ETV Bharat / state

Santosh Trophy 2022: ঘোষণা হ’ল সন্তোষ ট্ৰফীৰ অসম দলৰ খেলুৱৈৰ নাম

author img

By

Published : Dec 26, 2022, 9:24 PM IST

কোকৰাঝত অনুষ্ঠিত হ’ল সন্তোষ ট্ৰফীৰ গ্ৰুপ 3ৰ লীগ মেচ ৷ ইয়াৰ পূৰ্বে দেওবাৰে ঘোষণা কৰা হ’ল অসমৰ 22জনীয়া খেলুৱৈৰ নাম ৷ গ্ৰুপ 3ৰ গীল মেচত অংশগ্ৰহণ কৰিব মুঠ 3টাকৈ দলে ৷ এই 6টা দলৰ মাজত অনুষ্ঠিত হ’ব 15খনকৈ লীগ মেচ ৷

Santosh Trophy 2022
ঘোষণা হ’ল সন্তোষ ট্ৰফীৰ অসম দলৰ খেলুৱৈৰ নাম

কোকৰাঝাৰ, ২৬ডিচেম্বৰ: সন্তোষ ট্ৰফীত(Santosh Trophy) অংশগ্ৰহণ কৰিবলগীয়া অসম দলৰ ২২ জনীয়া খেলুৱৈৰ নাম ঘোষণা(Santosh Trophy Assam team announced) ৷ BTRৰ সদৰ কোকৰাঝাৰত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব ৭৬ সংখ্যক সন্তোষ ট্ৰফী ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নৰ গ্ৰুপ ৩ ৰ লেীগ মেচ(Santosh Trophy in Kokrajhar) ৷ গ্ৰুপ ৩ ৰ লীগ মেচত অংশগ্ৰহণ কৰিবলগীয়া ছয় দল হ’ল অসম, অৰুণাচল প্ৰদেশ, তামিলনাডু, গোৱা, নাগালেণ্ড আৰু উত্তৰ প্ৰদেশৰ ৷

সোমবাৰে অসম ফুটবল সন্থাই(Assam Football Association) ঘোষণা কৰে অসমৰ 22জনীয়া খেলুৱৈৰ নাম ৷ অসম দলৰ খেলুৱৈ বাছনি কৰাকলৈ কোকৰাঝাৰত বিগত কেইবাদিনো ধৰি চলি থকা অনুশীলনৰ সমাপ্তিৰ পিছত সন্তোষ ট্ৰফীত অংশগ্ৰহণ কৰিবলগীয়া অসম দলৰ খেলুৱৈৰ নাম ঘোষণা কৰা হয় ৷

কোকৰাঝাৰস্থিত ছাইৰ(SAI kokrajhar) ক্ৰীড়া প্ৰকল্পত সোমবাৰে এক সংবাদমেল সম্বোধন কৰি অসম দলৰ ২২ জনীয়া খেলুৱৈৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰে অসম ফুটবল সন্থাৰ সম্পাদক হেমেন্দ্ৰ নাথ ব্ৰহ্মই(President of Assam football association) ৷

উল্লেখ্য যে, বিটিআৰৰ সদৰ কোকৰাঝাৰত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব ৭৬ সংখ্যক সন্তোষ ট্ৰফী ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নৰ গ্ৰুপ ৩ ৰ লীগ মেচ(Santosh trophy league 3 in Kokrajhar) ৷ কোকৰাঝাৰ চহৰৰ কঁঠালগুৰীস্থিত ছাইৰ ক্ৰীড়া প্ৰকল্প আৰু কোকৰাঝাৰ ক্ৰীড়া সন্থাৰ(Kokrajhar sports association) খেলপথাৰত অহা ২৮ ডিচেম্বৰৰ পৰা ৫ জানুৱাৰীলৈ অনুষ্ঠিত হ’ব গ্ৰুপ ৩ৰ এই লীগ মেচ ৷

কোকৰাঝাৰত অনুষ্ঠিত হ’ব লগীয়া গ্ৰুপ ৩ ৰ লীগ মেচত মুঠ ছটা দলে অংশগ্ৰহণ কৰিব ৷ অংশগ্ৰহণ কৰিবলগীয়া দলকেইটা হ‘ল ক্ৰমে - ঘৰুৱা দল অসম, অৰুণাচল প্ৰদেশ, তামিলনাডু, গোৱা, নাগালেণ্ড আৰু উত্তৰ প্ৰদেশ ৷

এই ছটা দলৰ মাজত ১৫ খনকৈ লীগ মেচ অনুষ্ঠিত হ’ব ৷ ইফালে, সন্তোষ ট্ৰফীৰ গ্ৰুপ ৩ ৰ লীগ মেচক লৈ কোকোৰাঝাৰ ছাই ক্ৰীড়া প্ৰকল্প আৰু কোকৰাঝাৰ ক্ৰীড়া সন্থাৰ খেলপথাৰত পূৰ্ণগতিত চলিছে প্ৰস্তুতি ৷ মঙলবাৰৰ ভিতৰত প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিব বুলি সদৰি কৰিছে আয়োজক সমিতিয়ে ৷ উল্লেখ্য যে, সন্তোষ ট্ৰফীৰ গ্ৰুপ ৩ ৰ লীগ মেচক লৈ কোকৰাঝাৰ ছাই ক্ৰীড়া প্ৰকল্পত নতুনকৈ চাৰিটা ফ্লাছ লাইট টাৱাৰ স্থাপন কৰা হৈছে ৷

লগতে পঢ়ক: Assam Olympic Association: অসম পুৰুষ বাস্কেটবল দলে অংশ ল’ব নোৱাৰিব অসম অলিম্পিকত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.