ETV Bharat / state

Assamese medium controversy: বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক সিদ্ধান্ত সলনিৰ আহ্বান বড়ো সংগঠনৰ

author img

By

Published : Jun 30, 2023, 9:50 PM IST

বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধীনৰ মহাবিদ্যায়সমূহত স্নাতক মহলাৰ মেজৰ পাঠ্যক্ৰম অসমীয়াত পঢ়িব নোৱাৰিব বুলি নিৰ্দেশনা জাৰি কৰাৰ পাচতেই সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ৷ সিদ্ধান্ত সলনিৰ বাবে উপাচাৰ্যক স্মাৰক পত্ৰ প্ৰেৰণ কেইবাটাও সংগঠনৰ ৷

Assamese medium controversy
Boroland Universitys decision over Assamese medium
বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক সিদ্ধান্ত সলনিৰ আহ্বান

কোকৰাঝাৰ, ৩০ জুন: স্নাতক মহলাত মেজৰ পাঠ্যক্ৰমৰ পৰীক্ষা কেৱল ইংৰাজীতে লিখিব লাগিব বুলি বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ জাৰি কৰা নিৰ্দেশনাক লৈ প্ৰতিক্ৰিয়া অব্যাহত আছে ৷ ইয়াৰ মাজতে শুকুৰবাৰে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপচাৰ্য ড৹ লাইশ্ৰাম লাড্ডু সিঙক সাক্ষাৎ কৰে বড়ো নেশ্যনেল ষ্টুডেন্টছ ইউনিয়ন চমুকৈ বনছুকে ধৰি বিটিআৰ এলেকাৰ বিভিন্ন জাতি-জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা বিপিএফৰ সাতটাকৈ কোষ তথা ভাতৃ সংগঠনে ৷

বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উক্ত হঠকাৰী সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবীত বডোলেণ্ড ষ্টুডেণ্ট ইউনিয়ন চমুকৈ বনছু আৰু বিপিএফ দলৰ যুৱ শাখাৰ নেতৃত্বত ভাতৃ সংগঠন ক্ৰমে কোচ ৰাজবংশী, নাথ-যোগী, গোৰ্খা, সংখ্যালঘু, বেংগলী আৰু আদিবাসী কোষে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ লাইশ্ৰাম লাড্ডু সিঙক সাক্ষাৎ কৰি দুই দফীয়া দাবী সম্বলিত এক স্মাৰক পত্ৰ প্ৰদান কৰে ।

উক্ত স্মাৰক পত্ৰত বড়োলেণ্ড বিশ্ববিদ্যালয়ে যোৱা ২৬ জুনত জাৰি কৰা নিৰ্দেশনা প্ৰত্যাহাৰ কৰি বিশ্ববিদ্যালয়ৰ অধীনস্থ মহাবিদ্যালয় সমূহত স্নাতক মেজৰ পাঠ্যক্ৰম পৰীক্ষাত অসমীয়া মাধ্যমত তথা মাতৃভাষা মাধ্যমত লিখাৰ ব্যৱস্থা বাহাল ৰখাৰ দাবী জনায় ৷

ইয়াৰ লগতে এতিয়ালৈ নথকা বিভাগসমুহ খোলাৰ দাবী উত্থাপন কৰে ৷ তদুপৰি অহা চাৰি আৰু পাঁচ জুলাইত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ শৈক্ষিক পৰিষদৰ বৈঠকত তেওঁলোকৰ দাবীক গুৰুত্ব নিদিলে তীব্ৰ আন্দোলনত নমাৰ হংকাৰ দিছে বিপিএফৰ যুৱ গোট, বড়োলেণ্ড ছাত্ৰ সন্থা আৰু বিপিএফৰ বিভিন্ন জনগোষ্ঠীয় কোষসমুহে ।

ইপিনে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপচাৰ্যক সাক্ষাৎ কৰা বিপিএফৰ ভাতৃ গোটৰ অন্যতম "গোৰ্খা কোষ"ৰ সভাপতি নন্দলাল মগৰে সাংবাদিকৰ আগত বড়োলেণ্ড বিশ্ববিদ্যালয়ে জাৰি কৰা এই নিৰ্দেশনা পত্ৰই মাতৃভাষাক অৱজ্ঞা কৰা সূচাইছে বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷

লগতে পঢ়ক: Assam Gunotsav: গুণোৎসৱত বেয়া ফল দেখুওৱা বিদ্যালয়ৰ বিৰুদ্ধে লোৱা হ’ব অনুশাসনমূলক ব্যৱস্থা; শিক্ষামন্ত্ৰী

বড়োলেণ্ড বিশ্ববিদ্যালয়ে ইয়াৰ আগন্তুক শৈক্ষিক পৰিষদৰ বৈঠকত বিৰ্তকিত বিষয়টো নিষ্পত্তিকৰণৰ বাবে যদি কোনো ধৰণৰ বিহীত ব্যৱস্থা গ্ৰহণ নকৰে, তেন্তে বিপিএফৰ সকলো ভাতৃ গোটে ইয়াৰ প্ৰতিবাদত তীব্ৰতৰ আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে নন্দলাল মগৰে ৷ ইফালে বড়োলেণ্ড বিশ্ববিদ্যালয়ে যোৱা ২৬ মাৰ্চত জাৰি কৰা নিৰ্দেশনাক বাতিল কৰি পুনৰাই স্নাতকৰ মেজৰ পাঠ্যক্ৰম অসমীয়া মাধ্যমত লিখাৰ ব্যৱস্থা বাহাল ৰখাৰ দাবী তুলিছে বিপিএফৰ যুৱ গোটৰ উপসভাপতি প্ৰহ্লাদ ব্ৰহ্মই ৷

নেতাগৰাকীয়ে বিষয়টোকলৈ উপাচাৰ্যক যৌথভাৱে দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰিছে আৰু অহা চাৰি জুলাইত অনুষ্ঠিত হ’ব লগা বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ বৈঠকখনলৈ অপেক্ষা কৰিব ৷ বিষয়টোক গুৰুত্ব সহকাৰে সমাধান নকৰিলে বিপিএফৰ সকলো ভাতৃ দল বা কোষে ঐক্যবদ্ধ তীব্ৰ আন্দোলনত নামিব বুলি হংকাৰ দিয়ে ৷

ইপিনে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ লাইশ্ৰাম লাড্ডু সিঙক সাক্ষাৎ কৰি স্মাৰক পত্ৰ প্ৰদান কৰাৰ পিছত বিপিএফৰ কোচ-ৰাজবংশী কোষৰ সভাপতি দীপাংকৰ ৰাজবংশী কয় যে, যি সময়ত গুৱাহাটী, ডিব্ৰুগড় বিশ্ববিদ্যালয়ত এনেধৰণৰ কোনো নিৰ্দেশনা নাই তেনেসময়ত বড়োলেণ্ড বিশ্ববিদ্যালয়ে গ্ৰহণ কৰা এনে পদক্ষেপ প্ৰকৃততে নিত্যান্তই দুৰ্ভাগ্যজনক আৰু হঠকাৰী সিদ্ধান্ত ৷ অতি শীঘ্ৰে এনে সিদ্ধান্ত প্ৰত্যাহাৰ কৰাৰ দাবী জনোৱাৰ লগতে অসম চৰকাৰক বিশ্ববিদ্যালয়খনৰ প্ৰতি চকু দিবলৈ আহ্বান জনায় নেতাগৰাকীয়ে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.