ETV Bharat / state

বড়ো জনগোষ্ঠীৰ উন্নয়ন সন্দৰ্ভত বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ বৈঠক - BTC chief Pramod Bodo meeting

উক্ত বৈঠকত বড়ো সাহিত্য সভা, নিখিল বড়ো ছাত্ৰ সন্থা(এবছু), বড়ো হাৰিমু আফাতকে ধৰি কুৰিৰো অধিক বড়ো জাতীয় সংগঠনৰ সৈতে বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰে বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে ৷

btc-chief-pramod-bodo-meeting-with-different-bodo-organization
বড়ো জনগোষ্ঠীৰ উন্নয়ন সন্দৰ্ভত বিটিআৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ গুৰুত্বপূৰ্ণ বৈঠক
author img

By

Published : Jan 16, 2021, 11:03 PM IST

কোকৰাঝাৰ,16 জানুৱাৰী: বড়ো জনগোষ্ঠীক সকলো দিশৰ পৰা উন্নয়নৰ দিশে আগবঢ়াই নিয়াৰ উদ্দেশ্যৰে শনিবাৰে কোকৰাঝাৰৰ বালাগাঁওস্থিত কেন্দ্ৰীয় তথ্য-প্ৰযুক্তি প্ৰতিষ্ঠান চমুকৈ চিআইটিৰ নিউ লেকচাৰ গেলেৰীত অনুষ্ঠিত হয় এখন গুৰুত্বপূৰ্ণ বৈঠক ৷ উক্ত বৈঠকত বড়ো সাহিত্য সভা, নিখিল বড়ো ছাত্ৰ সন্থা(এবছু), বড়ো হাৰিমু আফাতকে ধৰি কুৰিৰো অধিক বড়ো জাতীয় সংগঠনৰ সৈতে বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰে বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে ৷

বড়ো জনগোষ্ঠীৰ উন্নয়ন সন্দৰ্ভত বিটিআৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ গুৰুত্বপূৰ্ণ বৈঠক

বৈঠকৰ অন্তত প্ৰমোদ বড়োৱে সাংবাদিকৰ আগত বড়ো জনগোষ্ঠীৰ বিভিন্ন সমস্যা সন্দৰ্ভত জনগোষ্ঠীটোৰ বিভিন্ন জাতীয় সংগঠনৰ সৈতে আলোচনা কৰা হয় বুলি জানিবলৈ দিয়ে ৷ লগতে জাতীয় সংগঠনসমূহৰ পৰা বহুতো ভাল দিহা-পৰামৰ্শ পোৱা গৈছে বুলি উল্লেখ কৰি অনাগত দিনত চৰকাৰৰ তৰফৰ পৰা কাৰ্যকৰী কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব বুলি সদৰী কৰে প্ৰমোদ বড়োৱে ।

btc-chief-pramod-bodo-meeting-with-different-bodo-organization
বড়ো জনগোষ্ঠীৰ উন্নয়ন সন্দৰ্ভত বিটিআৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ গুৰুত্বপূৰ্ণ বৈঠক

আনহাতে কেৱল ভাষা-শিক্ষাই নহয় জনগোষ্ঠীটোক আগবঢ়াই নিবলৈ যিবিলাক বিষয়ত গুৰুত্ব আৰোপ কৰিব লাগিব সেই সকলোবোৰ বিষয় বৈঠকত আলোচনা কৰা হৈছে বুলি উল্লেখ কৰি প্ৰমোদ বড়োৱে ৷ এনডিএফবিৰ সমস্যা সমাধানকে ধৰি, যি আলোচনা হৈছে সেইয়া বিভিন্ন ক্ষেত্ৰৰ যোগাত্মক দিশৰ আলোচনা হৈছে বুলি জনাই নেতা গৰাকীয়ে ৷ এনেদৰে সকলোৱে সহায় সহযোগিতা আগবঢ়ালে সকলো কাম সুস্থ আৰু সুন্দৰ ভাৱে কৰিব পাৰিব বুলি আশা ব্যক্ত কৰে বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে ৷

লগতে পঢ়কঃ ৰাজ্যত পুনৰ এক বিজেপি বিৰোধী মহাজোট গঠনৰ উকমুকনি !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.