ETV Bharat / state

লক ডাউনঃ আজিৰ দিনটোৰ ঘটনাসমূহ

author img

By

Published : Mar 28, 2020, 5:02 PM IST

Updated : Mar 28, 2020, 11:56 PM IST

KOKRAJHAR LOCK DOWN DAY 3

কোকৰাঝাৰ
কোকৰাঝাৰ

23:44 March 28

দুখীয়া বিধৱা লোকক খাদ্য সামগ্ৰী প্ৰদান মংগলদৈ আৰক্ষীৰ

মংগলদৈ, 28 মাৰ্চঃ দুখীয়া বিধৱা লোকক ঘৰে ঘৰে গৈ খাদ্য সামগ্ৰী প্ৰদান কৰিলে মংগলদৈ আৰক্ষীয়ে ৷ আৰক্ষী বিষয়া নিৰঞ্জন বৰুৱাৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলে আৰক্ষী চকীৰ অন্তৰ্গত কেইবাখনো গাঁৱত প্ৰদান কৰে খাদ্য সামগ্ৰী ৷

21:58 March 28

লকডাউনলৈ পূৰ্ণ সমৰ্থন তামাৰহাটৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ

তামাৰহাট

কোকৰাঝাৰ, 28 মাৰ্চঃ  কৰ'ণা মহামাৰীক প্ৰতিৰোধ কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে আহবান জনোৱা লকডাইনক পূৰ্ণ সমৰ্থন জনাইছে ইছলাম ধৰ্মীয় লোকসকলে । পৰম্পৰা অনুযায়ী ইছলাম ধৰ্মীয় লোকসকলে সপ্তাহত এদিন শুকুৰবাৰৰ দিনা জুম্মাৰ নামাজ আদায় কৰাৰ বাবে মছজিদলৈ আহে । কিন্তু আজি শুকুৰবাৰৰ দিনা দেখা গল এক ব্যাতিক্ৰমী দৃশ্য । তামাৰহাট অঞ্চলৰ প্ৰতিটো মছজিদত আজি পৰম্পৰা বাদ দি মহামাৰী কৰ'ণাক প্ৰতিৰোধ কৰাৰ বাবে নিদিষ্ট দূৰত্বত তিনিজনকৈ ব্যক্তিয়ে শুকুৰবাৰীয়া নামাজ আদায় কৰে ।

21:46 March 28

লকডাউনৰ চতুৰ্থ দিনত মহানগৰ আৰক্ষীয়ে গৃহহীন লোকৰ মাজত বিতৰণ কৰে খাদ্য

গুৱাহাটী

গুৱাহাটী, 28 মাৰ্চঃ  লক ডাউনৰ সময়চোৱাত গৃহহীন অৰ্থাৎ ভিক্ষাৰীসকলে এমুঠি অন্নৰ বাবে হাহাকাৰ কৰি আছে । ইতিমধ্যেই অসম আৰক্ষীয়ে হাতত লৈছে এই লোকসকলক খাদ্য যোগানৰ ব্যৱস্থা । শণিবাৰে মহানগৰীৰ বিভিন্ন স্থানত স্বেচ্ছাসেৱী সংগঠনৰ সহযোগত মহানগৰ আৰক্ষীয়ে গৃহহীন লোকৰ মাজত বিতৰণ কৰে খাদ্য । মহানগৰীৰ গুৱাহাটী ৰে'ল ষ্টেচন, ভূটনাথ, মালিগাঁও, জালুকবাৰী আদি স্থানত বিতৰণ কৰা হয় খাদ্য । লক ডাউনৰ আটাইকেইদিনে গৃহহীন লোকসকলক দুটাসময়ত খাদ্য দিয়া হ'ব বুলি উল্লেখ কৰে আৰক্ষী ছাউনীৰ এ চি পি ডেইজী গগৈয়ে । তাৰোপৰি এই সময়চোৱাত সকলোকে জৰুৰীকালীন অৱস্থাৰ বাদে ঘৰৰ পৰা নোলাবলৈ আহ্বান জনাই আৰক্ষী বিষয়াগৰাকীয়ে।

