কোকৰাঝাৰ, 1 জুলাই : বিটিচিৰ মীন বিভাগত ২০ কৌটি টকাৰ কেলেংকাৰী কৰা বুলি অভিযোগ উত্থাপন কৰিছে ইউ পি পি এলে । বুধবাৰে কোকৰাঝাৰস্থিত ইউ পি পি এলৰ কেন্দ্ৰীয় কাৰ্যালয়ত আয়োজিত এখন সংবাদ মেলত ইউ পি পি এলৰ যুৱ নেতা কমল আজাদে তথ্য সহকাৰে দাঙি ধৰে বিটিচি মীন বিভাগত ২০১৯-২০ বিত্তীয় বৰ্ষত মীন পালনৰ নামত ২০ কৌটি টকাৰ কেলেংকাৰী আৰু অনিয়মৰ কথা । এই তথ্য RTI ৰ জৰিয়তে লাভ কৰা বুলি উল্লেখ কৰে নেতা জনে ।
আজাদে যোৱা হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত বিপিএফৰ শাসন কালত এই সময়ৰ কাৰ্যবাহী সদস্য শ্যাম চণ্ডীক তত্বাৱধানত এই বিয়াগোম কেলেংকাৰী হোৱা বুলি উল্লেখ কৰে ।
২০১৯-২০ বৰ্ষত ৩৪ জন মীন পালকক বিভাগে ৫০,০০০ টকাকৈ পালকৰ বাবে এককালীন দিয়া হৈছিল যদিও কোনো এজন প্ৰকৃততে মীন পালকে নাপালে বুলি অভিযোগ কৰে । আনকি এটাও পুখুৰী এই ঠাইখনত দেখিবলৈ পোৱা নাযায় বুলি কয় সংবাদমেলখনত ।
এই কেলেংকাৰী সম্পৰ্কে শীঘ্ৰেই তদন্তৰ দাবী উত্থাপন কৰিছে ইউ পি পি এলে ।