বাক্সা, 27 জানুৱাৰী : বুধবাৰে বিটিআৰ শান্তি চুক্তিৰ এবছৰ সম্পূৰ্ণ হ'ল । ইতিমধ্যে, বিটিআৰ চুক্তিৰ স্বাক্ষৰকাৰী প্ৰমোদ বড়োৰ নেতৃত্বত গঠন হোৱা বিটিআৰ পৰিষদে অতি উলহ-মালহেৰে কোকৰাঝাৰত পালন কৰিছে বিটিআৰ শান্তি চুক্তিৰ প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠান ।
আনহাতে, এনডিএফবিক মুল সুঁতিলৈ ঘুৰাই অনাৰ বাবে যি শান্তি চুক্তিৰ জৰিয়তে বিটিআৰ পাবলৈ সক্ষম হল সেই সকল এনডিএফবিৰ চাৰিওটা গোটে আজি বিটিআৰ শান্তি চুক্তি বিৰোধ কৰা পৰিলক্ষিত হ'ল । বাক্সা জিলাৰ তামুলপুৰৰ মটঙা পাৰত থকা পাৰ্কত এনডিএফবিৰ চাৰিওটা গোটে নিজাববীয়াকৈ প্ৰথম অধিবেশন পালন কৰি বিটিআৰ চুক্তিৰ কৰিলে বিৰোধিতা কৰিলে ।
লগতে পঢ়ক : 73 বছৰে বিদ্যুতৰ পোহৰ নেদেখা মিছামাৰীৰ এখন গাঁও
অভিযোগ অনুসৰি, বিটিআৰ চুক্তিয়ে আশা-আকাংক্ষা পূৰণ কৰিব নোৱাৰিলে ৷ চুক্তিৰ সময়ত এনডিএফবিৰ আটাইকেইটা গোটক একেলগে বহুৱাই আলোচনা কৰিব দিয়া হোৱা নাছিল বুলিও অভিযোগ উত্থাপন কৰে । সশস্ত্ৰ সংগ্ৰাম কৰা এনডিএফবিৰ যি উদ্দেশ্য আছিল সেয়া বিটিআৰ চুক্তিয়ে পূৰণ কৰিব নোৱাৰে আৰু সেয়ে বিটিআৰ চুক্তি পুনৰীক্ষণ কৰিব লাগে বুলিও দাবী উত্থাপন কৰে এনডিএফবিৰ নেতা ধীৰেন বড়োই । লগতে বিটিআৰ চুক্তিয়ে বড়ো জনগোষ্ঠীৰ লগতে আন জাতি-জনগোষ্ঠীৰ লোকৰ সমস্যা সমাধান কৰিব নোৱাৰে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য ধীৰেন বড়োৰ ।
উল্লেখ্য যে, কোকৰাঝাৰত চৰকাৰীভাৱে বিটিআৰ চুক্তিৰ বৰ্ষপূৰ্তি অনুষ্ঠানৰ বিপৰীতে বাক্সা জিলাৰ তামুলপুৰত দিনযোৰা কাৰ্যসূচীৰে এনডিএফবিৰ চাৰিটা গোটে পালন কৰিলে বৰ্ষপূতি অনুষ্ঠান ৷
লগতে পঢ়ক : হঠাৎ শক্তিশালী অগপ : ‘বিগ ব্ৰাডাৰ’ বিজেপিলৈ কিহৰ ইংগিত?