ETV Bharat / state

বানত ডুব গ'ল কোকৰাঝাৰ

কোকৰাঝাৰত বিগত দুটা দিনৰ পৰা আৰম্ভ হোৱা ধাৰাষাৰ বৰষুণৰ ফলত বানে খহাই নিলে গড়কাপ্তানী পথ । শীঘ্ৰে গৰাখহনীয়া প্ৰতিৰোধ কৰি অঞ্চলটোৰ ৰাইজক ৰক্ষা কৰিবলৈ চৰকাৰৰ লগতে প্ৰশাসনক আহ্বান জনাইছে স্থানীয় ৰাইজে ।

বানত ডুব গ'ল কোকৰাঝাৰ,হাঁহাকাৰ ৰাইজৰ
author img

By

Published : Jul 11, 2019, 1:47 AM IST

কোকৰাঝাৰ, 11 জুলাইঃ কোকৰাঝাৰত বিগত দুটা দিনৰ পৰা আৰম্ভ হোৱা ধাৰাষাৰ বৰষুণৰ ফলত বানে খহায় নিলে গড়কাপ্তানী পথ । খেতি পথাৰকে ধৰি পশুধনৰ বিস্তৰ ক্ষতি সাধন অঞ্চলটোত । ভূটানৰ পৰা নামি অহা পানীৰে ফেনে-ফোটোকাৰে বৃদ্ধি পাইছে সোণকোষ , গৌৰাং , গঙ্গীয়া , লংগা নদীৰ জলপৃষ্ঠ ।

বানত ডুব গ'ল কোকৰাঝাৰ

জিলাখনত ভয়ংকৰ ৰূপত বাঢ়িছে সোণকোষ , গৌৰাং , গঙ্গীয়া , লংগা নদীৰ জলপৃষ্ঠ । বানপানীত আবদ্ধ হৈ পৰিছে কেবাখনো গাঁৱৰ লোক । বিস্তীৰ্ণ অঞ্চল বাঢ়নি পানীয়ে বুৰাই পেলোৱাৰ লগতে খেতি-বাতি বিনষ্ট হোৱাৰ লগতে গাঁৱকেইখনত ইতিমধ্যে দুই শতাধিক পুখুৰী ডুবি মাছ ওলাই গৈছে । পশুধনৰ সৈতে গাঁৱবাসীও আবদ্ধ হৈ পৰিছে পানীৰ মাজত । তদুপৰি সিকাৰবিলৰ গড়কাপ্তানী পথটো বানে খহায় নিয়াত সমগ্ৰ অঞ্চলটোত যাতায়াত বন্ধ হৈ পৰিছে । শীঘ্ৰে গৰাখহনীয়া প্ৰতিৰোধ কৰি অঞ্চলটোৰ ৰাইজক ৰক্ষা কৰিবলৈ চৰকাৰৰ লগতে প্ৰশাসনক আহ্বান জনাইছে ৰাইজে ।

লগতে আন এটা বাতৰি - গহপুৰত খাৰৈ নদীৰ খহনীয়া

Intro:কোকৰাঝাৰত বানপানী ।
আৰ্তজনৰ হাহাকাৰ
কোকৰাঝাৰত খহিল গড়কাপ্তানী পথ ।

কোকৰাঝাৰ/১০ জুলাই:-বিগত দুটা দিনৰ পৰা আৰম্ভ হোৱা ধাৰাষাৰ বৰষুণৰ ফলত বৃদ্ধি পাইছে কোকৰাঝাৰ জিলাৰ মাজেৰে বৈ যোৱা কেবাখনো নদীৰ জলপৃষ্ঠ ।

Body:নেৰা নেপেৰা বৰষুনৰ লগতে ভূটানৰ পৰা নামি অহা পানীৰে ফেনে ফোটোকাৰে বৃদ্ধি পাইছে সোণকোষ , গৌৰাং , গঙ্গীয়া , লংগা নদীৰ জলপৃষ্ঠ । জিলাখনৰ দোতমাৰ এক বিস্তীৰ্ণ অঞ্চল বাঢ়নি পানীয়ে বুৰাই পেলোৱাৰ লগতে খেতি-বাতি বিনষ্ট কৰিছে । তদুপৰি সিকাৰবিলৰ গড়কাপ্তানী পথটোও খহনীয়াত আক্ৰান্ত হৈ বিনষ্ট হৈছে । বাঢ়নি পানীয়ে এলেকাটোৰ খেতিভূমিৰ যথেষ্ট ক্ষতিসাধন কৰাৰ লগতে পুখুৰীৰ মাছসমুহো ওলাই গৈছে ।
Conclusion:ইপিনে বতৰ বিজ্ঞানৰ সূত্ৰ অনুসৰি আগন্তুক দুটা দিনতো কোকৰাঝাৰত তীব্ৰৰ পৰা তীব্ৰতৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে যাৰ পৰিণতিতে প্ৰশাসনেও সতৰ্কতামুলক ব্যৱস্থা গ্ৰহণ কৰিছে ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.