21:28 March 28

লকডাউনতো বৰপেটাত স্বাভাৱিকভাৱে চলি আছে বজাৰ সমাৰ

বৰপেটাত স্বাভাৱিকভাৱে চলি আছে বজাৰ-পোহাৰ

বৰপেটা, 28 মাৰ্চঃ লক ডাউনৰ চৰকাৰী নিৰ্দেশনা উলংঘা কৰি বৰপেটাৰ প্ৰায়বোৰ অঞ্চলৰ স্বাভাৱিকভাৱে চলি আছে বজাৰ ৷ লক ডাউনৰ মাজতে আজি বৰপেটা কল'নিত অবৈধভাৱে গঢ়ি উঠা এখন বজাৰ উচ্ছেদ কৰে বৰপেটা জিলা প্ৰশাসনে ৷ বৰপেটাৰ ৰাজহ চক্ৰ বিষয়া নৱজিৎ পাঠকৰ নেতৃত্বত আজি বৰপেটা চহৰৰ কল'নিত পথৰ ওপৰতে অবৈধভাৱে গঢ়ি উঠা বজাৰখন উচ্ছেদ কৰে ৷ ইপিনে কল'নিৰ সমীপৰ দেউৰীকুছিত লক ডাউন অমান্য কৰি হাৰ্ডৱেৰ দোকান খোলা ৰখাৰ অভিযোগত ব্যৱসায়ীজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ লগতে দোকানখনৰ পঞ্জীয়ন বাতিল কৰিছে বৰপেটাৰ ৰাজহ চক্ৰ বিষয়াই ৷

21:17 March 28

লকডাউন অমান্য কৰাসকলক তীব্ৰ ভাষাৰে গৰিহণা আমছুৰ সভাপতি

আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ

বঙাইগাঁও, 28 মাৰ্চঃ দেওবাৰে বঙাইগাঁও জিলাৰ নিউবঙাইগাঁও আৰু শনিবাৰে ধুবুৰী জিলাৰ ফলিমাৰী বজাৰত লকডাউনক অমান্য কৰি হোৱা গ্ৰাহকৰ ভীৰক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে। আমছুৰ সভাপতিজনে উক্ত ঘটনাৰ দোষীক কঠোৰ শাস্তিৰ দাবী জনোৱাৰ লগতে সকলো লোকক এই লকডাউন মানিবলৈ আহ্বান জনায় । 

21:01 March 28

নলবাৰীত সমাজকৰ্মী দিলীপ দাসৰ প্ৰশংসনীয় পদক্ষেপ

নলবাৰী

নলবাৰী, 28 মাৰ্চ: কৰ'ণা ভাইৰাছ প্ৰতিৰোধ কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰিছে বিভিন্ন পন্থা । বাটে ঘাটে বীজাণু নাশক দ্ৰব্য ছটিয়াই চেনিটাইজেশ্যনৰ ব্যৱস্থা  গ্ৰহণ কৰিছে প্ৰতিখন জিলা প্ৰশাসনে। কিন্তু প্ৰশাসনিক বিষয়া বা কৰ্মচাৰীৰ লগতে আৰক্ষীয়ে দিনে নিশাই ব্যৱহাৰ কৰা বাহনবোৰো হ'ব পাৰে  শংকাৰ  কাৰণ। এই কথা উপলব্ধি কৰি নলবাৰীত চলিছে কাৰ চেনিটাইজেশ্যন প্ৰক্ৰিয়া । নলবাৰীৰ বিশিষ্ট উদ্যোগী যুৱক দিলীপ কুমাৰ দাসৰ নেতৃত্বত চলিছে চেনিটাইজেশ্যন প্ৰক্ৰিয়া। প্ৰশাসনিক বিষয়া বা কৰ্মচাৰীয়ে আৰু আৰক্ষীয়ে  ব্যৱহাৰ  কৰা  এই বাহনবোৰ নলবাৰীৰ ভাগ্যশ্ৰী  টাটা মটৰ্চত এইদৰে বিনামূলীয়া কৈ কৰা হৈছে চেনিটাইজেশ্যনৰ কাম। কৰ'ণা ভাইৰাছ প্ৰতিৰোধৰ বাবে ভাগ্যশ্ৰী  টাটা মটৰ্চৰ স্বত্বাধিকাৰ দিলীপ কুমাৰ দাসৰ স্বেচ্ছাই কৰিছে এই কাম । সমাজকৰ্মী  দিলীপ কুমাৰ দাসৰ এনে পদক্ষেপক নলবাৰীৰ সচেতন লোকে আদৰণি জনাইছে ।

