ETV Bharat / state

বিটিচি নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত কোকৰাঝাৰৰ পৰা উদ্ধাৰ অবৈধ ভাৱে মজুত অস্ত্ৰ-শস্ত্ৰ

বিটিচি নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত কোকৰাঝাৰত অবৈধ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ ৷ পুখুৰীত লুকুৱাই ৰখা অৱস্থাত উদ্ধাৰ কৰা হয় অবৈধ অস্ত্ৰ-শস্ত্ৰখিনি ৷ অধিক তথ্যৰ বাবে আৰক্ষীৰ তদন্ত অব্য়াহত ৷

assam-police-recovers-ak-47-in-kokrajhar
উদ্ধাৰ অবৈধ ভাৱে মজুত ৰখা অস্ত্ৰ-শস্ত্ৰ
author img

By

Published : Dec 2, 2020, 8:57 PM IST

নিউজ ডেস্ক, 2 ডিচেম্বৰ : মঙলবাৰে কোকৰাঝাৰ জিলাৰ বাথৌগুৰু গাঁৱত কোকৰাঝাৰ আৰক্ষীৰ অভিযানত এটা Ak-47 আৰু অবৈধভাৱে মজুত ৰখা অস্ত্ৰ-শস্ত্ৰ আৰু গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ বুধবাৰে অসম আৰক্ষীৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে টুইটযোগে প্ৰকাশ কৰিছে তথ্য ৷

জিলাখনৰ বালাজান অঞ্চলৰ অন্তৰ্গত বাথৌগুৰু গাঁৱৰ পৰা কোকৰাঝাৰ আৰক্ষীয়ে এটা পুখুৰীত লুকুৱাই ৰখা এটা AK 47, 7.6, 290 আৰু 303 এম এম গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ ইয়াৰ উপৰিও, আৰক্ষীয়ে বাক্সা জিলাৰ পৰা এটা AK-47 আৰু 55 জাই গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয় বুলি প্ৰকাশ কৰিছে ৷

উল্লেখ্য যে, বিটিচি নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত জিলাখনৰ পৰা অবৈধ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰাটো জিলাখনৰ সচেতন মহলৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিছে ৷ আগন্তুক নিৰ্বাচনৰ বাবে জিলাখনত আৰক্ষীৰ কটকটীয়া নিৰাপত্তা প্ৰদান কৰা হৈছে যদিও নিৰাপত্তাৰক্ষীৰ চকুত ধুলি মাৰি অবৈধভাৱে অস্ত্ৰ-শস্ত্ৰ লুকুৱাই ৰখাটোক লৈ বৰ্তমান বড়োভূমিত প্ৰতিক্ৰিয়া অব্যাহত আছে ৷

লগতে পঢ়ক : নুমলীগড়ত হস্তী-মানৱৰ সংঘাত: যুৱকক গছকি আঘাতপ্ৰাপ্ত কৰাৰ দৃশ্য ভাইৰেল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.