কোকৰাঝাৰ, 16 নৱেম্বৰঃ ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে কোকৰাঝাৰতো 67 তম বড়ো "বড়ো থুনলাই ছান" অৰ্থাৎ বড়ো ভাষা দিৱস পালন । কোকৰাঝাৰ জিলা বড়ো সাহিত্য সভাই 15 আৰু 16 নৱেম্বৰত দুদিনীয়া কাৰ্যকসূচীৰে ৰূপাঠি নগৰত পালন কৰে "বড়ো থুনলাই ছান" অৰ্থাৎ বড়ো ভাষা দিৱস । অনুষ্ঠানৰ লগত সংগতি ৰাখি শনিবাৰে পুৱা ভাগত বড়ো সাহিত্যৰ পতাকা উত্তোলন কৰে কোকৰাঝাৰ জিলা সাহিত্য সভাৰ সভাপতি প্ৰাণনাথ বসুমতাৰী ৷ লগতে বড়ো ভাষাৰ কাৰণে নিজৰ জীৱন ত্যাগ কৰা শ্বহীদক মাল্যাৰ্পণ কৰে উপ-সভাপতি ড0 অধীৰ কুমাৰ ব্ৰহ্মই ।
উল্লেখ্য যে, 1952 চনৰ 16 নৱেম্বৰত চিৰাঙৰ বাসুগাঁৱত জয়ভদ্ৰ হাগজেৰ আৰু চনাৰাম খাওসেনৰ নেতৃত্বত বড়ো ভাষাক উজ্জীৱিত কৰাৰ বাবে বড়ো সাহিত্য সভা গঠন কৰা হৈছিল ৷ তেতিয়াৰ পৰা বৰ্তমান পৰ্যন্ত 16 নৱেম্বৰত "বড়ো থুনলাই ছান" অৰ্থাৎ বড়ো ভাষা দিৱস হিচাবে পালন কৰি আহিছে । ভাষা দিৱসৰ লগত সংগতি ৰাখিয়ে 16 নৱেম্বৰ দিনটোতে বিটিচি প্ৰশাসনে স্থানীয় চৰকাৰী বন্ধ ঘোষণা কৰি আহিছে ।