ETV Bharat / state

ক’ভিড পৰিস্থিতিত ৰাজ্যৰ শৈক্ষিক ভৱিষ্যত সন্দৰ্ভত কি ভাবে ABSU য়ে ?

কোকৰাঝাৰত এবছুৰ সংবাদমেল ৷ ক’ভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিত ২০২১-২২ শিক্ষাবৰ্ষত ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যত সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি গৰাকীয়ে ৷ ইয়াৰোপৰি, ৰাজ্যৰ কেইবাটাও জটিল আৰু গুৰুত্বপূৰ্ণ সমস্যাৰ সন্দৰ্ভত এই সংবাদমেলযোগে মন্তব্য কৰে এবছু সভাপতি গৰাকীয়ে ৷

all bodo students union press meet on various issues of state
ক’ভিড পৰিস্থিতিত ৰাজ্যৰ শৈক্ষিক ভৱিষ্যত সন্দৰ্ভত কি ভাবে ABSU য়ে ?
author img

By

Published : Aug 17, 2021, 10:17 PM IST

কোকোৰাঝাৰ, ১৭ আগষ্ট : ক’ভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিত ২০২১-২২ শিক্ষা বৰ্ষত বৰ্ধিত হাৰত উত্তীৰ্ণ হৈছে ছাত্ৰ-ছাত্ৰী ৷ এই সকল যাতে কোনো কাৰণতে উচ্চ শিক্ষাৰ পৰা বঞ্চিত হ’বলগীয়া নহয় তাৰ বাবে পৰ্যাপ্ত ব্যৱস্থা কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনায় নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছু(ABSU)য়ে ৷ মঙলবাৰে, কোকৰাঝাৰস্থিত এবছুৰ কেন্দ্ৰীয় কাৰ্যালয় বডোফা ভৱনত আয়োজিত এক সংবাদমেলত এবছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি দ্বীপেন বড়োই কয় যে, এইবেলি ক’ভিড পৰিস্থিতিৰ মাজৰ মূল্যায়ণৰ ভিত্তিত হাইস্কুল শিক্ষান্ত পৰীক্ষা(HSLC)ত ৯৩% আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৯৮% শতাংশ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে ৷

ইয়াৰ প্ৰতি লক্ষ্য ৰাখি, চৰকাৰে প্ৰতিখন শিক্ষানুষ্ঠানকে ২০% শতাংশ আসন বৰ্ধিত কৰাৰ বাবে উপদেশ দিছে এবছুৱে ৷ কিন্তু শিক্ষানুষ্ঠানসমূহত আসনৰ সংখাক লৈ নিজাববীয়াকৈ অনুসন্ধান কৰি জনা মতে সেইখিনি আসনৰে পৰ্যাপ্ত নহ’ব বুলি জানিবলৈ দিয়ে এবছুৱে ৷ তাৰবাবে আসনৰ সংখ্যা আৰু বৃদ্ধি কৰি ছাত্ৰ-ছাত্ৰী সকলক আগলৈকে পঢ়িবৰ কাৰণে ব্যৱস্থা কৰিবলৈ চৰকাৰক আহ্বান জনায় ৷

ক’ভিড পৰিস্থিতিত ৰাজ্যৰ শৈক্ষিক ভৱিষ্যত সন্দৰ্ভত কি ভাবে ABSU য়ে ?

অকল আসন বৃদ্ধি কৰিলেই নহব ইয়াৰ লগে লগে শিক্ষকৰ খালী হৈ থকা পদসমূহত এবছৰ বাবে হ’লেও শিক্ষকক অস্থায়ীভাৱে নিযুক্তি দি, শ্ৰেণী কোঠাও অস্থায়ীভাৱে নিৰ্মাণ কৰিব লাগিব বুলি কয় দ্বীপেন বড়োই ৷

