কোকৰাঝাৰ, ২৩ মাৰ্চ : আগন্তুক লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন । নিৰ্বাচনক লৈ ৰাজ্যৰ ৰাজনৈতিক দলৰ পৰা আৰম্ভ কৰি সকলো সংগঠন ব্যস্ত হৈ পৰা সময়তে শনিবাৰে কোকৰাঝাৰ দতমাত যুৱ বি.পি.এফ আৰু বড়োলেণ্ড ছাত্ৰ সংস্থাৰ যৌথ এখন বিশেষ সভা অনুষ্ঠিত হয় । আগন্তুক নিৰ্বাচনত দলীয় প্ৰাৰ্থী অৰ্থাৎ অসমৰ সমাজ কল্যাণ মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মাৰ হৈ প্ৰচাৰ অভিযানত নামি পৰা কোকৰাঝাৰ জিলা যুৱ বি পি এফ আৰু বড়োলেণ্ড ছাত্ৰ সংস্থাই আয়োজন কৰা এই সভাত কেইবা সহস্ৰাধিক জনসাধৰণৰ লগতে বি পি এফ কৰ্মীয়েও অংশগ্ৰহণ কৰে । ইয়াৰ উপৰিও কোকৰাঝাৰ লোকসভা সমষ্টিত হেৰাই যোৱা বি.পি.এফ.দলক পুনৰ উদ্ধাৰৰ বাবে বি.পি.এফ.দলে টঙালি বন্ধাৰ কথাও উল্লেখ কৰে। আনকি জনসাধৰণৰ পৰাও বহু সমৰ্থন লাভ কৰাৰ কথাব্যক্ত কৰে বি.পি,এফ.দলে । বি টি চিত জলসিঞ্চন বিভাগৰ কাৰ্যবাহী সদস্য তথা কোকৰাঝাৰ জিলা যুৱ বি পি এফৰ সভাপতি ৰাজীৱ কুমাৰ ব্ৰহ্মই সভাপতিত্ব কৰা সভাখনৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে ২৯ নং পশ্চিম কোকৰাঝাৰ সমষ্টিৰ বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে ।
আনহাতে কোকৰাঝাৰ সমষ্টিৰ বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে নৱ শৰণীয়াক কটাক্ষ কৰি কয় -নৱ শৰণীয়াই আলফা কৰা এজন নেতা আছিল আৰু আলফা কৰা সময়ত হাতত অস্ত্ৰ লৈয়েই তেখেতে সংগঠনৰ কাম-কাজ কৰিছিল । তেওঁ বেআইনী কাম-কাজত জড়িতও হৈছিল। বৰ্তমানেও যে তেখেতে হাতত অস্ত্ৰ লৈ কাম কৰা নাই তাত কোনো সন্দেহ নাই। সেয়ে হিৰা শৰণীয়া হাতত অস্ত্ৰ আছে নে নাই সমাজে আৰু চৰকাৰে ভালকৈ জানে আমি ক’বলগীয়া একো নাই বুলি জনাই নাৰ্জাৰীয়ে ।