ETV Bharat / state

বিটিআৰ চৰকাৰ ভঙা-পতাৰ ৰাজনীতিক লৈ উত্তাল বড়োভূমি - BTR EM gautam das press conference

প্ৰমোদ বড়োৰ নেতৃত্বত বিটিআৰত ইউপিপিএল, বিজেপি আৰু জিএছপিৰ চৰকাৰ শক্তিশালীভাৱেই চলি আছে ৷ সংবাদমেল সম্বোধন কৰি এই কথা স্পষ্ট কৰিলে বিজেপিৰ যুৱ নেতা তথা কাৰ্যবাহী সদস্য গৌতম দাসে(Press meet of BTR EM Gautam Das) ৷

press-meet-of-youth-bjp-leader-gautam-das-in-kokrajhar
উত্তাল বড়োভূমি
author img

By

Published : May 9, 2022, 8:11 AM IST

Updated : May 9, 2022, 9:24 AM IST

কোকৰাঝাৰ, 9 মে’: বিটিআৰ(BTR)ত পুনৰ ৰাজনৈতিক পট পৰিৱৰ্তন হ’ব বুলি বু-বু, বা-বা বিশেষকৈ প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল আৰু বিজেপি দলৰ কেইবাগৰাকী পাৰিষদে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দললৈ সমৰ্থন দি পুনৰ হাগ্ৰামা মহিলাৰীক বিটিআৰৰ অধ্যক্ষ পতাৰ যো-জা চলাইছে বুলি সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিয়ে এতিয়া বিটিআৰ অঞ্চলৰ ৰাজনৈতিক বতাহ গৰম কৰি তুলিছে ৷

একেটা বিষয়ৰ ওপৰত দেওবাৰে কোকৰাঝাৰত বিজেপিৰ যুৱ নেতা তথা বিটিআৰৰ কাৰ্যবাহী সদস্য গৌতম দাসে এক সংবাদমেল সম্বোধন(Press meet of BTR EM Gautam Das) কৰি স্থিতি স্পষ্ট কৰিছে ৷ কাৰ্যবাহী সদস্য দাসে সংবাদমেলখনত কয় যে, প্ৰমোদ বড়োৰ নেতৃত্বত বিটিআৰত ইউপিপিএল, বিজেপি আৰু জিএছপি চৰকাৰ শক্তিশালীভাৱেই চলি আছে ৷ বিটিআৰ অঞ্চলত এক অস্থিৰ ৰাজনৈতিক বাতাবৰণ সৃষ্টিৰ উদ্দেশ্যৰে পৰিষদীয় অঞ্চলটোৰ জনসাধাৰণৰ উন্নয়নমূলক কাম-কাজ তথা পৰিকল্পনাত হেঙাৰ সৃষ্টি কৰিবৰ বাবেহে বিপিএফ দলে এনে ভুৱা প্ৰচাৰ চলাই আছে ৷

বিটিআৰৰ কাৰ্যবাহী সদস্য গৌতম দাসৰ সংবাদমেল

আনপিনে, বিগত ৪ মে’ত গুবাহাটীত মুখ্যমন্ত্ৰীৰ সৈতে বিজেপিৰ সোতৰ গৰাকী পাৰিষদৰ ভিতৰত ১৫ গৰাকী পাৰিষদে এক বৈঠকত মিলিত হৈছিল ৷ কিন্তু বৈঠকখনত বিজেপিৰ পাৰিষদ তথা এমচিএলএ ভবেন চন্দ্ৰ বড়ো আৰু বিটিআৰৰ উপাধ্যক্ষ অভিৰাম মহানায়ক অনুপস্থিত আছিল ৷ অৱশ্যে ইয়াৰে অভিৰাম মহানায়কে ব্যক্তিগত অসুবিধাৰ বাবে উপস্থিত নাছিল বুলি অৱগত কৰা বুলি কাৰ্যবাহী সদস্যগৰাকীয়ে সদৰী কৰে ৷

একমাত্ৰ ভৱেন চন্দ্ৰ বড়োক বাদ দি আটাইকেইজন ঠিকে আছে ৷ মুঠতে বিপিএফ দলে ৰাইজৰ মাজত বিভ্ৰান্তি ৰচনা কৰি বিপথে পৰিচালনা কৰিবৰ বাবে এনে ভুৱা প্ৰচাৰ চলাই থকা বুলি গৌতম দাসে অভিযোগ কৰে ৷ তদুপৰি বিটিআৰৰ কাৰ্যবাহী সদস্য গৌতম দাসে বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰী(BPF president Hagrama Mahilary)ৰ সৈতে আলোচনাত মিলিত হোৱা বুলি সম্প্ৰচাৰিত বাতৰিটো গোকাট মিছা বুলিও সংবাদমেলখনত কাৰ্যবাহী সদস্যগৰাকীয়ে স্পষ্ট কৰি দিয়ে ৷

লগতে চাওক: এবছৰীয়া কাৰ্যকালক ৰাজনৈতিকভাৱে সোণোৱালী যাত্রা হিচাপে অভিহিত মুখ্যমন্ত্রীৰ

Last Updated : May 9, 2022, 9:24 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.