কোকৰাঝাৰ, ২ জুলাই : এটা জঘন্য ঘটনাই জোঁকাৰি গৈছে কোকৰাঝাৰ জিলা ৷ জীৱন্তে শিশুক দলিয়ালে পুখুৰীলৈ ৷ পিতৃৰ সৈতে থকা কাজিয়াৰ বাবেই কন্যাক চৰম শাস্তি বিহিলে ঘাতকে ৷ যোৱা 30 জুনৰ পৰা সন্ধানহীন হৈ আছিল টেঙাপাৰা চৌহান বস্তি এলেকাৰ সজু চৌহানৰ কন্যা শিশুটি ৷ শিশুটি সন্ধানহীন হোৱাৰ পাচতে পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰে কোকৰাঝাৰৰ সদৰ আৰক্ষী চকীত ৷ এই এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলায় বৃহস্পতিবাৰে এটা পুখুৰীত উদ্ধাৰ কৰে কন্যা শিশুটিৰ নিথৰ দেহ ৷
উল্লেখ্য যে, শিশুটিৰ পিতৃৰ সৈতে একেলগে ৰাজমিস্ত্ৰীৰ কাম কৰা সুমুৰাম বসুমতাৰী আৰু হাৰিয়া চৌহানক এই ঘটনা সংঘটিত কৰাৰ সন্দেহত আটক কৰিছে আৰক্ষীয়ে ৷ কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষক পুনমজিৎ নাথে জনোৱা মতে, শিশুটিৰ পিতৃৰ সৈতে হোৱা কাজিয়াৰ বাবে দুয়োজন ব্যক্তিয়ে শিশুটিক লক্ষ্য কৰি লয় আৰু এইদৰে পুখুৰীলৈ দলিয়াই নৃশংসভাৱে হত্যা কৰে ৷ আটকাধীন দুয়োজন ব্যক্তিক অধিক তথ্যৰ সন্ধানত আৰক্ষীয়ে সোধপোছ অব্যাহত ৰাখিছে ৷
কেইদিনমান পূৰ্বে সূতাৰপাৰা গাঁওত এগৰাকী বিবাহিতা মহিলাক শিৰচ্ছেদ কৰি হত্যা কৰা হৈছিল ৷ ক্ৰমাগতভাৱে সংঘটিত দ্বিতীয়টো ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে কোকৰাঝাৰত ৷
লগতে পঢ়ক : চীনৰ জাতীয় সুৰক্ষা আইনক 'এভিল' আখ্যা দিলে হংকঙৰ আইনজ্ঞই