20:48 March 28

মহানগৰীৰ চতুৰ্থ দিনাৰ সামগ্ৰীক পৰিৱেশ

গুৱাহাটী

গুৱাহাটী, 28 মাৰ্চঃ  দেশত ২১ দিনীয়া তলা বন্ধ সময়ত প্ৰথম দুদিন ৰাইজৰ বিশেষ সঁহাৰি দেখিবলৈ পোৱা গৈছিল যদিও তৃতীয় দিনা অৰ্থত শুকুৰবাৰে সমগ্ৰ ৰাজ্যৰ লগতে মহানগৰী গুৱাহাটীৰতো দেখা পোৱা গৈছিল এক ভিন্ন পৰিৱেশ। তলা বন্ধৰ তৃতীয় দিনা ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাইজ ওলাই আহিছিল ৰাজপথলৈ । ৰাইজক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষী প্ৰশাসন কঠোৰ হ'বলৈ বাধ্য হৈছিল । তৃতীয় দিনাৰ পৰিৱেশৰ পৰা যেন চতুৰ্থ দিনা কিছু শিক্ষা লাভ কৰিছে জনতাই । চতুৰ্থ দিনাৰ পৰিৱেশ সম্পূৰ্ণ পৃথক। পুৱাৰ ভাগত মহানগৰীৰ ৰাজপথ সমূহ দেখা গ'ল সম্পূৰ্ণ জনশূন্য । ৰাইজ যেন সজাগ হৈছে কৰ'ণা ভাইৰাছক লৈ ।

19:38 March 28

খুমটাইৰ ঢেকীয়াল পঞ্চায়তত চেনিটাইজেশ্যন

খুমটাইৰ ঢেকীয়াল পঞ্চায়তত চেনিটাইজেচন

খুমটাই,28 মাৰ্চঃ খুমটাইৰ ঢেকীয়াল পঞ্চায়তৰ সভানেত্ৰীৰ উদ্যোগত ঢেকীয়াল চাৰিআলি,গনকপুখুৰী,হাবিয়াল,বৰগুৰি আদি জনসমাগম হোৱা ঠাইত চেনিটাইজেশ্যন কৰা হয় ৷ ঢেকীয়াল পঞ্চায়তৰ সভানেত্ৰী ৰূপা হাজৰিকাৰ নেতৃত্বত স্থানীয় কেইবাজনো সচেতন যুৱকে বৃহত্তৰ অঞ্চলকেইটাত চেনিটাইজেশ্যন কৰে ৷ অঞ্চলকেইটাৰ বেংক,দোকান,ATM আদি জনসমাগম হোৱা ঠাইসমূহত চেনিটাইজেশ্যন কৰে স্থানীয় যুৱকসকলে ৷ সমগ্ৰ বিশ্বতে কৰ'ণা ভাইৰাছে মহামাৰী ৰূপ ধাৰণ কৰাৰ সময়তে খুমটাইৰ ঢেকীয়াল পঞ্চায়তৰ সভানেত্ৰীগৰাকীৰ এনে পদক্ষেপক সকলোৱে আদৰণি জনাইছে।