ইয়াৰোপৰি, ইয়াৰ বিকল্প ব্যৱস্থা হিচাবে পূৰ্বতে যেনেকৈ ৰাতিপুৱা আৰু বিয়লি ভাগত ক্লাছ হৈছিল তেনেধৰণৰ ব্যৱস্থা কৰিবলৈও ৰাজ্যৰ শিক্ষামন্ত্ৰীক আহ্বান জনায় সংগঠনটোৱে ৷ অপ্ৰাদেশীকৃত উচ্চতৰ মাধ্যমিক আৰু মহাবিদ্যালয় সমূহৰ আসন বৃদ্ধি কৰাৰ ক্ষেত্ৰত কিছু আৰ্থিক সমস্যাৰ সন্মুখীন হ’ব ৷ তেনেবোৰ শিক্ষানুষ্ঠনক এককালীনভাৱে আৰ্থিক অনুদান দিয়াৰ বাবেও চৰকাৰক আহ্বান জনায় এবছুৰ সভাপতি গৰাকীয়ে ৷

বিশেষকৈ অতি পিছপৰা তথা দুৰ্গম অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকল যাতে নামভৰ্তি কৰাৰ পৰা বঞ্চিত নহয় তাৰবাবে বিশেষভাৱে গুৰুত্ব দিবলৈ চৰকাৰ তথা শিক্ষানুষ্ঠানৰ কৰ্তৃপক্ষক অনুৰোধ জনায় ছাত্ৰ নেতাগৰাকীয়ে ৷ এই সন্দৰ্ভত শিক্ষা মন্ত্ৰীক অচিৰেই এখন স্মাৰকপত্ৰ প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে এবছুৰ সভাপতি গৰাকীয়ে ৷

আনহাতে, প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ অধীনত বিটিআৰৰ চাৰিখন জিলা আৰু কাৰ্বিআংলং আৰু পশ্চিম কাৰ্বিআংলং জিলাত অৰ্থাৎ ষষ্ঠ অনুসুচীত এলেকাৰ হিতাধিকাৰীসকল এই প্ৰাপ্য ধনৰ পৰা বঞ্চিত হৈছে বুলি সংবাদমেলত অভিযোগ কৰে এবছুৰ সভাপতি গৰাকীয়ে ৷ এপ্ৰিল, মে’, জুন আৰু জুলাই মাহকে ধৰি চাৰি মাহলৈকে কোনো ধৰণৰ অনুদান লাভ কৰা নাই হিতাধিকাৰীসকলে ৷ বৰঞ্চ ইয়াৰ বিপৰীতে প্ৰমাণপত্ৰ সমূহত ৰঙা চিন দি "ন" বুলি কিহৰ বাবে লিখি দিয়া হৈছে তাক স্পষ্ট কৰি দিয়াৰ বাবে চৰকাৰক তেওঁ অনুৰোধ জনায় ৷

ভূটানে কুৰিশ্বু নদীৰ বান্ধ এৰি দিয়াৰ ফলত আই নদীৰ বাঢ়নি পানীয়ে বিস্তীৰ্ণ অঞ্চল বুৰাই পেলোৱাৰ ফলত বহু ৰাইজ ক্ষতিগ্ৰস্ত হোৱা বুলি উল্লেখ কৰি ইয়াৰ বাবে অসম ভাৰত চৰকাৰক ব্যৱস্থা লোৱাৰ বাবে আহ্বান জনায় ৷ ভুটানে বান্ধৰ পানী এৰি দিয়াৰ আগত এবাৰ হ’লেও ভাৰত চৰকাৰ অসম চৰকাৰৰ লগত আলোচনা কৰা উচিত বুলি উল্লেখ কৰি এইক্ষেত্ৰত দুয়োখন চৰকাৰকে পদক্ষেপ ল’বলৈ আহ্বান জনায় ছাত্ৰ নেতা গৰাকীয়ে ৷ এই সংবাদমেলত সংগঠনটোৰ শিক্ষা বিভাগৰ সম্পাদক সৌমসাৰ বসুমতাৰী আৰু অধ্যক্ষ জনক উজীৰো উপস্থিত আছিল ৷

লগতে পঢ়ক : মইনাপুখুৰীক পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তুলিব বিটিআৰ চৰকাৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.