ETV Bharat / state

কোকৰাঝাৰত একেডাল গছতে উদ্ধাৰ দুই ভগ্নীৰ মৃতদেহ

author img

By

Published : Jun 12, 2021, 10:43 AM IST

কোকৰাঝাৰ জিলাৰ অভয়াকুটি গাঁৱত চীপ লৈ থকা অৱস্থাত উদ্ধাৰ দুই সম্পৰ্কীয় ভগ্নীৰ মৃতদেহ ৷ পৰিয়ালৰ লোকে এয়া হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰিছে ৷ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷

bodies-of-2-teen-sisters-found-hanging-from-a-tree-in-kokrajhar
কোকৰাঝাৰত দুই সম্পৰ্কীয় ভগ্নীৰ ৰহস্যজনক আত্মহত্যা

কোকৰাঝাৰ, ১২ জুন : দুই ভগ্নীৰ ৰহস্যজনক আত্মহত্যাৰ ঘটনাক লৈ কোকৰাঝাৰ জিলাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ এই মৰ্মান্তিক ঘটনাটো সংঘটিত হৈছে কোকৰাঝাৰ জিলাৰ অতি ভিতৰুৱা গাঁও অভয়াকুটিত ৷ শুকুৰবাৰে বিয়লি অভয়াকুটি গাঁৱৰ দুই সম্পৰ্কীয় ভগ্নীৰ মৃতদেহ একেলগে এডাল গছতে চীপ লৈ থকা অৱস্থাত উদ্ধাৰ হৈছে । আত্মহত্যা কৰা দুয়োগৰাকীয়েই নাবালিকা বুলি জানিব পৰা গৈছে ৷

bodies-of-2-teen-sisters-found-hanging-from-a-tree-in-kokrajhar
কোকৰাঝাৰত একেডাল গছতে উদ্ধাৰ দুই ভগ্নীৰ মৃতদেহ

ইপিনে ঘটনাৰ খবৰ পোৱাৰ পাছত কোকৰাঝাৰ সদৰ আৰক্ষীৰ দল এটা ঘটনাস্থলীত উপস্থিত হৈ নাবালিকা দুগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি নিশা মৰণোত্তৰ পৰীক্ষাৰ বাবে কোকৰাঝাৰলৈ প্ৰেৰণ কৰে ৷ বৰ্তমানলৈকে এয়া আত্মহত্যা নে হত্যা সেয়া স্পষ্ট হোৱা নাই যদিও প্ৰাথমিক তদন্তত এয়া আত্মহত্যা বুলিয়ে সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ।

অৱশ্যে মৰণোত্তৰ পৰীক্ষাৰ পিছত হে আচল তথ্য ওলাই পৰিব বুলি আৰক্ষীয়ে প্ৰকাশ কৰে । আনফালে, পৰিয়ালৰ লোকে এয়া হত্যাকাণ্ড বুলি সন্দেহ কৰি হত্যাৰ পিছত মৃতদেহ দুটা গছত ওলোমাই থোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক: হোজাইত যুৱ কংগ্ৰেছৰ জিলা সম্পাদিকাৰ বিৰুদ্ধে গোচৰ ৰুজু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.