কোকৰাঝাৰ, ২২ জুলাই: নেচনেল হেৰাল্ড গোচৰত (National Herald case) কংগ্ৰেছ সভানেত্ৰী ছোনীয়া গান্ধীক ইডিয়ে চমন জাৰি (ED summons Congress leader Sonia Gandhi) কৰাৰ পিছত দেশজুৰি প্ৰতিবাদত নামিছে কংগ্ৰেছ নেতা-কৰ্মীসকল । দেশৰ লগতে অসমতো প্ৰদেশ কংগ্ৰেছে গ্ৰহণ কৰিছে প্ৰতিবাদী কাৰ্যসূচী । আজি অসম প্ৰদেশ কংগ্ৰেছৰ আহ্বানত প্ৰতিখন জিলাতে ছোনিয়া গান্ধীক ইডিৰ চমনৰ প্ৰতিবাদত বিক্ষোভ প্ৰদৰ্শন কৰা হৈছে (Assam congress protest against Sonia Gandhi ED summon)।
তেজপুৰত আয়োজিত কেন্দ্ৰীয় প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা, বিধানসভাত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, জ্যেষ্ঠ নেতা ৰকিবুল হুছেইনকে ধৰি কংগ্ৰেছৰ নেতা-কৰ্মীসকলে ।একেদৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উদ্যোগত শুকুৰবাৰে ৰাজ্যজুৰি অনুষ্ঠিত হোৱা প্ৰতিবাদী কাৰ্যসূচী কোকৰাঝাৰতো ৰূপায়িত হয় (Congress protests in Kokrajhar) । কোকৰাঝাৰ জিলা কংগ্ৰেছৰ কাৰ্যালয় প্ৰাংগণত জিলা কংগ্ৰেছে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷
অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ এগৰাকী সম্পাদক ভৱনাথ নাথৰ নেতৃত্বত শতাধিক কংগ্ৰেছ নেতা-কৰ্মীয়ে হাতে হাতে বেনাৰ,ফেষ্টুন, প্লেকাৰ্ড আদি প্ৰদৰ্শন কৰি কংগ্ৰেছৰ সভানেত্ৰী ছোনীয়া গান্ধীক ইডিৰ চমন জাৰিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে শাসকীয় দল বিজেপিৰ আক্ৰোশমুলক কাৰ্যক গৰিহণা প্ৰকাশ কৰি মুৰ্দাবাদ ধ্বনি দিয়ে । ইপিনে কাৰ্যসূচীৰ অন্তত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক ভৱনাথ নাথে কয় যে বিজেপি চৰকাৰে নিৰ্বাচনৰ সময়ত যি প্ৰতিশ্ৰুতি দি ৰাজপাত দখল কৰিছিল তাৰে এটা প্ৰতিশ্ৰুতিও পালন কৰা নাই ।
বিজেপিয়ে এতিয়া আক্ৰোশমুলকভাৱে কণ্ঠৰুদ্ধ কৰাৰ প্ৰচেষ্টাত ব্ৰতী হৈছে । দেশত এতিয়া কবিতা লিখিলেও বিজেপিৰ ৰোষত পৰিবলগা হৈছে । কংগ্ৰেছ দলৰ নেতা-নেত্ৰীক ইডিয়ে চমন জাৰি কৰি, চিবিআইৰ ভয় দেখুৱাই কণ্ঠৰুদ্ধ কৰিব নোৱাৰে বুলি মন্তব্য কৰি ভৱনাথ নাথে বিজেপিক ক্ষমতাৰ অপব্যৱহাৰ নকৰিবলৈ সকীয়াই দিয়ে । আজিৰ প্ৰতিবাদী কাৰ্যসূচীত কংগ্ৰেছৰ প্ৰায়ভাগ জিলা কৰ্মকৰ্তা উপস্থিত থাকে ।
লগতে পঢ়ক :Congress protest: নলবাৰীত কংগ্ৰেছৰ প্ৰতিবাদ, আটক শতাধিক কৰ্মীক