ETV Bharat / state

Insult to Assamese language: বনছুৰ ধৃষ্টতা, অসমীয়া ভাষাৰ ফলকত সানিলে বগা ৰং - BoNSU

বৃহস্পতিবাৰে কোকৰাঝাৰ সদৰ চহৰৰ মাজমজিয়াৰ জলসিঞ্চন বিভাগৰ পূৱ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ত উপস্থিত হয় বনছুৰ এটা দল ৷ তাৰ পিছতেই কাৰ্যালয়টোত পূৰ্বৰে পৰা থকা অসমীয়া আৰু ইংৰাজী ভাষাৰ ফলকত বনছুৱে সানে বগা ৰং । 15জানুৱাৰীৰ ভিতৰত বড়োলেণ্ডৰ সকলো চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, ব্যৱসায়ীক প্ৰতিষ্ঠান আদিৰ ফলক বড়ো ভাষাত লিখাৰ দাবী বনছুৰ(BoNSU) ৷

BoNSU Protest
বনছুৰ ধৃষ্টতা, অসমীয়া ভাষাৰ ফলকত সানিলে বগা ৰং
author img

By

Published : Dec 15, 2022, 9:09 PM IST

বনছুৰ ধৃষ্টতা, অসমীয়া ভাষাৰ ফলকত সানিলে বগা ৰং

কোকৰাঝাৰ, 15ডিচেম্বৰ: কোকৰাঝাৰত বড়ো ছাত্ৰ সংগঠন বড়ো নেচনেল ষ্টুডেণ্টছ ইউনিয়ন(Bodo National Students' Union) চমুকৈ বনছুৰ চৰম ধৃষ্টতা ৷ সকলো সীমা চেৰাই গৈ অসমীয়া ভাষাক স্পৰ্ধা বনছুৰ(BoNSU) ৷ কোকৰাঝাৰত চৰকাৰী কাৰ্যালয়ৰ ফলক বড়ো ভাষাত নিলিখাৰ বাবেই বনছুৱে বগা ৰং সানিলে জলসিঞ্চন বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ৰ অসমীয়া আৰু ইংৰাজী ভাষাৰ ফলকত (Insult to Assamese language) ৷

উল্লেখ্য যে, কিছুদিন পূৰ্বে চিৰাং জিলাৰ বিজনীত আছুৱে(AASU) চৰকাৰী কাৰ্যালয়ত অসমীয়া ভাষা নিলিখাৰ বাবে নমাই দিছিল ফলক ৷ সেই ঘটনাৰে যেন এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বনছুৱে ৷

বৃহস্পতিবাৰে কোকৰাঝাৰ সদৰ চহৰৰ মাজমজিয়াৰ জলসিঞ্চন বিভাগৰ পূৱ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ত উপস্থিত হয় বনছুৰ এটা দল ৷ তাৰ পিছতেই কাৰ্যালয়টোত পূৰ্বৰে পৰা থকা অসমীয়া আৰু ইংৰাজী ভাষাৰ ফলকত বনছুৱে সানে বগা ৰং ।

কেৱল সিমানেই নহয়, 15জানুৱাৰীৰ ভিতৰত বড়োলেণ্ডৰ সকলো চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, ব্যৱসায়ীক প্ৰতিষ্ঠান আদিৰ ফলক বড়ো ভাষাত লিখাৰ দাবী বনছুৰ কোকৰাঝাৰ জিলা সমিতিৰ মুখপাত্ৰ জংখাং বসুমতাৰী আৰু জিলা সম্পাদক সঞ্জয় কুমাৰ ব্ৰহ্মৰ ৷ অন্যথা সকলো কাৰ্যালয়, প্ৰতিষ্ঠান বন্ধ কৰি দিয়াৰ হুংকাৰ সংগঠনটোৰ ৷

ইয়াৰ লগতে, ভাষা আন্দোলনৰ বাবে বহু শ্বহীদ হ'ল , সেয়েহে বড়ো ভাষা ব্যৱহাৰ কৰিবই লাগিব বুলিও মন্তব্য সংগঠনটোৰ নেতৃত্বৰ ৷ বিটিআৰ এলেকাত বড়ো ভাষাক অৱমাননা কৰা সহ্য কৰা নহ’ব বুলি উল্লেখ কৰি প্ৰমোদ বড়ো(BTC chief Pramod Bodo) নেতৃত্বাধিন বিটিআৰ চৰকাৰকো(BTR Government) সকীয়নি সংগঠনটোৰ ৷ বড়ো ভাষাৰ বাবে সহস্ৰাধিক লোকে জীৱন ত্যাগ কৰিছে আৰু সংবিধানৰ অষ্টম অনুসূচিতো বড়ো ভাষাই স্বীকৃতি লাভ কৰিছে বুলিও মন্তব্য বনছুৰ নেতৃত্বৰ ৷ যি ঘটনাক কেন্দ্ৰ কৰি এতিয়া ৰাজ্যজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়া ৷

উল্লেখ্য যে, চলিত বৰ্ষতে বৰাকত অসমীয়া ভাষাৰ ফলকত কলা ৰং সানিছিল বিতৰ্কিত বাঙালী নেতা প্ৰদীপ দত্ত ৰয়ৰ(Pradip Dutta Roy) নেতৃত্বত এটা সংগঠনে ৷ তাৰ পিছত পুনৰ বৃহস্পতিবাৰে কোকৰাঝাত সংঘটিত হোৱা এই ঘটনাই স্বাভাৱিকতে সৰ্বত্ৰে সৃষ্টি কৰিছে প্ৰতিক্ৰিয়া ৷

কিন্তু প্ৰশ্ন হয়, বাৰে বাৰে অসমীয়া ভাষাক অপমানৰ এই ধৃষ্টতা কিয়? কিয় অসমতেই এতিয়া স্থান হেৰুৱাবলগীয়া হৈছে অসমীয়া ভাষাই? ইফালে, কোকৰাঝাৰৰ এই ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(CM Himanta Biswa Sarma) নেতৃত্বাধীন ৰাজ্য চৰকাৰ আৰু প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিআৰ চৰকাৰৰ স্থিতি কি হ’ব সেয়াহে এতিয়া লক্ষণীয় হ’ব ৷

লগতে পঢ়ক: Atul Bora replied: কৃষিত দুৰ্নীতি চলিয়েই আছে বুলি মনে নধৰে অতুল বৰাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.