18:59 March 28

ধেমাজিত উপায়ুক্তৰ কাৰ্যালয়ৰ প্ৰৱেশদ্বাৰকে ধৰি বিভিন্ন প্ৰান্তত চেনিটাইজেশ্যন

ধেমাজী চেনিটাইজেচন

ধেমাজি,28 মাৰ্চঃ  ধেমাজি জিলা প্ৰশাসনে শনিবাৰে ধেমাজি নগৰ সমিতি আৰু অগ্নি নিৰ্বাপক বাহিনীৰ সহযোগত ধেমাজি নগৰ উপায়ুক্তৰ কাৰ্যালয়ৰ প্ৰৱেশদ্বাৰকে ধৰি বিভিন্ন প্ৰান্তত চেনিটাইজেশ্যন কৰে ৷ এইক্ষেত্ৰত ধেমাজি জিলা অতিৰিক্ত উপায়ুক্ত যুগল ৰাজবংশীয়ে জনোৱা মতে নগৰখন আৰু অসামৰিক চিকিৎসালয়খন পৰিষ্কাৰ কৰি ৰখাৰ বাবে আজিৰ পৰা চেনিটাইজেশ্যন কৰা আৰম্ভ কৰিছে আৰু লকডাউন সময়ছোৱাত বিভিন্ন প্ৰান্তত অব্যাহত থাকিব ৷ ইপিনে এতিয়াৰে পৰা অকাৰণতে ঘৰৰ পৰা বাহিৰলৈ ওলাই অহা যিকোনো ব্যক্তিৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব বুলি মন্তব্য কৰে ৷

18:53 March 28

কামপুৰৰ ৰাজপথত একাংশ মহিলাই কৰিলে চেনিটাইজ

চেনিটাইজ কৰিছে মহিলাসকলে

নগাঁও, 28 মাৰ্চঃ  লকডাউনৰ মাজতে পুৱাই কামপুৰৰ ৰাজপথত একাংশ মহিলা ৷ পুৰুষৰ সমানে সমানে পথৰ দুয়োকাষে চেনিটাইজ কৰিছে মহিলাসকলে ৷ যি সময়ত সমগ্ৰ বিশ্বতে কৰ'ণা ভাইৰাছে মহামাৰী ৰূপ ধাৰণ কৰিছে,সেই সময়তে কিন্তু গভীৰ নিদ্ৰাত গাঁও পঞ্চায়তৰ জনপ্ৰতিনিধি সমূহ ৷ ফলত হাতত বাল্টি লৈ ওলাই আহিল কামপুৰ দক্ষিণ চাংচকী লখিমী গ্ৰাম্য সংগঠনৰ মহিলা সকল ৷ আত্মসহায়ক গোটৰ মহিলাসকলে কেইজনমান যুৱকক লগত লৈ নিজৰ গাঁওখনৰ লগতে অঞ্চলটোত যাতে কৰ'ণাৰ দৰে মাৰাত্মক ৰোগ বিয়পিব নোৱাৰে তাৰ বাবে ৰাজপথ আৰু বাসগৃহ সমূহত চেনিটাইজ কৰাৰ ব্যৱস্থা কৰিছে ৷ 

