ETV Bharat / state

বড়ো জনগোষ্ঠীৰ পৰম্পৰাগত বাওঁখুংগ্ৰী উৎসৱ আৰম্ভ - বাওঁখুংগ্ৰী

পৰম্পৰা ৰক্ষা কৰি কোকৰাঝাৰ চহৰৰ নাতিদূৰৈৰ চক্ৰশীলা অভয়াৰণ্যৰ বাওঁখুংগ্ৰী পাহাৰ তথা পাহাৰৰ দাঁতিত বুধবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰেে আৰম্ভ হৈছে বড়ো জনগোষ্ঠীৰ পৰম্পৰাগত বাওঁখুংগ্ৰী উৎসৱ ৷ এই উৎসৱৰ আৰম্ভণি উপলক্ষে অনুষ্ঠান থলীত উপস্থিত হৈ বি.টি.আৰ.ৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ পূজা - অৰ্চনাত অংশ গ্ৰহণ ৷

BAOKHUNGRI FESTIVALS
বুধবাৰৰ পৰা কোকৰাঝাৰত আৰম্ভ হ’ল বড়ো জনগোষ্ঠীৰ পৰম্পৰাগত বাওঁখুংগ্ৰী উৎসৱ
author img

By

Published : Apr 14, 2021, 10:14 PM IST

কোকৰাঝাৰ ১৪ এপ্ৰিল : যুগে যুগে চলি অহা পৰম্পৰা ৰক্ষা কৰি কোকৰাঝাৰ চহৰৰ নাতিদূৰৈৰ চক্ৰশীলা অভয়াৰণ্যৰ বাওঁখুংগ্ৰী পাহাৰ তথা পাহাৰৰ দাঁতিত বুধবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰেে আৰম্ভ হৈছে, বড়ো জনগোষ্ঠীৰ পৰম্পৰাগত বাওঁখুংগ্ৰী উৎসৱ ৷ বহাগৰ সংক্ৰান্তিৰ দিনা বাওঁখুংগ্ৰী পাহাৰ বগোৱাটো বড়ো সকলৰ এটা পৰম্পৰাগত উৎসৱ ৷ প্ৰতি বছৰে বৈশাগু অৰ্থাৎ বহাগ অথবা ৰঙালী বিহুৰ সময়ত এই উৎসৱৰ আয়োজন কৰা হয় ৷

বুধবাৰৰ পৰা কোকৰাঝাৰত আৰম্ভ হ’ল বড়ো জনগোষ্ঠীৰ পৰম্পৰাগত বাওঁখুংগ্ৰী উৎসৱ

এইবাৰৰ এই উৎসৱত বড়ো জনগোষ্ঠীৰ পৰম্পৰাগত কলা - কৃষ্টিৰ উপৰিও অন্যান্য জনগোষ্ঠী যেনে ৰাভা, কোচ - ৰাজবংশী, গাৰো, নেপালী, আদিবাসী আদি লোক সকলৰ বিভিন্ন প্ৰকাৰৰ নৃত্য - গীতৰ লগতে বিহু নৃত্যৰো আয়োজন কৰা হৈছে ৷

BAOKHUNGRI FESTIVALS
বুধবাৰৰ পৰা কোকৰাঝাৰত আৰম্ভ হ’ল বড়ো জনগোষ্ঠীৰ পৰম্পৰাগত বাওঁখুংগ্ৰী উৎসৱ

বিটিআৰ প্ৰশাসনৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে আয়োজিত বাওঁখুংগ্ৰী পাহাৰ বগোৱা উৎসৱ উপলক্ষে বুধবাৰে লোকে - লোকাৰণ্য হৈ পৰে সমগ্ৰ বাওঁখুংগ্ৰী পাহাৰ ৷ সমান্তৰালভাৱে বৈশাগু নৃত্য - গীতেৰে বাওঁখুংগ্ৰী পাহাৰৰ চৌদিশ মুখৰিত হৈ পৰা পৰিলক্ষিত হয় ৷ বাওঁখুংগ্ৰী পাহাৰ বগোৱা উৎসৱৰ আৰম্ভণি উপলক্ষে বুধবাৰে বি.টি.আৰ.ৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ লগতে পৰ্যটন বিভাগৰ কাৰ্যবাহী সদস্য দাওবাইচা বড়ো অনুষ্ঠান থলীত উপস্থিত হৈ পূজা - অৰ্চনাত অংশ গ্ৰহণ কৰে ৷

সাংবাদিকৰ সৈতে মত বিনিময় কৰি বি.টি.আৰ. ৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে বিটিআৰবাসীৰ লগতে সমগ্ৰ অসমবাসী ৰাইজলৈ ৰংজালী বৈশাগু আৰু ৰঙালী বিহু উপলক্ষে শুভেচ্ছা জনায় ৷ নিৰ্বাচনৰ সময়ছোৱাত ৰাজনীতিৰ বাবে হাগ্ৰামা মহিলাৰীকে ধৰি বহুতক বহু কিবা - কিবি কোৱা হ’ল বুলি মন্তব্য কৰি বিহুৰ বতৰত এইবোৰ পাহৰি ক্ষমা কৰি দিবলৈও বড়োৱে আহ্বান জনায় ৷ ইতিমধ্যে ৰাজ্যৰ ৰাজনীতিত তোলপাৰ লগোৱা হৰ্ছ ট্ৰেডিঙৰ বিষয়টো মাথো এটা ইচ্ছ্যু বুলি উল্লেখ কৰি প্ৰতিটো দলেই নিজৰ দললৈ আন দলৰ পৰা প্ৰাৰ্থী আহিছে বুলি দাবী কৰিছে যদিও এয়া একো একোটা ৰাজনৈতিক প্ৰচাৰৰ বাহিৰে একো নহয় বুলি বড়োৱে এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৷

লগতে পঢ়ক : অসমৰ সংস্কৃতিৰ পৰা ক্ৰমশ বিলুপ্তিৰ পথত কড়ি খেল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.