কোকৰাঝাৰ জিলাৰ গ্ৰীণফিল্ড বডোফা নগৰত আজি দিনৰ 11 বজাত অনুষ্ঠিত হয় চতুৰ্থখন বিটিচি পৰিষদৰ শপতগ্ৰহণ অনুষ্ঠান ৷ বিটিচি পৰিষদৰ মুখ্য কাৰ্যবাহী হিচাপে শপত গ্ৰহণ কৰে ইপিপিএলৰ প্ৰমোদ বড়োয় ৷  

আনহাতে, উপ মুখ্য কাৰ্যবাহী হিচাপে গোবিন্দ বসুমতাৰীয়ে শপতগ্ৰহণ কৰে । লগতে তিনিজন কাৰ্যবাহী সদস্য ক্ৰমে গৌতম দাস, দিগন্ত বৰুৱা ,ঘনশ্যাম দাসেও শপত গ্ৰহণ কৰে ৷ মুখ্য সচিব জিষ্ণু বৰুৱাই শপত বাক্য পাঠ কৰোৱায় ৷  

উল্লেখ্য যে, এই শপতগ্ৰহণ অনুষ্ঠানৰ বাবে প্ৰাক্তন বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীকো নিমন্ত্ৰণ জনোৱা হৈছিল যদিও শপতগ্ৰহণ অনুষ্ঠানত তেওঁক দেখা পোৱা নগ'ল ৷  

শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ত্ৰিপুৰাৰ উপ মুখ্যমন্ত্ৰী জিষ্ণু দেৱবাৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস, সাংসদ দিলীপ শইকীয়া, নৱ কুমাৰ শৰণীয়া, ভূৱনেশ্বৰ কলিতা, পল্লৱ লোচন দাস, জয়ন্ত মল্ল বৰুৱা, গুনেস্বৰ কলিতা, প্ৰশাসক ৰাজেন্দ্ৰ প্ৰসাদ ।

উল্লেখ্য যে, শপতগ্ৰহণ অনুষ্ঠানৰ বাবে বিটিচিৰ চাৰিখন জিলাত ঘোষণা কৰা হৈছে চৰকাৰী বন্ধ ৷ সদ্যসমাপ্ত বিটিচি নিৰ্বাচনত কোনো এটা দলেও সংখ্যা গৰিষ্ঠতা লাভ নকৰিলে ৷ সেয়ে বৰ্তমান ইউপিপিএল, বিজেপি আৰু গণ সুৰক্ষা পাৰ্টী লগ হৈ গঠন কৰে পৰিষদ ৷  

শপত গ্ৰহণ কৰিয়ে কোকৰাঝাৰ চহৰ শান্তিৰ চহৰ বুলি ঘোষণা কৰে প্ৰমোদ বড়োয়ে ৷ লগতে তেওঁ কয় যে, আইন সংশোধন কৰি বিটিচিৰ সকলো লোকে যাতে ভূমি পায় তাৰ ব্যৱস্থা কৰিব আৰু দৰিদ্ৰতা নিৰ্মূলৰ বাবে কাম কৰিব ৷ সকলো বাধা-প্ৰত্যাহ্বানক আওকান কৰি বিটিআৰৰ উন্নতি কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে নৱ-নিৰ্বাচিত বিটিচি প্ৰধানগৰাকীয়ে ৷  

এই অনুষ্ঠানত উপস্থিত থাকে বড়ো সাহিত্য সভাৰ সভাপতি তৰেন বড়ো ৷ আনহাতে, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাষণ প্ৰসংগত কয় যে, ৰাজ্য চৰকাৰে এনডিএফবিৰ সদস্যসকলৰ পুনৰ সংস্থাপনৰ বাবে 60 কোটি টকা মোকলাই দিছে ৷ বিটিচিৰ চাৰিওখন জিলাত একোখনকৈ চৰকাৰী কলেজ এমাহৰ ভিতৰতে হৈ উঠিব ৷ এমাহৰ ভিতৰত কোকৰাঝাৰ মেডিকেল কলেজখনো মুকলি কৰা হ'ব ৷ আনহাতে, বিধানসভা নিৰ্বাচনৰ পূৰ্বেই তামুলপুৰত নতুনকৈ মেডিকেল কলেজৰ কাম কৰা হ'ব বুলি মন্তব্য মন্ত্ৰী শৰ্মাৰ ৷ 

লগতে পঢ়ক : বিটিচিৰ নতুন পৰিষদৰ শপতগ্ৰহণৰ দিনটোত চৰকাৰী বন্ধ ঘোষণা

Last Updated : Dec 15, 2020, 1:28 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.