17:49 March 28

জনসেৱাৰ্থে নগাঁও আৰক্ষী

নগাঁও আৰক্ষী

নগাঁও,28 মাৰ্চঃ  লক ডাউন সমগ্ৰ দেশ। নিজৰ লগতে সমাজৰ সুৰক্ষাৰ স্বাৰ্থত লক ডাউন মানি নিজকে গৃহবন্দী কৰি ৰাখিছে দেশবাসীয়ে। এনে সময়তো চিকিৎসা সেৱা আৰু সংবাদ সেৱাৰ সৈতে জড়িত লোকসকলৰ লগতে প্ৰতিটো মুহূৰ্ত সষ্টম হৈ আছে আৰক্ষীৰ লোকো। আপোনাৰ মোৰ নিৰাপত্তাৰ দায়িত্বত থকা আৰক্ষীয়ে টহল দি ফুৰিছে ৰাজপথত। উপায়ন্তৰ হৈ বিভিন্ন স্থানত লাঠি চলাবলৈও বাধ্য হৈছে আৰক্ষী। বিনা কাৰণত টিঘিলঘিলাই ফুৰাজনৰ বিৰুদ্ধে কঠোৰ হৈছে আৰক্ষী। ইয়াৰ মাজতে অসম আৰক্ষীয়ে বিভিন্ন স্থানত দৰিদ্ৰ জনক সহায়ৰ হাত আগবঢ়াই দিছে মহানুভৱতাৰ পৰিচয়। নগাঁৱৰ জুৰীয়া আৰক্ষী থানৰ ভাৰপ্ৰাপ্ত বিষয়া মৃগেন শইকীয়াই যদি দুখীয়াক দিছে চাউল দাইল,আন ক'ৰবাত দিছে নগদ ধন। নিজ পৰিয়ালৰ কথা পাহৰি আপোনাৰ মোৰ সুৰক্ষাৰ বাবে কাম কৰিছে অসম আৰক্ষীয়ে ৷ নগাঁও আৰক্ষীৰ এই কাৰ্যক সকলোৱে শলাগ লৈছে ৷ 

17:11 March 28

চেনিটাইজ কৰা হ'ল বাক্সা জিলাৰ গোৰেশ্বৰৰ ৰাজপথ

বাক্সা, 28 মাৰ্চঃ  কৰ'ণাক ৰোধ কৰিবলৈ সাজু হোৱা স্বাস্থ্য বিভাগ আৰু জিলা প্ৰশাসনে ইতিমধ্যে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত ব্যৱসায়-বাণিজ্যিক,সদাব্যস্ত স্থান সমূহৰ লগতে ৰাজপথ আদি চেনিটাইজ কৰাৰ কাম আৰম্ভ কৰিছে। এই ক্ষেত্ৰত পিছুৱাই থকা নাই বাক্সা জিলা আপাতকালীন জৰুৰী বিভাগ ৷ শনিবাৰৰ পৰা কৰ'ণা ভাইৰাছ ৰোধৰ বাবে বৰমা মুছলপুৰ নিকাচী আদি অঞ্চল চেনিটাইজ কৰা পৰিলক্ষিত হৈছে। দেওবাৰেও জিলাখনৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত গোৰেশ্বৰ টাউনৰ লগতে গোৰেশ্বৰৰ দোকান পোহাৰো চেনিটাইজ কৰি বীজাণু মুক্ত কৰে বাক্সা জিলা আপাতকালীন জৰুৰী বিভাগে ৷ 

16:05 March 28

কোকৰাঝাৰ জিলা প্ৰশাসনৰ সুলভ মূল্যত শাক পাচলি যোগান

কোকৰাঝাৰ

কোকৰাঝাৰ, মাৰ্চ 28 : দেশজুৰি ল'ক ডাউনৰ আজি চুতৰ্থ দিন। প্ৰধানমন্ত্ৰীৰ আহ্বানক ৰাজ্যবাসীয়ে সমৰ্থন কৰিছে যদিও বহু সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া বহু লোকসকলে ৷ সেয়ে কোকৰাঝাৰবাসীক সাহায্য প্ৰদানৰ মানসিকতাৰে ওলাই আহিল কোকৰাঝাৰ জিলা প্ৰশাসন আৰু পৌৰসভা ৷ দেওবাৰে চহৰখনৰ প্ৰতিটো ওৱাৰ্ডত সুলভ মূল্যত শাক পাচলি যোগান ধৰে জিলা প্ৰশাসন আৰু পৌৰসভাই ৷ লগতে প্ৰতিদিনেই ৰাইজৰ সুবিধাৰ্থে চহৰখনৰ 10টা ওৱাৰ্ডত শাক-পাচলি যোগান ধৰা হ'ব বুলিও জানিবলৈ দিয়ে জিলা উপায়ুক্ত পাৰ্থপ্ৰতিম মজুমদাৰে ৷

Last Updated : Mar 28, 2020, 11:56 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.