ETV Bharat / state

বিটিচিৰ ৰাজপাটত পুনৰ বহিব বিপিএফ : আশাবাদী হাগ্ৰামা

বিটিচি নিৰ্বাচনক লৈ যঠেষ্ট আশাবাদী হোৱা দেখা গৈছে বিপিএফৰ মুৰব্বী তথা প্ৰাক্তন বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীক ৷ এইবাৰো একক সংখ্যাগৰিষ্ঠতাৰে বিপিএফেই বিটিচিত পৰিষদীয় চৰকাৰ গঠন কৰিব বুলি সংবাদ মাধ্যমৰ আগত দৃঢ়তা প্ৰকাশ বিপিএফৰ মুৰব্বীগৰাকীৰ ৷

btc election
btc election
author img

By

Published : Nov 4, 2020, 7:12 AM IST

কোকৰাঝাৰ, 4 নবেম্বৰ : আগন্তুক বিটিচি পৰিষদীয় নিৰ্বাচনক লৈ বড়োভূমিৰ চৌদিশে এতিয়া অব্যাহত আছে তীব্ৰ নিৰ্বাচনী প্ৰচাৰ অভিযান ৷ বিপিএফ দলেও নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তুংগত কৰি তুলিছে ৷ মঙলবাৰে কোকৰাঝাৰ জিলাৰ দেৱৰগাঁও পৰিষদীয় সমষ্টিৰ অন্তৰ্গত জানাগাঁৱত এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয় বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে ৷ নিৰ্বাচনক লৈ যঠেষ্ট আশাবাদী মহিলাৰী ৷ সাংবাদিকৰ আগত তেওঁ কয় যে, বিপিএফ দলৰ অৱস্থা এতিয়াও বহুত ভাল আৰু সুন্দৰ গতিত আগবাঢ়িছে ৷ এইবেলিও একক সংখ্যাগৰিষ্ঠতাৰে বিটিচি পৰিষদীয় চৰকাৰ বিপিএফে গঠন কৰিব বুলি দৃঢ়তা প্ৰকাশ কৰে প্ৰাক্তন বিচিটি প্ৰধানগৰাকীয়ে ৷

আশাবাদী হাগ্ৰামা

নিজ সমষ্টি ১০ নং দেৱৰগাঁৱৰ জানাগাঁও খেলপথাৰত দেৱৰগাঁও ব্লক সমিতিৰ উদ্যোগত আয়োজিত মহিলা বিপিএফ গোটৰ এক বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি মহিলাৰীয়ে কয় যে, কোকৰাঝাৰ জিলাত ১২ টা পৰিষদীয় সমষ্টি আছে, আৰু ইয়াৰে ১০ টা সমষ্টিত বিপিএফৰ জয় এশ শতাংশ নিশ্চিত হৈছে ৷ আন সমষ্টি সমূহতো ওদালগুৰিৰ পৰা শ্ৰীৰামপুৰলৈকে বিপিএফ দলেই বিজয় সাব্যস্ত কৰি চতুৰ্থ বাৰৰ বাবে বিটিচি পৰিষদীয় চৰকাৰ গঠন কৰিব ৷

হাগ্ৰামা মহিলাৰীৰ দাবী কৰে যে বিগত ১৫ বছৰত বিপিএফ দলক বড়ো সকলৰ লগতে ধৰ্মীয় সংখ্যালঘু মুছলমান, হিন্দু বঙালী, আদিবাসী, কোচৰাজবংশী, নাথ-যোগী, সুত্ৰধৰ, গোৰ্খা আদি জনগোষ্ঠী সমূহে আস্থা আৰু বিশ্বাসত লৈছিল আৰু সেই ধাৰা এতিয়াও অক্ষুন্ন আছে ৷

লগতে পঢ়ক : আছু ত্যাগৰ সিদ্ধান্তত অটল ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.