কোকৰাঝাৰ, ১২ মাৰ্চ : বড়ো জনগোষ্ঠীৰ অৰাজনৈতিক সংগঠন বড়ো সাহিত্য সভাই সমাগত বিধানসভা নিৰ্বাচনত পালন কৰিব নিৰপেক্ষ ভূমিকা ৷ কোকৰাঝাৰৰ বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ আৰএনবি ভৱনত শুকুৰবাৰে আয়োজিত এক সংবাদমেল যোগে এই কথা সদৰি কৰে বড়ো সাহিত্য সভাই ৷
সংবাদমেলত বড়ো সাহিত্য সভাৰ উপ সভাপতি ড° দীননাথ বসুমতাৰীয়ে কয়, বড়ো সাহিত্য সভাই নিৰ্বাচনত কোনো দলক সমৰ্থন নাইবা কোনো দলক বিৰোধিতা কৰা নীতি অৱলম্বন নকৰে ৷ সম্পূৰ্ণ নিৰপেক্ষ ভূমিকা পালন কৰিব ৷ লগতে সভাপতি গৰাকীয়ে বড়ো সাহিত্য সভাৰ কৰ্মী সকলক গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি ভোটদান কৰিবলৈ আহ্বান জনায় ৷
উল্লেখ্য যে, বড়ো সাহিত্য সভাৰ সৈতে জড়িত কোনো বিষয়ববীয়া বা কৰ্মীয়ে নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীত বড়ো সাহিত্য সভাৰ সাংগঠনিক পতাকা ব্যৱহাৰ কৰিব নোৱাৰিব বুলি স্পষ্ট কৰি দিয়ে সভাপতি গৰাকীয়ে ৷ সভাত সীতাৰাম বসুমতাৰী, জৌংছাৰ নাৰ্জাৰী, নীলিমা বসুমতাৰী, সন্তোষ কুমাৰ বসুমতাৰী আদি উপস্থিত থাকে ৷
লগতে পঢ়ক: শিৱ দ'লৰ শিৱৰাত্ৰীত লাখ লাখ লোকৰ সমাগম