ETV Bharat / state

বিটিচি চৰকাৰ গঠনক লৈ উদ্বিগ্ন বড়ো সাহিত্য সভা

গুৱাহাটী উচ্চ ন্যায়ালয়ে বিটিচি চৰকাৰ গঠনক লৈ আস্থা ভোটৰ নিৰ্দেশনা দিয়াৰ পৰৱৰ্তী সময়ছোৱাত যেনে ধৰণৰ অস্থিৰ বাতাবৰণৰ উদ্ভৱ হৈছে তাক লৈ বড়ো সাহিত্য সভাই চিন্তিত হৈ বুধবাৰে এক সংবাদমেল সম্বোধন কৰে ৷

author img

By

Published : Dec 24, 2020, 8:27 AM IST

Updated : Dec 24, 2020, 8:34 AM IST

BODO SAHITYA SABHA Press Meet
বিটিচি চৰকাৰ গঠনক লৈ বড়ো সাহিত্য সভাৰ সংবাদমেল

কোকৰাঝাৰ, 24 ডিচেম্বৰ: বিটিচি চৰকাৰ গঠনক লৈ বৃহস্পতিবাৰে অনুষ্ঠিত হ'বলগীয়া আস্থা ভোটৰ প্ৰাকক্ষণত বড়ো সাহিত্য সভাৰ সংবাদ মেল ৷ বুধবাৰে কোকৰাঝাৰ চহৰস্থিত বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়ত আয়োজিত এক সংবাদ মেলত বড়ো সাহিত্য সভাৰ সভাপতি তৰেন বড়ো আৰু সাধাৰণ সম্পাদক প্ৰশান্ত বড়োৱে কয় যে,বিটিচিৰ শেহতীয়া ৰাজনৈতিক পৰিস্থিতি প্ৰত্যক্ষ কৰি আমি গভীৰ উদ্বেগ প্ৰকাশ কৰিছো ৷ বড়ো সাহিত্য সভা বড়ো জনগোষ্ঠীৰ ভাষা, সাহিত্যৰ বিকাশৰ বাবে কাম কৰা এটা অৰাজনৈতিক সামাজিক সংগঠন ৷ ৰাজনৈতিক বিষয়ত হস্তক্ষেপ কৰা বা মাত মতাৰ আমাৰ কোনো ইচ্ছা নাই ৷ সকলোবোৰ ভেদাভেদ তথা সংঘাত পৰিহাৰ কৰি বিটিচিত বিপিএফ আৰু ইউপিপিএল দলে মিলিজুলি আঞ্চলিক দলৰ এক শক্তিশালী পৰিষদীয় চৰকাৰ গঠন কৰাটোৱে আমাৰ কাম্য ৷

ইয়াৰোপৰি বড়ো সাহিত্য সভাৰ সভাপতি আৰু সাধাৰণ সম্পাদক দুগৰাকীয়ে কয় যে,বিটিচিৰ মুখ্য কাৰ্যবাহী কোন হ'ব সেয়া আমাৰ বিচাৰ্যৰ বিষয় নহয় ৷ জাতিৰ এনে জটিল সন্ধিক্ষণত মাত মতাটো অৰাজনৈতিক সংগঠন হ'লেও প্ৰয়োজনীয়তা বুলি অনুভৱ কৰিছো ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ে নিৰ্দেশনা দিয়াৰ পৰৱৰ্তী সময়ছোৱাত যেনে ধৰণৰ অস্থিৰ বাতাবৰণৰ উদ্ভৱ হৈছে তাক লৈ বড়ো সাহিত্য সভা চিন্তিত হৈ পৰিছে ৷ ৰাষ্ট্ৰীয় দলৰ আগ্ৰাসনৰ পৰা বাচিবৰ বাবে বিটিচিত বিপিএফ আৰু ইউপিপিএল দলে যৌথভাৱে আঞ্চলিক দলৰ পৰিষদীয় চৰকাৰ গঠন কৰাটো ৰাইজে বিচাৰিছে ৷

লগতে পঢ়ক:শৃংখল চলিহা উগ্ৰহিন্দুত্ববাদী নেতা:অসম সংখ্যা লঘু সংগ্ৰাম পৰিষদ

Last Updated : Dec 24, 2020, 8:34 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.