কোকৰাঝাৰ ২৬ জুন : বিজেপিৰ মহা জনসম্পৰ্ক অভিযানৰ অংশ হিচাপে সোমবাৰে কোকৰাঝাৰ চহৰৰ বডোফা নগৰস্থিত গ্ৰীণফিল্ডত বিজেপিয়ে এক বিশাল জন সমাৱেশৰ আয়োজন কৰে । এই গণসমাবেশত কোকৰাঝাৰ, চিৰাং আৰু বাগছা জিলাৰ হেজাৰ হেজাৰ নেতা-কৰ্মী আৰু সমৰ্থক সকলে প্ৰখৰ ৰদ'কো নেওচি অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় ৷
গণসমাৱেশত অংশগ্ৰহণ কৰি বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কয় যে বিজেপি দলক শক্তিশালী ৰূপত ধৰি ৰখাৰ বাবেই মহা জনসম্পৰ্ক অভিযান কাৰ্যসূচী গ্ৰহণ কৰা হৈছে ৷ কোকৰাঝাৰত আয়োজিত কাৰ্যসূচীও তাৰেই এক অংশ ৷ ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহি আজিৰ গণ সমাবেশত অংশগ্ৰহণ কৰা বুলি ব্যক্ত কৰি ভৱেশ কলিতাই আগন্তুক লোকসভা নিৰ্বাচনত কোকৰাঝাৰ লোকসভা সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ী হ'ব বুলি মন্তব্য কৰিছে ৷
সমষ্টি পুনৰ নিৰ্ধাৰণকলৈ দল-সংগঠন সমূহৰ লগতে বিপিএফৰ সভাপতি তথা বিটিআৰৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীয়ে অসন্তুষ্টি ব্যক্ত কৰা সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ সভাপতি কলিতাই সমষ্টি পুনৰ নিৰ্ধাৰণকলৈ বিটিআৰবাসী ৰাইজ সন্তুষ্ট বুলি কয় ৷ একাংশ দল-সংগঠনহে অসন্তুষ্ট বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৷ ভৱেশ কলিতাই কয় যে বিপিএফৰ সময় এতিয়া গ'ল ৷ বিপিএফ এতিয়া কোনো ফেক্টৰ নহয় বুলিও কয় কলিতাই ৷
ইপিনে, বিপিএফ দলে কোকৰাঝাৰ আৰু দৰং দুয়োটা সমষ্টিতে প্ৰাৰ্থীত্ব প্ৰদান কৰিব বিচৰা সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে হাগ্ৰামা মহিলাৰীৰ বিপিএফ দলক কিছু ইতিকিং সূচক মন্তব্যৰে কয় যে বিপিএফে অকল দুটাত কিয় ৫৪২ টা সমষ্টিটোত প্ৰাৰ্থী প্ৰক্ষেপ কৰিব পাৰে ৷ তাত আমাৰ ক’বলগীয়া একো নাই ৷ আনহাতে, আজি কোকৰাঝাৰত বিজেপিৰ বিশাল গণসমাবেশত মন্ত্ৰী সঞ্জয় কিষাণে অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ন বছৰীয়া কাৰ্যকালৰ ভূয়সী প্ৰসংশা কৰি পুনৰ ভাৰতৰ জনতাই প্ৰধানমন্ত্ৰী হিচাপে মোদীকেই বিচাৰিছে বুলি মন্তব্য কৰে । বিজেপিৰ আজিৰ বিশাল জনসভাত বিজেপিৰ বিধায়ক অজয় ৰায়, ফণী তালুকদাৰ, বিটিআৰ ইএম অৰূপ কুমাৰ দে, ৰেওৰেৱা নাৰ্জাৰী, এমচিএলএ ৰাজীৱ কুমাৰ ব্ৰহ্মকে ধৰি বিজেপি এছটি মৰ্চাৰ ৰাজ্যিক সভাপতি শিৱনাথ ব্ৰহ্ম, যুৱ আৰু মহিলা মৰ্চাৰ একাংশ নেতা-নেত্ৰীয়ে অংশগ্ৰহণ কৰে ৷
লগতে পঢ়ক:Be aware of Fake Facebook account: CRPF জোৱানৰ নামত ভুৱা একাউণ্ট খুলি ধন দাবী অসাধু চক্ৰৰ