ETV Bharat / state

67 birth anniversary observed: বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ 67 সংখ্যক জন্মজয়ন্তী উদযাপন

কোকৰাঝাৰ জিলাৰ দোতমাৰ থুলুংগাপুৰীত বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ (Bodofa Upendra Nath Brahma) ৬৭ সংখ্যক জন্মজয়ন্তী উপলক্ষে ছাত্ৰ দিৱস উদযাপন কৰা হয় (Student Day observed in Kokrajhar)৷

Bodofa Upendra Nath Brahma 67 birth anniversary observed in Kokrajhar
বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ ৬৭ সংখ্যক জন্ম দিৱস উদযাপন
author img

By

Published : Mar 31, 2023, 8:57 PM IST

বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ ৬৭ সংখ্যক জন্ম দিৱস উদযাপন

কোকৰাঝাৰ, 31 মাৰ্চ: বড়ো জনগোষ্ঠীৰ পিতৃস্বৰূপ বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ (Bodofa Upendra Nath Brahma) আজি 67 সংখ্যক জন্ম জয়ন্তী ৷ বডোফাৰ জন্মজয়ন্তীৰ উপলক্ষে আজি অৰ্থাৎ শুকুৰবাৰে কোকৰাঝাৰ জিলাৰ দোতমাৰ থুলুংগাপুৰীত নিখিল বড়ো ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত ছাত্ৰ দিৱস হিচাপে উদযাপন কৰা হয় (Student Day observed in Kokrajhar) ৷ 2006 চনৰ পৰাই প্ৰতি বছৰৰ মাৰ্চ মাহৰ 31 তাৰিখে ব্ৰহ্মৰ জন্মদিনৰ লগত সংগতি ৰাখি বড়ো জনগোষ্ঠীয়ে ছাত্ৰ দিৱস হিচাপে পালন কৰি আহিছে (Upendra Nath Brahma 67 birth anniversary) ।

এই অনুষ্ঠানৰ আৰম্ভনিতে পুৱা পতাকা উত্তোলনৰে ছাত্ৰ দিৱসৰ দিনজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰে এবছুৰ কেন্দ্ৰীয় সভাপতি দ্বীপেন বড়োৱে ৷ ইয়াৰ পিচতে বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ সমাধিক্ষেত্ৰত পুষ্পাঞ্জলি অৰ্পণ কৰে বডোফাৰ পৰিয়ালবৰ্গই ৷ এই অনুষ্ঠানত অতিথিৰূপে উপস্থিত থাকে অৰণ্য মানৱ যাদব পায়েং, মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, এবছুৰ সভাপতি দ্বীপেন ব্ৰহ্ম প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি ৷ মুখ্য অতিথিসকলে বডোফাৰ সমাধিক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷

ইয়াৰোপৰি এই অনুষ্ঠানত শান্তিৰ বাবে কপৌ চৰাই আৰু আকাশত ৰং-বিৰঙী বেলুন উৰুওৱাৰ লগতে বডোফাৰ সমাধিক্ষেত্ৰ থুলুংগাপুৰীৰ পৰা এক বিশাল শোভাযাত্ৰা উলিওৱা হয় ৷ এই শোভাযাত্ৰাত শতাধিক স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ৷ ইয়াৰোপৰি এই অনুষ্ঠানৰ লগত সংগতি ৰাখি এক মুকলি সভাৰো আয়োজন কৰা হয় ৷ লগতে এই মুকলি সভাত উপস্থিত থাকে বড়ো সাহিত্য সভাৰ সভাপতি সুৰথ বসুমতাৰী, এন আৰ এলৰ উপ সঞ্চালক সুদীপ প্ৰধান, কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী, কাৰ্যবাহী সদস্য ৰেওৰেৱা নাৰ্জিহাৰী, বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক সুবুং বসুমতাৰী, বিটিআৰ সচিব প্ৰধান অনুৰাগ গোৱেল আৰু বড়ো হাৰিমু আফাত নেডান ফাউণ্ডেচনৰ সঞ্চালক ডিগম্বৰ নাৰ্জাৰী, এবছুৰ সাধাৰণ সম্পাদক খনিন্দ্ৰ বসুমতাৰীসহ ছাত্ৰ সংগঠনটোৰ কেন্দ্ৰীয়-জিলা নেতৃবৃন্দ উপস্থিত থাকে ৷

ইপিনে বডোফাৰ জন্মদিনক ৰাজ্যিক ছাত্ৰ দিৱস হিচাপে (State Student Day) উদযাপন কৰাত স্বীকৃতি দিয়াত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰি এবছুৰ সভাপতি দ্বীপেন বড়োৱে ৷ ভাষণ প্ৰসংগত তেওঁ বডোফাৰ যি আধৰুৱা সপোন জাতি, সমাজ , শিক্ষা, অৰ্থনীতি আদি আগুৱাই লৈ যাবলৈ এবছু সংকল্পবদ্ধ বুলি উল্লেখ কৰে ৷

স্মৰ্তব্য যে 1957 চনৰ 31 মাৰ্চত জন্মগ্ৰহণ কৰা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ 19990 চনৰ 1 মে’ত মৃত্যু হৈছিল ৷ সদৌ বড়ো ছাত্ৰ সন্থাৰ সভাপতি আছিল ব্ৰহ্ম ৷ বড়োসকলৰ ৰাজনৈতিক আৰু সামাজিক উন্নতিৰ বাবে কাম কৰাৰ বাবে উপেন্দ্ৰনাথ ব্ৰহ্মক 'বডোফা' অৰ্থাৎ বড়োসকলৰ পিতৃ বুলি আখ্যা দিয়া হয় ৷

লগতে পঢ়ক: Maran Jatiya Mahila Parishad : দুদিনীয়া কাৰ্যসূচীৰে মৰাণ জাতীয় মহিলা পৰিষদৰ প্ৰতিষ্ঠা দিৱস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.